ETV Bharat / state

ভাৰতৰ ভৌগোলিক কৌশলগত পৰিস্থিতি সন্দৰ্ভত সেনাৰ আলোচনাচক্ৰ - Indian Army seminar on China

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:54 PM IST

Gajraj Corps of Indian Army: গজৰাজ কৰ্পছৰ উদ্যোগত তেজপুৰত আৰম্ভ ভাৰতীয় সেনাৰ চীনৰ বিষয়ে আলোচনা চক্ৰ । সেনা বাহিনীৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট বক্তাসকলে চীনৰ সৈতে জড়িত প্ৰাসংগিক কৌশলগত আৰু কাৰ্যকৰী বিষয়সমূহত আলোকপাত কৰে ।

Gajraj Corps of Indian Army
গজৰাজ কৰ্পছত আলোচনা চক্ৰ (ETV Bharat Assam)

তেজপুৰ, ২৩ আগষ্ট : ভাৰতীয় সেনাৰ তেজপুৰস্থ গজৰাজ কৰ্পছত শুকুৰবাৰৰ পৰা সেনা বাহিনীৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট বক্তাসকলৰ চীনৰ সৈতে জড়িত প্ৰাসংগিক কৌশলগত আৰু কাৰ্যকৰী বিষয়সমূহৰ ওপৰত দুদিনীয়া আলোচনাচক্ৰ আৰম্ভ হৈছে । উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীয়ে একাধিক বিষয় সামৰি আয়োজন কৰা এই আলোচনা চক্ৰত ‘গ্ল’বেল পাৰ্চপেক্টিভ অন ষ্ট্ৰেটেজিক ডিটাৰেন্স এণ্ড ট্ৰেন্সফৰ্মেচন টু কম্পেলেন্স’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

এই আলোচনা চক্ৰখনিত অধ্যক্ষতা কৰে ৰাষ্ট্ৰদূত তথা প্ৰতিৰক্ষা বিশেষজ্ঞ সুজান আৰ চিনয়,অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল বিনোদ ভাটিয়া আৰু অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ৰাজীৱ নাৰায়ণনে ৷ আনহাতে, আলোচনাচক্ৰত ভাটিয়াই মাল্টি ডমেইন অভিযান সন্দৰ্ভত আলোচনা কৰে । ভাৰতৰ বাবে উপলব্ধ বৰ্তমানৰ ভৌগোলিক ৰাজনৈতিক আৰু ভৌগোলিক কৌশলগত পৰিস্থিতি আৰু বিকল্পসমূহৰ ক্ষেত্ৰত সমসাময়িক বিশ্বৰ আচৰণৰ মূল্যায়নৰ বিষয়ে বিশিষ্ট কূটনীতিবিদ চিনয়ে বক্তব্য় আগবঢ়ায় ।

আজি আলোচনা চক্ৰৰ প্ৰথম সত্ৰত অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ৰাজীৱ নাৰায়ণনে সামৰিক আধুনিকীকৰণৰ ওপৰত বিশেষ আলোকপাত কৰে ৷ অধিবেশনৰ দ্বিতীয় সত্ৰ অনুষ্ঠিত হয় জয়দেৱ ৰানাডেৰ অধ্যক্ষতাত ৷ ড৹ দত্তেশ ডি পাৰুলেকাৰ আৰু নিৰাজ কুমাৰ তথা অন্যান্য আলোচকসকলে অংশগ্ৰহণ কৰি ভাৰতে সন্মুখীন হোৱা মানচিত্ৰ আগ্ৰাসনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে । ভাৰতৰ বাবে বহুমেৰু বিশ্বৰ জটিলতাৰ বিৱৰণী ‘কৌশলী স্বায়ত্তশাসন বনাম সামূহিক নিৰাপত্তা, ভাৰতৰ বিকল্প নীতি’ শীৰ্ষক বক্তৃতাত জয়দেৱ ৰানাডেই বিতংভাৱে আলোকপাত কৰে । ভাৰতৰ বাবে কৌশলগত দিশসমূহৰ বিশ্লেষণ দাঙি ধৰে ড৹ দত্তশ ডি পাৰুলেকাৰে ৷

ইপিনে, আলোচনা চক্ৰৰ তৃতীয় সত্ৰত ‘সুউচ্চ ভূখণ্ডৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সামৰিক শক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণ’ৰ ওপৰত মূল আলোচনা কৰা হয় । এই আলোচনা পৰিচালনা কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল নৰসিংহনে ৷ আলোচনাত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল বলবীৰ সিং সন্ধুৱেও অংশগ্ৰহণ কৰে । নৰসিংহনে ভাৰতীয় সেনাৰ ৰকেট বাহিনীৰ আধুনিকীকৰণৰ ট্ৰেজেক্টৰী আৰু তথ্য সহায়ক বাহিনীৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰে । ইয়াৰ উপৰি সীমান্তৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সন্ধুৱে পৰামৰ্শ আগবঢ়ায় ।

আলোচনা চক্ৰৰ প্ৰথম দিনটোৰ সামৰণি বক্তৃতাত বৰ্তমানৰ যুগত সমসাময়িক কৌশল আৰু পদ্ধতিৰ শক্তিৰ পুনৰ গঠন আৰু ফলস্বৰূপে হোৱা পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । প্ৰত্যেক সত্ৰৰ শেষত এক বিস্তৃত প্ৰশ্নোত্তৰ শিতানো অনুষ্ঠিত কৰা হয় আৰু ইয়াত আলোচকসকলে নিৰ্দিষ্ট প্ৰশ্নসমূহৰ উত্তৰ দিয়ে । এই আলোচনা চক্ৰত প্ৰত্যক্ষভাৱে আৰু লগতে অনলাইনৰ জৰিয়তে বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:তেজপুৰত ভাৰতীয় সেনাৰ চীনৰ বিষয়ে আলোচনা চক্ৰ 'গজৰাজ মন্থন' - Indian Armys seminar

গুৱাহাটীত শিশু শ্ৰমিক ৰোধ-নিৰ্মূলৰ বিষয়ক ৰাজ্যিক পৰ্যায়ৰ বিশেষ আলোচনা চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.