তেজপুৰ, ৮ ছেপ্টেম্বৰ : অশান্ত জৰ্জৰিত মণিপুৰত পুনৰ সাধাৰণ জনজীৱন সম্পূৰ্ণ বন্ধ হৈ পৰিছে । যোৱা এসপ্তাহত ৰকেট আক্ৰমণ আৰু ড্ৰোণৰ দ্বাৰা বোমা বিস্ফোৰণৰ ঘটনাই ৰাজ্যখনক অস্থিৰ কৰি ৰাখিছে । শুকুৰবাৰেও সন্দেহজনক কুকি বিদ্ৰোহীয়ে চলোৱা ড্ৰোণ আৰু স্নাইপাৰৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী ১২ বছৰীয়া কিশোৰীকে ধৰি আন ৯ গৰাকী লোক আহত হয় । এই হিংসাত্মক ঘটনাত সাধাৰণ লোকৰ মৃত্যু হৈছে ।
![Manipur Crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-09-2024/as-tezpur-03-7sept-audiointerview-manipur-pranabkumardas-7203907_07092024190812_0709f_1725716292_85.jpg)
- মেইটেই অধ্যুষিত অঞ্চলত আক্ৰমণ
মণিপুৰত পুনৰ এনে ঘটনা সন্দৰ্ভত স্থানীয় ব্যক্তি হিচাপে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বাৰ্তাত কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ।
মেঘাচন্দ্ৰই কয়, "মণিপুৰত পুনৰ নতুন সংঘাত আৰম্ভ হৈছে । অত্যাধুনিক ৰকেট, ড্ৰোণ আৰু স্নাইপাৰৰ জৰিয়তে কুকি অধ্যুষিত পাহাৰীয়া অঞ্চলৰ পৰা মেইটেই অধ্যুষিত অঞ্চললৈ এই আক্ৰমণ কৰা হৈছে । বিগত ১ ছেপ্টেম্বৰৰ পৰা এই নতুন আক্ৰমণ আৰম্ভ কৰিছে সন্দেহজনক কুকি উগ্ৰপন্থীয়ে । ৰকেট চালিত গ্ৰেনেড নিক্ষেপ কৰা হৈছে, এনেধৰণৰ ৰকেট আক্ৰমণ ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ ভিতৰত কেনেদৰে সম্ভৱ ?"
![Manipur Crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-09-2024/as-tezpur-03-7sept-audiointerview-manipur-pranabkumardas-7203907_07092024190812_0709f_1725716292_318.jpeg)
- সম্পূৰ্ণ বিফল চৰকাৰ
চৰকাৰৰ ভূমিকা সন্দৰ্ভত কেইশামে উদ্বেগ প্ৰকাশ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ এই পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে । তেওঁ কয়, "ৰাজ্যখন অস্থিৰ হৈ থকা সময়ত মুখ সচিব এমাহৰো অধিক সময় ধৰি ছুটীত আছে । দিল্লীৰ পৰাই অনলাইনত ৱৰ্ক ফ্ৰম হোমৰ জৰিয়তে ৰাজ্যৰ কাম চলাই আছে ।"
ৰাজ্যখনৰ এনে পৰিস্থিতিত এগৰাকী মুখ্য সচিবে কেনেদৰে এনেদৰে ছুটী লৈ বহি থাকিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে । সিঙে উল্লেখ কৰা মতে ৰাজ্যখনত অত্যাধুনিক ৰকেট বোমা বিস্ফোৰণ আৰু গুলীয়াগুলি চলি থকাৰ সময়ত এগৰাকী পৃথক ৰাজ্যপাল নাই । অসমৰ ৰাজ্যপালে মণিপুৰৰো দায়িত্ব পালন কৰি আছে । মুখ্য সচিব নোহোৱাকৈয়ে চলি আছে অস্থিৰ মণিপুৰৰ আইন শৃংখলা পৰিস্থিতি ।
![Manipur Crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-09-2024/as-tezpur-03-7sept-audiointerview-manipur-pranabkumardas-7203907_07092024190812_0709f_1725716292_339.jpeg)
- মণিপুৰৰ হিংসাত তৃতীয় শক্তিৰ সহযোগ
মেঘাচন্দ্ৰই কয়, "মণিপুৰৰ এই অস্ত্ৰ শস্ত্ৰ ক্ৰয় আৰু নিৰ্মাণৰ আঁৰত তৃতীয় শক্তি ক্ৰমে আমেৰিকা আৰু চীনৰ ভূমিকা আছে । কেন্দ্ৰীয় চৰকাৰে সকলো জানিও নীৰৱ ভূমিকা পালন কৰিছে । বৈদেশিক মন্ত্ৰী এছ জয় শংকৰৰ বৈদেশিক বিভাগ সম্পূৰ্ণ নিমাত হৈ থকাটোৱে সেইটোকে বুজায় । কিয়নো কেন্দ্ৰীয় চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও এই বিষয়ে স্পষ্টকৈ কৈছে যে এই অশান্তিৰ আঁৰত তৃতীয় শক্তি জড়িত ।" মেঘাচন্দ্ৰই উল্লেখ কৰা মতে এই বিষয়টো সংসদৰ মজিয়াতো উত্থাপন কৰা হৈছে ।
- প্ৰধানমন্ত্ৰীক সমালোচনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি সিঙে পুনৰ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল পেলেষ্টাইন যুদ্ধৰ বিষয়ে আলোচনা কৰে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে মধ্যস্ততা কৰে কিন্তু দেশৰ ভিতৰতে এখন ৰাজ্যত ৰাছিয়া ইউক্ৰেইনৰ দৰে সংঘৰ্ষৰ সৃষ্টি হৈছে ।"
মণিপুৰে এই হিংসাত্মক ঘটনাৰ সন্মুখীন হোৱাৰ কাৰণ ম্যানমাৰৰ পৰা হোৱা অনুপ্ৰৱেশকাৰী আৰু সম্ভৱতঃ আমেৰিকাৰ পৰা অহা বিশেষজ্ঞ আৰু ধনৰ দ্বাৰা কুকি উগ্ৰপন্থীয়ে অঞ্চলটোত অত্যাধুনিক অস্ত্ৰ নিৰ্মাণৰ ইউনিট স্থাপন কৰিছে আৰু ইয়াৰ ভিডিঅ' ভাইৰেল হৈছে বুলিও তেওঁ অভিযোগ কৰে ।
উল্লেখ্য যে, দৈনিক ৫০ হাজাৰৰো অধিক অৰ্ধসামৰিক বাহিনীয়ে অনুসন্ধান চলাই থকাৰ পিচতো সন্দেহজনক উগ্ৰপন্থীয়ে নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ চলাবলৈ উন্নত অস্ত্ৰ উৎপাদন আৰু ব্যৱহাৰ কৰি আহিছে বুলি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাইছে ।
তেওঁ উল্লেখ কৰা মতে মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে (COCOMI) বৰ্ধিত হিংসাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন ঘোষণা কৰিছে । একেদৰে ৰাজ্য চৰকাৰেও বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰিছে ।
লগতে পঢ়ক :পুনৰ জ্বলিছে মণিপুৰ : বোমা বিস্ফোৰণত কেবাগৰাকী লোকৰ মৃত্যু - Manipur crisis