ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক যোগ দিৱস পালন - INTERNATION YOGA DAY 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 1:08 PM IST

10th Internation yoga day: আজি বিশ্বৰ 175 খন দেশৰ লগতে ৰাজ্যৰো ভিন্ন প্ৰান্তত আন্তর্জাতিক যোগ দিৱস পালন ৷ চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ জিলাই জিলাই যোগ দিৱস পালন । কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী-বিধায়কৰ লগতে ৰাইজেও সমূহীয়াকৈ যোগ চৰ্চা কৰে ৷

Internation yoga day 2024 celebrated in various parts of assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)

নিউজ ডেস্ক, 21 জুন : আজি আন্তর্জাতিক যোগ দিৱস ৷ সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে দশম সংখ্যক আন্তর্জাতিক যোগ দিৱস ৷ দেশ তথা ৰাজ্যৰ লগতে লখিমপুৰ বিশ্ববিদ্যালয়তো পালন কৰা হয় এই যোগ দিৱসৰ কাৰ্যসূচী । লখিমপুৰত অনুষ্ঠিত হোৱা আন্তর্জাতিক যোগ দিৱসত অংশগ্রহণ কৰে মন্ত্রী পীযুষ হাজৰীকাই ।

লখিমপুৰত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)

পুৱা 6.30 বজাত আৰম্ভ হয় এই কাৰ্যসূচীৰ । আন্তর্জাতিক যোগ দিৱসক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত মন্ত্রীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰিহণাৰ কথা স্বীকাৰ কৰে । মন্ত্রীগৰাকীয়ে যোগৰ জৰিয়তে সকলোকে এটা সুস্থ সৱল জীৱন-যাপন কৰিবলৈ আহ্বান জনায় । কাৰ্যসূচীত অংশগ্রহণ কৰি বিধায়ক মানৱ ডেকাই যোগ চৰ্চাৰ দ্বাৰাই দিনটো আৰম্ভ কৰিবলৈ সকলোকে আহ্বান জনায় ।

নিয়মিত যোগ চৰ্চাৰ জৰিয়তে সুস্থ-সৱল হৈ দীর্ঘজীৱন লাভ কৰিব পাৰি বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । এই কাৰ্যসূচীত জিলা আয়ুক্ত গায়ত্রী হ্যালিংগসহ প্ৰশাসনীয় বিষয়াবৰ্গ, লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চেতিয়া আদিয়ে অংশগ্রহণ কৰে ।

ডিব্ৰুগড়ত পালন আন্তর্জাতিক যোগ দিৱস

ডিব্ৰুগড়তো পালন কৰা হয় আন্তর্জাতিক যোগ দিৱসৰ ৷ চহৰখনৰ মিলন নগৰস্থিত মাল্টিপাৰপ’জ ইন্দোৰ ষ্টেডিয়ামত ডিব্ৰুগড় জিলা প্রশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, ডিব্ৰুগড়ৰ সহযোগত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ।

মৰাণত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)
Internation yoga day 2024 celebrated in various parts of assam
আন্তর্জাতিক যোগ দিৱসত মন্ত্রী বিমল বড়া (ETV Bharat Assam)

যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই । কাৰ্যসূচীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সুভাষ দত্তকে ধৰি কেইবাগৰাকীও চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে ।

জোনাইত পালন আন্তর্জাতিক যোগ দিৱস

সমগ্ৰ বিশ্বৰ লগতে জোনাইতো আজি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ জোনাই মহকুমা প্ৰশাসন আৰু জোনাই আয়ুস ব্লকৰ উদ্যোগত তথা জোনাই বালিকা মহাবিদ্যালয়ৰ এন এছ এছ গোট আৰু IQAC ৰ সহযোগত মহাবিদ্যালয় প্ৰাংগণত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি পালন কৰা হয় ৷

জোনাইত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)

জোনাই ৰাজহ চক্ৰ বিষয়াই বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে এই যোগ দিৱসৰ কাৰ্যসূচী ৷ অনুষ্ঠানটিৰ পৰিচালনা কৰে আয়ুস ব্লকৰ ৰীতা ৰাণী চুতীয়াই ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024 : হৰিদ্বাৰত যোগ গুৰু ৰামদেৱৰ যোগ চৰ্চা - 10th International Yoga Day

যোৰহাটত পালন আন্তর্জাতিক যোগ দিৱস

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো পালন কৰা হৈছে যোগ দিৱসৰ । জিলাখনৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হয় । এই যোগ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই ।

যোৰহাটত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)

অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়, "যোগে মানুহৰ মনৰ পৰা অসূয়া-অশান্তি নোহোৱা কৰে ৷ বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণৰে আজি বিশ্ব আগবাঢ়িছে । সেয়ে মই ভাৱো যোগ তথা যোগাসনক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব লাগে । যোগাসনৰ ক্ষেত্ৰখনলৈ বিশেষকৈ নৱপ্ৰজন্মৰ লোকসকল আগবাঢ়ি অহাটো নিতান্তই প্ৰয়োজন ।"

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বজুৰি যোগৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ - International Yoga Day 2024

মৰিগাঁৱত পালন আন্তর্জাতিক যোগ দিৱস

‘‘আত্মা আৰু সমাজৰ বাবে যোগ’’ এই মূল বিষয়বস্তুৰে আজি মৰিগাঁৱতো উদযাপন কৰা হয় দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । এই উপলক্ষে মৰিগাঁও নগৰৰ আৰক্ষী ছাউনীৰ ড্ৰীল শ্বেডত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সমূহীয়া যোগাভ্যাস কাৰ্যসূচী ৰূপায়ণ কৰা হয় । যোগ প্ৰশিক্ষক পূজা শৰ্মাৰ নেতৃত্বত পাঁচজনীয়া প্ৰশিক্ষকৰ এটা দলে সকলোকে সমূহীয়াভাৱে যোগাভ্যাস কৰোৱায় ।

মৰিগাঁৱত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)

বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় অনুষ্ঠানটোৰ ৷ অনুষ্ঠানটোত অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী আৰু ড৹ সংগীতা বৰঠাকুৰ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ নাথ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, অতিৰিক্ত জিলা আয়ুক্তসকল, অতিৰিক্ত আৰক্ষী অধীক্ষকসকল, প্ৰশাসনিক বিষয়াসকলকে ধৰি স্থানীয় বহু লোকে অংশগ্ৰহণ কৰে । আজিৰ যোগ প্ৰশিক্ষকৰ দলটোত আছিল লক্ষ্যজ্যোতি হাজৰিকা, কৃষ্ণা বৰুৱা, নিকিতা বৰা আৰু ৰিণ্টু কুমাৰ বৰা ।

বৰপেটাত পালন আন্তর্জাতিক যোগ দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাবে বৰপেটাতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ । এই উপলক্ষে জিলা প্ৰশাসন আৰু আয়ুষ বিভাগৰ উদ্যোগত জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে বহু সাধাৰণ লোকেও অংশগ্ৰহণ কৰে ।

বৰপেটাত আন্তর্জাতিক যোগ দিৱস পালন (ETV Bharat Assam)

ইয়াৰ লগতে বহু শিশুৱেও আজিৰ যোগাভ্যাসত অংশগ্ৰহণ কৰে । জিলা আয়ুক্ত আয়ুষ গাৰ্গে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগাভ্যাসৰ উপকাৰিতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: পুৰীৰ সাগৰ তীৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বলুকা ভাস্কৰ্য - Famous Sand Artist Sudarsan Patnaik

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.