ETV Bharat / state

ৰঙিয়াত ইস্তেমাত অগণন লোকৰ সমাগম

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 2:24 PM IST

Islamic programme Ijtem : ৰঙিয়াৰ শৌলমাৰীৰ পথাৰলৈ আহিছে লাখ লাখ ধৰ্মপ্ৰাণ ৰাইজ । ৮ খন জিলাৰ পৰা আহিছে ইস্তেমালৈ । ইস্তেমাৰ বাবে ৰাইজে আগবঢ়াইছে ৬০ হাজাৰ ডাল বাঁহ ।

Ijtema in Assam
ৰঙিয়াৰ শৌলমাৰীৰ পথাৰ
ৰঙিয়াৰ শৌলমাৰীৰ পথাৰ

ৰঙিয়া, ১৪ ফ্ৰেব্ৰুৱাৰী : তিনিদিনীয়া কাৰ্যসূচীৰ ৰঙিয়াত অনুষ্ঠিত হোৱা ইস্তেমাত সমাগম হৈছে অগণন লোকৰ । লোকাৰণ্য হৈ পৰিছে ৰঙিয়াৰ শৌলমাৰীৰ পথাৰ । দ্বিতীয় দিনাও ব্যাপক হাৰত উপস্থিত হয় ৮ খন জিলাৰ ধৰ্মপ্ৰাণ ৰাইজ । পুৱতি নিশাই ফজিৰৰ নমাজৰ পূৰ্বে আহি ইস্তেমাত অংশগ্ৰহণ কৰিছে লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে।

উল্লেখ্য যে, অসমৰ ৭ খন জিলাৰ আৰু শ্বিলঙৰ এখন জিলাৰ ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিব এই ইস্তেমাত । দিল্লীৰ নিজামুদ্দিনৰ ৬ গৰাকী ধৰ্মগুৰু আৰু অসমৰ কেইবাগৰাকীও ধৰ্মগুৰুৱে জ্ঞানৰ পোহৰ বিলাব ইস্তেমাতত অংশগ্ৰহণ কৰা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ।

লগতে ধৰ্ম বিৰোধী কাৰ্য, সমাজ বিৰোধী কাৰ্য, আইন বিৰোধী কাৰ্যৰ লগতে অনৈতিক কাৰ্য, মদ, ড্ৰাগছ, নিচা জাতীয় দ্ৰব্য আদিৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ ওপৰত বক্তব্য় আগবঢ়াব ধৰ্ম গুৰুসকলে । ইফালে ইস্তেমাতৰ সময়চোৱাত যান-জঁটৰ সৃষ্টি নহ'বলৈ দুই সহস্ৰাধিক স্বেচ্ছাসেৱকে যান-বাহন নিয়ন্ত্ৰণ কৰিছে ‌। লগতে ইস্তেমাত অংশগ্ৰহণ কৰিবলৈ অহা লোকসকলৰ বাবে বিনামূলীয়া থকা, খোৱাৰ ব্যৱস্থা কৰিছে আয়োজকসকলে ।

উল্লেখ্য় যে, ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত ইস্তেমাৰ বাবে ৰাইজে আগবঢ়াইছে ৬০ হাজাৰ ডাল বাঁহ, গাড়ীয়ে গাড়ীয়ে ধানৰ নৰা । প্ৰায় ৫০০ বিঘাৰ বৃহৎ পথাৰত নিৰ্মাণ কৰা হৈছে মণ্ডপ । অসমৰ কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, দৰং, বাক্সা, দক্ষিণ কামৰূপ আৰু আৰু শ্বিলঙৰ পৰা প্ৰায় ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিব ধৰ্মীয় সভাখনত ।

অন্তিম দিনা অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীৰ দিনাখন ইস্তেমাৰ অন্ততঃ ১০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব আল্লাহৰ ওচৰত ।

লগতে পঢ়ক : কাকজানত আৰম্ভ তিনিদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ ইস্তেমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.