ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন - মাতৃভাষা দিৱস

International Mother Language Day : তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া আৰু হিন্দী বিভাগৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক মাতৃভাষা দিৱস ৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক, সাহিত্যিক, সমালোচক ড৹ আনন্দ বৰমুদৈ ৷

International Mother Language Day
তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:29 PM IST

তেজপুৰ, 21 ফেব্ৰুৱাৰী : 'নিৰ্দিষ্ট ভাষা একোটাৰ মানুহখিনিয়ে সংশ্লিষ্ট ভাষাটোৰ সমৃদ্ধি আৰু বিকাশৰ বাবে নিজা প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব ৷ উৎকৃষ্ট সাহিত্য আৰু জ্ঞানৰ ভেটি সৃষ্টি কৰি, অতিৰিক্ত পৰিশ্ৰমৰ যোগেদি ভাষা সমৃদ্ধিৰ হেতু কাম কৰাৰ প্ৰয়োজন ৷' সমগ্ৰ বিশ্বৰ সমান্তৰালভাবে আজি তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া আৰু হিন্দী বিভাগৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ উদ্বোধনী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে মাতৃভাষাৰ বিকাশৰ বাবে সকলোকে আন্তৰিকতাৰে আগবাঢ়ি আহিবলৈ এইদৰে আহ্বান জনায় ৷

International Mother Language Day
ই-আলোচনী কিশলয় উন্মোচন

বৰ্তমানৰ বিশ্বায়নৰ যুগত সাংস্কৃতিক বৈচিত্ৰ্য আৰু বহুত্ববাদে কঢ়িয়াই অনা প্ৰত্যাহ্বান সমূহৰ সৈতে মুখামুখি হ’বলৈ নিজকে সাজু কৰাৰ উপৰিও সকলো ভাষা আৰু সংস্কৃতিৰ প্ৰতি সন্মান বজাই ৰখাৰ ওপৰত উপাচাৰ্যগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷ গণতন্ত্ৰতহে বহুত্ববাদ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সহাৱস্থান সম্ভৱ বুলি লগতে উল্লেখ কৰি ড৹ সিঙে কোনো ভাষা আনৰ ওপৰত জাপি দিব নালাগে বুলিও লগতে মন্তব্য কৰে ৷

International Mother Language Day
আন্তৰ্জাতিক মাতৃভাষা দিৱস

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক, সাহিত্যিক, সমালোচক ড৹ আনন্দ বৰমুদৈ ৷ তেওঁ মাতৃভাষাই নিজৰ সাংস্কৃতিক আৰু পাৰিবাৰিক শিপাৰ সৈতে গভীৰ সংযোগ স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি ভাষণত কয় যে ব্যক্তিৰ সামগ্ৰিক ব্যক্তিত্বৰ বিকাশত মাতৃভাষাৰ গুৰুত্ব অপৰিসীম ৷ ভাষা কেৱল যোগাযোগৰ আহিলা নহয় বৰঞ্চ ই মানুহৰ পৰিচয় বুলি মন্তব্য কৰি ভাষা যিহেতু সাংস্কৃতিক মূল্যবোধ আৰু পৰম্পৰাৰ সৈতে জড়িত সেয়ে মাতৃভাষাই সামগ্ৰিক সু - ব্যক্তিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি লগতে উল্লেখ কৰে ৷

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ জৰাম য়ালম নাবামে ভাষাসমূহ পৰম্পৰাগত জ্ঞান আৰু অন্যান্য ৰীতি-নীতিৰ বাহক বুলি উল্লেখ কৰি ভাষণত জনজাতীয় ভাষাসমূহ সংৰক্ষণ কৰাটো সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যৰ বাবে অতি জৰুৰী বুলি মন্তব্য কৰে ৷ মানৱিকীবিদ্যা আৰু সমাজবিজ্ঞান বিদ্যাপীঠৰ গুৰু অধ্যাপক ফাৰহীনা দন্তায়ো ভাষা শিক্ষাৰ প্ৰাসংগিক বিষয়সমূহ ওপৰত আলোকপাত কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ জুৰি দত্ত আৰু হিন্দী বিভাগৰ মুৰব্বী ড॰ প্ৰমোদ মিনাই ৷

অনুষ্ঠানটোৰ আঁত ধৰে ঋষিকন্যা বাৎস আৰু নিত্যানন্দ সাগৰে ৷ এই অনুষ্ঠানতে অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ লুইত কিৰণ দাসৰ ‘সৰিছে সৰক আকৌ ফুলিব’ শীৰ্ষক কবিতাপুথিখন উন্মোচন কৰাৰ লগতে উপাচাৰ্য গৰাকীয়ে অসমীয়া বিভাগৰ ই-আলোচনী ‘কিশলয়’ৰ উন্মোচন কৰে ৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অসমীয়া বিভাগ আৰু হিন্দী বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

লগতে পঢ়ক : কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.