ETV Bharat / state

আইপিএল জুৱাৰী বিকাশ বেৰিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ - IPL gambling case - IPL GAMBLING CASE

IPL Gamblers in Tinsukia : আই পি এলৰ জুৱাৰ সদাগৰ বিকাশ বেৰিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ ঘটনাটোৰ তদন্তত ED আৰু ইনকাম টেক্সে সঁহাৰি প্ৰদান কৰে ৷

IPL Gamblers In Tinsukia
আৰক্ষীৰ জিম্মাত বিকাশ বেৰিয়াৰ বিস্ফোৰক তথ্য... (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 8:09 PM IST

তিনিচুকীয়া, 10 মে’: আই পি এলৰ জুৱাৰ সদাগৰ বিকাশ বেৰিয়াক যোৱা 26 এপ্ৰিলত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ পাচতে পোহৰলৈ আহিছে বহু গোপন তথ্য । তিনিচুকীয়া সদৰ আৰক্ষী থানাত 122/24 নম্বৰত এক গোচৰ ৰুজু কৰাৰ পাচতে প্ৰথমে 19 এপ্ৰিলত সুপ্ৰিত বিশ্বাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

তাৰ পিচতে ক্ৰমান্বয়ে বিকাশ বেৰিয়া আৰু নিখিল আগৰৱালাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে তিনিটাকৈ বাসগৃহত অভিযান চলাই প্ৰায় 83 লাখকৈ অধিক ধন জব্দ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত বহু তথ্যও লাভ কৰে ৷

ইয়াৰ পিচতে অধিক তথ্যৰ সন্ধানত ED আৰু আয়কৰ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে । ইতিমধ্য়ে পত্ৰখনৰ প্ৰতি ED আৰু আয়কৰ বিভাগে সঁহাৰি জনাইছে বুলি শুকুৰবাৰে আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰে ।

উক্ত গোচৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে বিকাশ বেৰিয়াসহ আন দুজনক আটক কৰাৰ লগতে বৃহৎ সংখ্যক ধন উদ্ধাৰ কৰিছিল ৷ নিখিল আগৰৱাল নামৰ লোকজনৰ পৰ্বতীয়াস্থিত বাসগৃহত 62 লাখ টকা জব্দ কৰাৰ পাচতে আৰক্ষীয়ে লাভ কৰিছিল আন কেতবোৰ তথ্য ৷

আৰক্ষীয়ে সদৰি কৰা কৰা অনুসৰি, বিকাশ বেৰিয়াৰ জুৱাৰ ধন জমা ৰাখিছিল নিখিল আগৰৱালাই । কিন্তু আই পি এল জুৱাৰ সৈতে হৱালাৰ সম্পৰ্ক আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷

আনহাতে, বিকাশ বেৰিয়াৰ ভাতৃ নীতিন আগৰৱালা আই পি এল জুৱাৰ অন্যতম মাষ্টাৰ মাইণ্ড বুলি আৰক্ষীয়ে তথ্য লাভ কৰে ৷ অৱশ্যে নীতিন আগৰৱালা সহ বেৰিয়া এণ্ড টীমৰ সদস্যসকল এইপৰ্যন্ত পলাতক হৈ আছে ৷ আৰক্ষীয়ে সকলোকে আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কাৰো শুংসূত্ৰ লাভ কৰা নাই ৷

উল্লেখ্য যে, ই ডি আৰু আয়কৰ বিভাগে এইক্ষেত্ৰত সঁহাৰি জনোৱাৰ পাচতে তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যখনত ব্যাপক তোলপাৰ লাগিছে । পৰৱৰ্তী সময়ত ই ডি আৰু আয়কৰ বিভাগৰ তদন্তত এই ঘটনাৰ বহু গোপন ৰহস্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: আদালতত জুৱাৰ সম্ৰাট বিকাশৰ মুখ থেকেচা - IPL Gamblers In Tinsukia

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.