গোলাঘাট, ৫ আগষ্ট: গোলাঘাটৰ এগৰাকী চতুৰ জীৱিকা সখীৰ কৰ্মকাণ্ডই এতিয়া চকু কঁপালত তুলিছে গোলাঘাটবাসীৰ । প্ৰায় ৩০ টাকৈ মহিলা আত্মসহায়ক গোটৰ লাখ লাখ টকা আত্মসাৎ কৰি পলাতক হৈ আছে ধুৰন্ধৰ জীৱিকা সখীগৰাকী । যাৰ ফলত অভিযুক্ত জীৱিকা সখীৰ ঘৰ সোমবাৰে ঘেৰাও কৰিলে শ শ মহিলাই ।
এইগৰাকী সখীক বিশ্বাস কৰি বিপদত পৰিছে এতিয়া এইসকল মহিলা । সখীগৰাকীৰ নাম প্ৰাৰ্থনা পাচনী কোঁৱৰ । গোলাঘাটৰ শ শ মহিলাৰ টোপনি নাইকীয়া কৰা এইগৰাকী বাইদেউৰ কৰ্মকাণ্ডই তোলপাৰ লগাইছে গোলাঘাটত । অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধীনত কঁঠালগুৰি ব্লকৰ অন্তৰ্গত ৩০টা গোটৰ পৰা এইগৰাকী জীৱিকা সখী প্ৰাৰ্থনা পাচনী কোঁৱৰে আত্মসাৎ কৰিলে প্ৰায় ১০ লক্ষাধিক টকা ।
লগতে পঢ়ক: জীৱিকা সখীয়ে ধন আত্মসাৎ কৰাক লৈ উত্তাল গোলাঘাট - Allegation Against Jeevika Shakhi
স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে গোট গঠন কৰি খাটিখোৱা গ্ৰামাঞ্চলৰ মহিলাসকলে গোটে প্ৰতি ৫০ হাজাৰ টকাকৈ ঋণ লৈছিল ৷ ইয়াৰ পাচত জীৱিকা সখী প্ৰাৰ্থনা পাচনী কোঁৱৰে গোটৰ মহিলাসকলক বেংকৰ কিস্তি মাহে মাহে বেংকত জমা দিবলৈ যোৱাৰ পৰিবৰ্তে কৌশলেৰে তেওঁৰ হাতত জমা দিবলৈ ক’লে ৷ এই অনুসৰি ২০২১ বৰ্ষৰে পৰা ৩০ টা আত্মসহায়ক গোটৰ ১০ লাখ টকা বেংকত জমা দিয়াৰ পৰিবৰ্তে তেওঁ আত্মসাৎ কৰি আহিছিল ।
ইফালে বেংকত কিস্তিৰ ধন জমা নোহোৱাত গোটসমূহলৈ বেংকৰ পৰা জাননী প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পাচতেই পোহৰলৈ আহে সখীয়ে কিদৰে প্ৰবঞ্চনা কৰি বিপদত পেলালে মহিলাসকলক । ইফালে প্ৰবঞ্চনাৰ বলি হোৱা গোটসমূহৰ মহিলাসকলে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ গোলাঘাটৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে যদিও সুফল লাভ নকৰাত দেওবাৰে মাজ খুমটাইত থকা প্ৰাৰ্থনা পাচনী কোঁৱৰৰ ঘৰ ঘেৰাও কৰি উত্তাল কৰে । ইয়াৰ পিচত তেওঁলোকে কমাৰবন্ধা আৰক্ষী চকীত জীৱিকা সখী প্ৰাৰ্থনা পাচনী কোঁৱৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।