ETV Bharat / state

তাৰ্কিক-চুমীৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া - Suspended Inspector Jitumoni Deka

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 7:42 AM IST

Golaghat OC Jitumoni Deka : ‘‘ট্ৰেডিঙৰ লগত মোৰ কোনো সম্পৰ্ক নাই ৷ তাৰ্কিকৰ লগত ভ্ৰাতৃ সুলভ বন্ধুত্বৰ বাবে বিয়া খাবলৈ গৈছিলো ৷" নিলম্বিত হোৱাৰ পাচত এই মন্তব্য কৰে গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাই ৷

Golaghat OC Jitumoni Deka
নিলম্বন হ'ল গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা (Sumi-Tarkik's FB page)

গোলাঘাট, ৮ ছেপ্টেম্বৰ : বৰ্তমান ৰাজ্যৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বিশাল-চুমী-তাৰ্কিক আৰু স্বপ্ননীল-অনলাইন ট্ৰেডিঙৰ খবৰে ৷ বিশেষকৈ বিশাল-চুমী-তাৰ্কিকৰ বিতৰ্ক যেন ওৰ পৰাৰ নামেই লোৱা নাই ৷ প্ৰতিদিনে বিশাল-চুমী-তাৰ্কিকৰ তথ্য খুচৰোতে উলাই আছে ন ন তথ্য ৷

অনলাইন ট্ৰেডিঙৰ গোচৰত ক্ৰমাৎ দ’ গাঁতলৈ সোমাই গৈ থকা চুমী-তাৰ্কিকৰ ডেষ্টিনেশ্যন ৱেডিঙত উপস্থিত থাকি এতিয়া বিপদত পৰিছে অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়া ৷ জানিব পৰা মতে, তাৰ্কিক বৰা আৰু চুমী বৰাৰ ৰাজস্থানৰ উজয়পুৰত আয়োজিত বিলাসী ডেষ্টিনেশ্যন ৱেডিঙ গৈ অৱশেষত চাকৰিৰ পৰা নিলম্বন হ'ল গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা । অসম আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিঙে তৎকালীনভাৱে বলবৎ হোৱাকৈ এই নিৰ্দেশ জাৰী কৰিছে ।

লগতে পঢ়ক : বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma

উল্লেখ্য যে, কোটি টকীয়া ট্ৰেডিং মাষ্টাৰ বুলি বৰ্তমান খ্যাত অভিযুক্ত বিশাল ফুকন আৰক্ষীৰ জালত বন্দী হোৱাৰ পাচতে যে এজন পাচত আন এজন ব্যক্তিৰ মুখা খোল খাইছে ৷ বিশালৰ পাতি লোৱা বায়েক চুমী বৰাৰ কোটি টকীয়া বিয়া খাবলৈ গৈ চৰ্চালৈ আহিছে কেবাজনো ৷ বিয়ালৈ যোৱা অতিথিসকলৰ লগত আছিল গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাও ।

আনকি সামাজিক মাধ্যমত ভাইৰেল হৈছিল জিতুমণি ডেকাৰ গ্ৰুপ ফটোও । তাৰ পাচতেই চৰকাৰ তথা অসম আৰক্ষীৰ দৃষ্টিগোচৰ হয় এই বিষয়টো ।‌ সমগ্ৰ ঘটনাটোৱে এক নতুন মোৰ লোৱাৰ যেন উপক্ৰম হোৱা পৰিলক্ষিত হৈছে ।

  • জিতুমণি ডেকাৰ মন্তব্য :

ইফালে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী বিষয়া জিতুমণি ডেকাই গোলাঘাটৰ সাংবাদিকৰ ওচৰত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, "ৰাজস্থানত অনুষ্ঠিত তাৰ্কিক আৰু চুমিৰ বিবাহ অনুষ্ঠানত মই শুভাকাঙ্খী হিচাপেহে উপস্থিত আছিলো । যিহেতু ২০১২-২০১৩ চন মানৰে পৰা তাৰ্কিক বৰাৰ সৈতে এক ভাতৃ সুলভ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই সূত্ৰেই তাৰ্কিক বৰাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ উক্ত বিবাহ অনুষ্ঠানত উপস্থিত আছিলো ।’’

লগতে পঢ়ক : চুমী বৰা আৰু তাৰ্কিক বৰাৰ আত্মগোপন : কি ক'লে শিল্পী গীতালি দেৱীয়ে - Bishal Phukan Trading Scam

ডেকাই লগতে কয়, "মই সৰুৰে পৰাই ফটোগ্ৰাফী কৰি ভাল পাইছিলো ৷ যাৰ বাবে পঢ়া-শুনা, চাকৰি আদিৰ মাজতে ফটোগ্ৰাফীৰ জগতখনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলো । ২০১২-১৩ চনত মই তেজপুৰৰ টাউনৰ উপ-পৰিদৰ্শক হৈ থাকোতে তাৰ্কিক বৰাৰ সৈতে পৰিচয় হৈছিলো আৰু তেতিয়াৰ পৰাই তাৰ্কিকৰ লগত এক সু-ম্পৰ্ক আছিল । সেইসময়ত তাৰ্কিক বৰাসহ তেওঁৰ সহপাঠীসকলে এন জি অ' জৰিয়তে তেজপুৰত বিভিন্ন কাৰ্যসূচী হাতত লৈছিল আৰু তাৰেই অনুমতি বিচাৰি আৰক্ষী থানা লৈ অহা যোৱা কৰিছিল । তেনেকৈয়ে তাৰ্কিকৰ লগত চিনা পৰিচয় হৈ এদিন তেওঁ ভাতৃৰ দৰে হৈ পৰিছিল । তেনে সম্পৰ্কৰ সুবাদতে বিভিন্ন সময়ত তাৰ্কিককে ধৰি অন্যান্যসকলৰ সৈতে আমি ফটোগ্ৰাফীৰ বাবে বিভিন্ন অঞ্চললৈ একেলগে গৈছিলো । এনেকৈয়ে ফটোগ্ৰাফীৰ সৈতে জড়িত হৈ মই আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিলো । তাৰ্কিকৰ লগত থকা এনে সু- সম্পৰ্কৰ বাবেই হয়তো তাৰ্কিকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰীভাৱে ছুটী লৈ তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈছিলোগৈ ।"

ফটোগ্ৰাফীৰ বাহিৰে তাৰ্কিকৰ সৈতে অন্য কোনো সম্পৰ্ক নথকা বুলি দাবী কৰি জিতুমণি ডেকাই লগতে কয় যে বৰ্তমান চৰ্চা হৈ থকা ট্ৰেডিং আদিৰ দৰে কথা বতৰাবোৰত তেওঁৰ কোনো সম্পৰ্ক নাই । লগতে তাৰ্কিক বৰাৰ বাহিৰে অন্য চৰ্চিত ব্যক্তিসকলৰ লগত ডেকাৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে ডেকাই ।

লগতে পঢ়ক : পডকাষ্ট এটাত লাজ কিয় কৰিম বুলি কোৱা চুমী বৰা নিশ্চয় লাজত অন্তৰ্ধান নাই হোৱা ! - BISHAL PHUKAN SUMI BORA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.