ETV Bharat / state

কংগ্ৰেছত সংখ্য়ালঘুৰ হৰ্তাকৰ্তা বিধাতা হ’ব ৰকিবুল হুছেইন ! - ৰকিবুল হুছেইন

Internal clashes in congress: ৰকিবুল হুছেইনৰ সাম্ভাৱ্য প্ৰাৰ্থিত্বই ধুমুহাৰ সৃষ্টি কৰিছে প্ৰদেশ কংগ্ৰেছত ৷ দল এৰিবলৈ সাজু হৈছে কেবাগৰাকীও সংখ্যালঘু কংগ্ৰেছ নেতা ৷

Conflict in APCC
internal clashes in congress
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:16 PM IST

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: অসম কংগ্ৰেছত ৰাজনৈতিক ধুমুহা ৷ সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ লোকসভা নিৰ্বাচনৰ সাম্ভাব্য প্ৰাৰ্থিত্বই সংকটত পেলাইছে অসম প্ৰদেশ কংগ্ৰেছক । ৰকিবুল হুছেইনৰ পাশাখেলত কঁপিছে কংগ্ৰেছৰ সংখ্যালঘু ৰাজনৈতিক ভেঁটি । ধুবুৰীত ৰকিবুল হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিব বুলি কংগ্ৰেছত প্ৰায় নিশ্চিত হোৱাৰ পিছত কংগ্ৰেছত ব্যাপক অসন্তুষ্টিয়ে চূড়ান্ত পৰ্যায় পাইছেগৈ । ধুবুৰী লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছ এৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ এজন সাংসদকে ধৰি একাধিক সংখ্যলঘু বিধায়ক ।

  • " class="align-text-top noRightClick twitterSection" data="">

অগপলৈ যাব আব্দুৰ ৰচিদ মণ্ডল :

কোনো কাৰণতে ৰকিবুল হুছেইনৰ নেতৃত্ব মানিব নোখোজা এজন কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডল ৷ দল বিৰোধী কাম কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি সভাপতি ভূপেন বৰাই কৰা মন্তব্যক আদৰণী জনাইছে মণ্ডলে ৷ তেওঁ কয়, “মই নাভাবো যে মই কিবা দল বিৰোধী কাম কৰিছো ৷ বিজেপিক পৰাভূত কৰাৰ বাবে আঞ্চলিক দল শক্তিশালী হ’ব লাগিব ৷ কংগ্ৰেছ দল আমি ক’ৰবাত থমকি ৰৈছোঁ ৷ সেইবাবে আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আহিছে ৷ মই কেতিয়াও দল বিৰোধী কথা কোৱা নাই ।”

ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ সৰহ সংখ্যক সংখ্যালঘু বিধায়কে ৷ আজিৰ তাৰিখত কংগ্ৰেছত থকা সংখ্যালঘু বিধায়কসকলৰ ভিতৰত মাত্ৰ তিনিগৰাকী বিধায়কহে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ সপক্ষে আছে ৷ সেই তিনি গৰাকী হ’ল ৰূপহীহাট বিধানসভা সমষ্টিৰ নুৰুল হুদা, জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰচিদ আলম । মুখ ফুটাই নক’লেও বাকী আটাইকেইজনেই ধুবুৰীত বিৰোধিতা কৰিছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বক ।

মুকলিকৈ ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে । কোনো কাৰণতে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ মানি ল’ব খোজা নাই বিধায়ক মণ্ডলে । আনকি প্ৰয়োজনত অসম গণ পৰিষদলৈ যাবলৈ মানসিকভাৱে সাজু হৈ আছে বিধায়ক মণ্ডল । নিজৰ অসন্তুষ্টিৰ কথা জনোৱাৰ লগতে আঞ্চলিকতাবাদী দল অগপক সমৰ্থন জনোৱাৰ সপক্ষে যুক্তি দি এআইচিচি আৰু ভূপেন বৰালৈ পত্ৰও প্ৰেৰণ কৰিছে আব্দুৰ ৰচিদ মণ্ডলে ।

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভিতৰুৱা খবৰ যে আব্দুৰ ৰচিদ মণ্ডলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰো চিন্তা কৰিছে দলটোৰ নেতৃত্বই ৷ নতুন দিল্লীৰ পৰা এই সন্দৰ্ভত নাম উল্লেখ নকৰাকৈ ৰাজহুৱা সকিয়নীও দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

কংগ্ৰেছ এৰিবলৈ সাজু আব্দুল খালেক :

ৰকিবুল হুছেইনক ধুবুৰীৰ টিকট দিলে কংগ্ৰেছ এৰি অগপ নহ’লে তৃণমূল কংগ্ৰেছলৈ যাব সাংসদ আব্দুল খালেক । দুয়োটা দলৰ সৈতেই আব্দুল খালেক যোগাযোগত থকা বুলি শেহতীয়াকৈ চৰ্চা লাভ কৰিছে ৷ অস্বীকাৰ কৰা নাই আব্দুল খালেকেও । কংগ্ৰেছৰ সংখ্যালঘু নেতাসকলৰ নেতা কোন ? নিজকে কংগ্ৰেছৰ সংখ্যালঘু ৰাজনীতিৰ হোতা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ ৰকিবুল হুছেইনৰ যোৱা প্ৰায় ১০ বছৰ ধৰি আব্দুল খালেক আৰু ৱাজেদ আলি চৌধুৰীৰ সৈতে থকা ৰাজনৈতিক শত্ৰুতা সৰ্বজন বিদিত ।

আব্দুল খালেক আৰু ৱাজেদ আলি চৌধুৰী দুয়োজনেই ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৷ আনহাতে শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ জনবিন্যাসৰ আমোল পৰিৱৰ্তন ঘটে ৷ বিৰোধী দল চিপিআই এমক বৰপেটা আসনখন কংগ্ৰেছে এৰি দিয়াটো নিশ্চিত হৈছে । যাৰ বাবে বৰপেটাৰ পৰিৱৰ্তে ধুবুৰীত প্ৰাৰ্থিত্ব বিচাৰিছিল খালেকে ৷ এতিয়া ৰকিবুল হুছেইনক ধুবুৰীৰ পৰা টিকট দিয়া মানেই আব্দুল খালেক বা আন বিধায়কসকলে তেওঁক নেতা হিচাপেই গ্ৰহণ কৰিব লাগিব ।

কংগ্ৰেছৰ নামনিৰ সংখ্যালঘু ৰাজনীতিত ৰকবুল হুছেইন হৈ পৰিব বিশেষ প্ৰভাৱশালী । ধুবুৰীৰ প্ৰাৰ্থিত্বৰ দৌৰত ৰকিবুল হুছেইন এখোজ আগবঢ়াৰ লগে লগে আব্দুল খালেকে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে মুখ খুলিবলৈ আৰম্ভ কৰে ৷ খালেকৰ মন্তব্যই অস্বস্তিত পেলাইছে কংগ্ৰেছ নেতৃত্বক৷ সাংসদ খালেকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই । তেনে সময়তে অগপ নহ’লে তৃণমূল কংগ্ৰেছত তেওঁ যোগদান কৰিব বুলি ওলোৱা বাতৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: ১০ লাখৰো অধিক ভোটত বিজয়ী হ’ব ৰকিবুল হুছেইন ! আব্দুৰ ৰচিদ মণ্ডলৰ কটাক্ষ নে আনুগত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.