ETV Bharat / state

গোলাঘাটৰ ৰংবঙত আঘাতপ্ৰাপ্ত বন্যহস্তী; চিকিৎসা প্ৰদানৰ চেষ্টা ব্যৰ্থ - INJURED ELEPHANT ROAMING

ভৰিত থকা আঘাতৰ যন্ত্ৰণাত দুৰ্বল হৈ পৰিছে হাতীটো ৷ হাতীটো কোনো দুৰ্বৃত্তই বন্দুকেৰে আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

Man Elephant conflict
হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 2:14 PM IST

গোলাঘাট : গোলাঘাট জিলাত ইটোৰ পিছত সিটোকৈ বৃদ্ধি পাবলৈ ধৰিছে আঘাতপ্ৰাপ্ত বন্যহস্তীৰ সংখ্যা । দুদিন পূৰ্বে ৰক্তাক্ত অৱস্থাত বন্যহস্তীৰ জাকৰ মাজত এটা হাতীক দেখা গৈছিল । তাৰ দুদিনৰ পাছত পুনৰ এটা আঘাতপ্ৰাপ্ত বন্যহস্তী দেখা গ'ল বকিয়াল খণ্ড বন কাৰ্যালয় অধীনৰ জনাঞ্চলত । বিগত কিছুদিনৰ পৰা ভৰিত আঘাত থকা এই হাতীটো বনবিভাগে চিকিৎসাৰ বাবে অভিযান চলাইছে যদিও সম্ভৱ হোৱা নাই ৷

ইতিমধ্যে হাতীটো এটা ১০-১২ টা হাতী থকা জাকৰ লগত বিচৰণ কৰি আছে ৰংবং অঞ্চলত ৷ ভৰিত থকা আঘাতৰ যন্ত্ৰণাত দুৰ্বল হৈ পৰিছে হাতীটো ৷ হাতীটো কোনো দুৰ্বৃত্তই বন্দুকেৰে আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ সেয়েহে হাতীটোৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে বন বিভাগক আহ্বান জনাইছে ৷

হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

এই সম্পৰ্কে এজন স্থানীয় যুৱকে কয়, "মৰঙী মৌজাত হাতী-মানুহৰ সংঘাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দিনে নিশাই জনসাধাৰণৰ মাজত অশান্তিৰ সৃষ্টি হৈছে । হাতীয়ে বৰ্তমান খাদ্য সংকটত ভুগিছে । যাৰ পৰিপ্ৰেক্ষিতত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে । এফালে যদি হাতী-মানুহৰ সংঘাত আৰু আনফালে হাতী মানুহৰ সহবাস কৰাও দেখা গৈছে । তথাপি কেইবাটাও হাতী আঘাতপ্ৰাপ্ত হৈ আছে ।"

তেওঁ পুনৰ কয়, "খাদ্যৰ সন্ধানত আহি এই হাতীকেইটা আঘাতপ্ৰাপ্ত হৈছে । তাৰ মাজত এটা পোৱালি হাতীয়ে লেঙেৰাই লেঙেৰাই খোজ দিয়া অৱস্থাত আমি প্ৰত্যক্ষ কৰিছো । গতিকে এই বিষয়ে বনবিভাগৰ ওচৰত আমি দাবী জনাইছো যে এই আঘাতপ্ৰাপ্ত হাতীকেইটাৰ অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰি কৰি আৰোগ্য কৰি তুলিবলৈ । বৰ্তমান ৰংবং গুটিবাৰিত আঘাতপ্ৰাপ্ত হাতীৰ পোৱালিটো বিচৰণ কৰি আছে । গতিকে উক্ত অঞ্চলত গৈ বনবিভাগে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া ৰাইজ সুখী হ'ব । কিছুদিন পূৰ্বে খালত পৰি এটা হাতীৰ মৃত্যু হৈছিল গতিকে বৰ্তমান যিকেইটা আঘাতপ্ৰাপ্ত হাতী আছে বন বিভাগে সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰি আৰোগ্য কৰিবলৈ আহ্বান জনাইছো ।"

লগতে পঢ়ক:প্ৰায় ১০ ঘন্টা দ পুখুৰীত পৰি আৰ্তনাদ ৬ টা বন্যহস্তীৰ; পুৱাহে উদ্ধাৰ

বন্যহস্তীয়ে এতিয়া আৰু আগৰ দৰে মানুহক ভয় নকৰা হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.