ETV Bharat / state

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত জিৰিবাম আৰু কাছাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক - Manipur violence

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 11:05 AM IST

Manipur violence: মণিপুৰৰ শৰণাৰ্থীসকলে কাছাৰত দীৰ্ঘদিন ধৰি বাহৰ পাতি আছে । শৰণাৰ্থীৰ বিষয়ক লৈ সীমান্তৰ জিৰিঘাট আৰক্ষী চকীত জিৰিবাম আৰু কাছাৰ জিলা প্ৰশাসনৰ মাজত বৈঠক । জিৰিবামৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে শৰণাৰ্থীসকলক নিজ নিজ ঘৰলৈ যোৱাৰ পৰামৰ্শ প্ৰশাসনৰ ।

Manipur violence
মণিপুৰৰ জিৰিবাম আৰু অসমৰ কাছাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat)

শিলচৰ, ২৫ জুন: মণিপুৰত জাতিগত সংঘৰ্ষৰ পিচতে কাছাৰ জিলাত বহু শৰণাৰ্থীয়ে ভিৰ কৰা দেখা গৈছিল । যাক লৈ বিভিন্ন মহলত চৰ্চাও অব্যাহত আছে । তাৰ মাজতে অসম আৰু মণিপুৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক । মণিপুৰৰ জিৰিবামৰ শেহতীয়া পৰিস্থিতিক লৈ কাছাৰৰ জিৰিঘাট আৰক্ষী চকীত জিৰিবাম আৰু কাছাৰ জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় এই বৈঠক ।

এই বৈঠকত উপস্থিত থাকে কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমাল মাহাত্তা আৰু মণিপুৰৰ জিৰিবাম জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত মনোৰঞ্জন টকচম আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক থমাছ টকচম উপস্থিত থাকে ৷

লগতে পঢ়ক : অগ্নিগৰ্ভা মণিপুৰৰ জিৰিবাম আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ বৈঠক - Assam Manipur Border Situation

উল্লেখ্য যে, অসম-মণিপুৰ সীমান্তত থকা জিৰিবামত যোৱা কিছুদিন ধৰি গোষ্ঠী সংঘৰ্ষৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ গোষ্ঠী সংঘৰ্ষৰ পিচত আতংকিত হৈ জিৰিবাম এৰি কাছাৰত আহি আশ্ৰয় লৈছিল মণিপুৰৰ শতাধিক লোকে । এনে পৰিস্থিতিত সীমান্তত অঞ্চলত কাছাৰ জিলা প্ৰশাসনে যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

যাৰ বাবে সীমান্ত অঞ্চলত শান্তি সম্প্ৰতি বজাই ৰখাৰ লগতে বিভিন্ন বিষয়ত কাছাৰৰ জিৰিঘাটত দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলে বৈঠকত অংশ লয় । বৈঠকৰ অন্তত কাছাৰ আৰু জিৰিবামৰ বিষয়াসকলে উল্লেখ কৰা মতে জিৰিবামৰ পৰিস্থিতি সম্প্ৰতি কিছু নিয়ন্ত্ৰণলৈ আহিছে ৷

লগতে পঢ়ক: মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

জিৰিবামৰ পৰা কাছাৰত আহি আশ্ৰয় লোৱা লোকসকলক প্ৰশাসনে এতিয়া নিজ নিজ ঘৰলৈ উভতি যোৱাৰ আহ্বান জনাইছে । কাছাৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মতে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া শৰণাৰ্থীসকলে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে । এনে পৰিস্থিতিত লোকসকলক সম্পূৰ্ণ সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়া হৈছে ।

লগতে পঢ়ক : কাছাৰত পুনৰ জিৰিবামৰ শৰণাৰ্থীৰ ভিৰ - Manipur Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.