ETV Bharat / state

গুৱাহাটীৰ বানপানী প্ৰতিৰোধ সম্ভৱনে ? কি কয় বিশেষজ্ঞ অভিযন্তাই ? - Guwahati Artificial Flood

Guwahati Flash Flood : মেঘে গাজনি মাৰিলেই গুৱাহাটী মহানগৰীৰ বাসিন্দাৰ কঁপি উঠে বুকু । কাৰণ এজাক বৰষুতেই ডুব যায় 'স্মাৰ্ট চিটি'। স্তব্ধ হৈ পৰে জনজীৱন । বৰুণ দেৱতাৰ কোপদৃষ্টিৰ বাবে নে আন কোনো বিশেষ কাৰণত সৃষ্টি হয় এই ভয়ংকৰ কৃত্ৰিম বানৰ ।

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 9:27 PM IST

Guwahati Flash Flood
গুৱাহাটী মহানগৰীত কৃত্ৰিম বান (ER. JN Khataniar)

গুৱাহাটী, ১০ আগষ্ট: যোৱা ৫ আগষ্টত এজাক মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ কৃত্ৰিম বানত স্তব্ধ হৈ পৰে গুৱাহাটী মহানগৰী । প্রায় এঘণ্টাধৰি হোৱা বৰষুণত মহানগৰীৰ জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে । মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল একাঠুৰ পৰা এবুকু পর্যন্ত বানত বুৰ যায় । মূল পথৰ উপৰি অধিকাংশ উপ-পথ, দোকান-পোহাৰ, বিভিন্ন চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠান, আৱাস পানীত বুৰ যোৱাৰ লগতে অভাৱনীয় যানজঁটৰ ফলত মহানগৰীত এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।

স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী, অফিচ-কাছাৰী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, পথিক ঘণ্টাৰ পাছত ঘণ্টাজুৰি আবদ্ধ হৈ পৰে । গুৱাহাটীৰ এই বানপানীৰ সমস্যাই ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে । এই বানপানীৰ সমস্যাৰ কাৰণ আৰু সমাধান সন্দৰ্ভত বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে আগবঢ়াই কেতবোৰ বিজ্ঞানসন্মত পৰামৰ্শ আৰু উপায় ।

বিশেষজ্ঞৰ মতে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ কাৰণ :

বিশেষজ্ঞ অভিযন্তা জে এন খাটনিয়াৰে গুৱাহাটীৰ বানপানীৰ সমস্যা সন্দৰ্ভত কয়," গুৱাহাটীত ১৮ খন পাহাৰ আছে । এইবোৰত অবৈধভাৱে মানুহৰ বসতি স্থাপন‌ হৈছে । অবিজ্ঞানসন্মতভাৱে পাহাৰৰ মাটি খনন‌ কৰি জধেমধে নিৰ্মাণ কাৰ্য হৈছে । পাহাৰৰ পৰা এনেদৰে নামি অহা বৰষুণৰ পানীয়ে গুৱাহাটীত বানপানীৰ সমস্যা জটিল কৰিছে । নলা চাফা কৰিলেও পৰিত্ৰাণ পোৱা নাযায় ।"

তেওঁ লগতে কয়," ইপিনে, মেঘালয়ত ইউ এছ টি এম শিক্ষাপ্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ নামত জধেমধে পাহাৰ খনন কৰা হৈছিল । যাৰ বেয়া প্ৰভাৱ গুৱাহাটীত পৰিছে ।" খাটনিয়াৰে লগতে কয় যে গুৱাহাটীৰ মাষ্টাৰ প্লেনত নাই মহানগৰীৰ নলা সন্দৰ্ভত কোনো নক্সা, কোনো আছুতীয়া পৃষ্ঠা । গুৱাহাটীৰ একাংশ নলা বেদখল আৰু বন্ধ হৈ থকা আদি কামৰ বাবে গুৱাহাটীৰ বানপানীৰ সমস্যা অধিক জটিল হৈছে ।

গুৱাহাটীৰ বানপানীৰ সমাধানৰ তিনিটা গুৰুত্বপূৰ্ণ পৰামৰ্শ :

বিশিষ্ট অভিযন্তা গৰাকীয়ে গুৱাহাটীৰ বানপানীৰ সমস্য়া সমাধানৰ তিনিটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই কয়," গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মহানগৰীৰ দুঠাইত বৰষুণৰ পানী জমা কৰাৰ বাবে বৃহৎ পুখুৰী নিৰ্মাণ কৰিব লাগিব । এই সন্দৰ্ভত তেওঁ উল্লেখ কৰা‌ মতে, মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানী জমা কৰাৰ বাবে অসম-মেঘালয় সীমান্তত এটা বৃহৎ‌ পুখুৰী নিৰ্মাণ কৰা প্ৰয়োজন । এই পুখুৰীত জমা হোৱা বৰষুণৰ পানী পাহাৰৰ কাষেৰে নলা নিৰ্মাণ কৰি দীপৰ বিলত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব । দীপৰ বিলৰ পৰা পানীখিনি খানাজান নদীৰে ব্ৰহ্মপুত্ৰত পেলাব লাগিব । আকৌ আন এটা পুখুৰী জু-ৰোডৰ দূৰদৰ্শনৰ কাৰ্যালয়টো অন্য ঠাইত স্থানান্তৰ কৰি সেই ঠাইতে নিৰ্মাণ কৰিব লাগিব ।

আনহাতে, চানমাৰিৰ পাহাৰৰ পৰা নামি অহা পানী জমা কৰাৰ বাবে পাহাৰৰ কিছু ওখ ঠাইত সৰু পুখুৰী নিৰ্মাণ কৰিব লাগিব । তাৰ পানী নিৰ্দিষ্ট পাইপেৰে গুৱাহাটীৰ ৰে'ল আলিৰ কাষেৰে যোৱা নলাটো ভালকৈ নিৰ্মাণ কৰি তাত পেলাব লাগিব । এই বোন্ধাজান সংযোগী নলাটো বৰষুণৰ পানী বহন কৰিব পৰাকৈ নিৰ্মাণ কৰিব লাগিব ।

ইপিনে, ভৰলু নদীৰ গাৰ্ড ৱালৰ ওপৰেৰে পাইপ স্থাপন‌ কৰিব লাগিব । এই পাইপেৰে অতিৰিক্ত বৰষুণৰ পানী ভৰলুমুখত ভৰলু নদীৰ শ্লুইছ গেট বন্ধ থাকিলেও ব্ৰহ্মপুত্ৰত পেলাব পৰা যাব । এনেধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা কৰি বৰ্তমানৰ ব্যৱস্থাসমূহকে উন্নত কৰি গুৱাহাটীৰ বান সমস্যাক সমাধান কৰিব পৰা যাব বুলি তেওঁ সদৰী কৰে । খাটনিয়াৰে কয়,"এই‌ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা লাগিব । কঠোৰ ভূমিকা ল'ব লাগিব । আকৌ মেঘালয় চৰকাৰৰ লগত আলোচনা কৰিব লাগিব । গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰা কঠিন, কিন্তু অসম্ভৱ নহয় । "

লগতে পঢ়ক:যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয় - Guwahati Artificial Floods

পুনৰ কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁট গুৱাহাটী মহানগৰীত - Guwahati Artificial Flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.