ETV Bharat / state

অসম আৰক্ষীৰ দুৰ্বল আন্তঃগাঁঠনিৰ দিশ উন্মোচিত স্বয়ং মুখ্যমন্ত্ৰীৰ ভাষণত - Assam Police

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 5:16 PM IST

Posts vacant in Assam Police: আৰক্ষীত প্ৰয়োজনীয় ৭৮০০ খন বাহনৰ বিপৰীতে আছে ২২৪৮ খন বাহন । ভাৰাত লোৱা আছে ১৪১৩ খন বাহন । ভাৰা লোৱা বাহনৰ বাবদ ৯ বছৰত আদায় দিয়া হৈছে ৪১২.৮০ কোটি টকা । বিধানসভাত উন্মোচিত অসম আৰক্ষীৰ অভাৱ-অভিযোগ ।

Above 12 thousand posts are lying vacant in the Assam Police
অসম আৰক্ষীৰ দুৰ্বল আন্তঃগাঁঠনি (ETV Bharat Assam)

গুৱাহাটী,২৩ আগষ্ট: অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ লগতে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে যদিও বাস্তৱত আৰক্ষী বিভাগৰ আন্তঃগাঁঠনি উন্নত হোৱা নাই । অসম আৰক্ষীৰ দুৰ্বল আন্তঃগাঁঠনিৰ দিশটো উন্মোচিত হৈছে অসম বিধানসভাত । বৃহস্পতিবাৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ হৈছে ।

অধিৱেশনত অসম আৰক্ষীৰ অভাৱ-অভিযোগ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । সদনত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিয়া উত্তৰত উন্মোচিত হৈছে অসম আৰক্ষীৰ দুৰ্বল আন্তঃগাঁঠনিৰ স্বৰূপ ।

অসমত কিমান আছে আৰক্ষী থানা আৰু আৰক্ষী চকী:

অসমত মুঠ ৩৩৬ খন আৰু ২৯৫ খন আৰক্ষী চকী আছে । ইয়াৰে ৩৩৫ খন আৰক্ষী থানা আৰু ২৮০ খন আৰক্ষী চকী সক্ৰিয় হৈ আছে । নিষ্ক্ৰিয় হৈ আছে এখন থানা আৰু ১৫ খন আৰক্ষী চকী । আনহাতে ৰাজ্যৰ ৩২৬ খন আৰক্ষী থানাৰ আৰু ২৬৩ খন আৰক্ষী চকীৰ স্থায়ী কাৰ্যালয় আছে । নিজা কাৰ্যালয় নথকাকৈ ভাৰাত চলি আছে ৯ খন আৰক্ষী থানা আৰু ১৭ খন আৰক্ষী চকী ।

অসম আৰক্ষীত খালী হৈ আছে পদ: অসম আৰক্ষীত প্ৰয়োজনীয় অনুমোদিত পদৰ সংখ্যা হৈছে মুঠ ৭৯,৮৫২ ট‍া । বৰ্তমান সময়ত ইয়‍াৰে ১২,৪৮৫ টা পদ খালী হৈ আছে । অৱশ্যে শেহতীয়াকৈ চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

অসম আৰক্ষীৰ কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ বাবে বাসভৱনৰ সংখ্যা :

অসম আৰক্ষীত বৰ্তমান মুঠ ৯৬৮৮ টা বাসভৱন আছে । ইয়াৰে ৭৯৪৪ টা ল'ৱাৰ চাব-অ'ৰ্ডিনেট কোৱাটাৰ, ১৪৮৮ টা আপাৰ চাব-অ'ৰ্ডিনেট কোৱাটাৰ আৰু ২৫৬ টা ৰাজপত্রিত বিষয়াৰ কোৱাট‍াৰ । আনহাতে ১৬ খন জিলাত বৰ্তমান ল'ৱাৰ চাব-অ'ৰ্ডিনেট কোৱাটাৰ নিৰ্মাণৰ কাম চলি আছে ।

ভাৰাত লোৱা বাহনৰ বাবদ হোৱা ব্যয়ৰ পৰিমাণ:

অসম আৰক্ষীত প্ৰয়োজন হোৱা বাহনৰ বিপৰীতে যথেষ্ট পৰিমাণৰ কম বাহন আছে । অসম আৰক্ষীত প্ৰয়োজনীয় বাহনৰ সংখ্যা হ'ব লাগে ৭৮০০ খন । কিন্তু ইয়াৰ বিপৰীতে অসম আৰক্ষীত বৰ্তমান চৰকাৰী বাহন আছে ২২৪২ খন । আনহাতে দুচকীয়া চৰকাৰী বাহন আছে ১৮৮৮ খন । ইফালে অসম আৰক্ষীত ভাৰাত লোৱা বাহনৰ সংখ্যা হৈছে ১৪১৩ খন । ভাৰাত লোৱা এই বাহনৰ বাবদ বছৰি বুজন পৰিমাণৰ পুঁজি ব্যয় হয় । চলিত বৰ্ষত এতিয়ালৈকে ভাৰাত লোৱা বাহনৰ বাবদ ৫৩.৮০ কোটি টকা ব্যয় কৰা হৈছে ।

২০১৬ চনৰ পৰা ভাৰাত লোৱা বাহনৰ বাবদ ব্যয় কৰা ধনৰ পৰিমাণ হৈছে ৪১২.৮০ কোটি টকা । বছৰ অনুসৰি ২০১৬ চনত ৬২.১৭ কোটি টকা, ২০১৭ চনত ৬১.০৯ কোটি টকা, ২০১৮ চনত ১৯.৭০ কোটি টকা, ২০১৯ চনত ৩০.৮৫ কোটি টকা, ২০২০ চনত ৩৪.৬০ কোটি টকা, ২০২১ চনত ৩৮.৪৭ কোটি টকা, ২০২২ চনত ৪৫.০৪ কোটি টকা, ২০২৩ চনত ৬৭.০৯ কোটি টকা আৰু চলিত বৰ্ষত এতিয়ালৈকে ৫৩.৮০ কোটি টকা বাহনৰ ভাৰাৰ বাবদ আদায় দিয়া হৈছে ।

উল্লেখ্য যে, অসম আৰক্ষীক স্মাৰ্ট আৰক্ষীৰ লগতে দেশৰ আগশাৰীৰ আৰক্ষী ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে অসম চৰকাৰে বিভিন্ন সংস্কাৰমুখী কাৰ্যসূচী হাতত লৈছে । আনকি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে আৰক্ষীৰে বৈঠক কৰি বিভিন্ন নিৰ্দেশনা প্ৰদান কৰাৰ লগতে আৰক্ষীৰ সমস্যাৰ বুজ লৈ আহিছে । কিন্তু তাৰ পাছতো অসম আৰক্ষীৰ আন্তঃগাঁঠনি উন্নত হোৱা নাই । অসম আৰক্ষীত এতিয়াও বহু পদ খালী হৈ আছে ।

আনহাতে বহু থানা আৰু আৰক্ষী চকীৰ অৱস্থাও শোচনীয় । গুৱাহাটী মহানগৰীতে এজাক বৰষুণ দিলেই বহুকেইখন থানা আৰু আৰক্ষী চকীৰ অৱস্থা শোচনীয় হৈ পৰে । ইফালে আৰক্ষীৰ কোৱাটাৰসমূহো উন্নত কৰা হোৱা নাই । অতি জৰাজীৰ্ণ বেৰেকত থাকি আৰক্ষীৰ জোৱানসকলে নিজৰ দায়িত্ব পালন কৰিবলগীয়া হয় । সেইদৰে বাহনৰো বহু অভাৱ আছে । যাৰ বাবে বহু সময়ত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ ক্ষেত্রত পলম হয় ।

লগতে পঢ়ক: ২০২৪ ৰ জানুৱাৰীৰ পৰা জুলাইলৈ ৫০০ ৰো অধিক হত্যাকাণ্ড: তথাপিও অসম শান্তিময় নে ? - Crime rate in Assam

দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুজনকৈ মাছমৰীয়া: আৰক্ষীৰ তদন্ত আৰম্ভ - MURDER IN BOKOLIAGHAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.