ETV Bharat / state

ৰাজ্য চৰকাৰৰ চাৰিটা বিভাগৰ বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে ৬২৭ টা প্ৰকল্প - Incomplete project of Assam Govt

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Latest Finance Department report : প্রকল্প ৰূপায়ণৰ লেহেমীয়া গতিৰ ফলত নিৰ্মাণৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে অর্থনৈতিক উন্নয়নতো সৃষ্টি কৰে বাধাৰ । বিনিয়োগ হোৱা ৫,৯৫৮.০৭ কোটি টকাৰ বিপৰীতে কাম সম্পূৰ্ণ হৈছে ২,৯৬৪.৭০ কোটি টকাৰ । লোক নিৰ্মাণ বিভাগত অসম্পূৰ্ণ হৈ আছে সৰ্বাধিক ৩৫৯ টা প্ৰকল্প । বিত্ত বিভাগৰ শেহতীয়া প্ৰতিবেদনৰ ওলাল ভয়ংকৰ তথ্য ।

Incomplete 627 projects in the four department of Assam
বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে ৬২৭ টা প্ৰকল্প (ETV Bharat Assam)

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু প্ৰকল্পসমূহৰ সময়মতে ৰূপায়ণ নোহোৱাটো তথা লেহেমীয়া গতিয়ে ৰাজ্যখনৰ উন্নয়ন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰৰ বহু প্রকল্প বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ পৰি ৰৈছে । ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে ৰাজ্যখনৰ উন্নয়ন প্ৰক্ৰিয়াত ।

অসম চৰকাৰৰ বিত্ত বিভাগৰ শেহতীয়া এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে । বিগত ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰা ধৰিলেও বিভিন্ন বিভাগৰ ছয় শতাধিক সৰু-ডাঙৰ প্ৰকল্প বৰ্তমানলৈকে সম্পূৰ্ণ নহ'ল । বিভাগৰ শেহতীয়া প্রতিবেদনত উল্লেখ কৰা অনুসৰি প্রকল্প ৰূপায়ণৰ লেহেমীয়া গতিৰ ফলত কেৱল যে নিৰ্মাণৰ গুণগত মানৰ ওপৰতে প্ৰভাৱ পৰে তেনে নহয় তাৰ লগতে অর্থনৈতিক উন্নয়নতো বাধাৰ সৃষ্টি কৰে ।

Incomplete 627 projects in the four department of Assam
সৰ্বাধিক অসম্পূর্ণ প্রকল্প থকা বিভাগটো হৈছে লোক নিৰ্মাণ বিভাগ (ETV Bharat Assam)

বিভাগৰ তথ্য অনুসৰি, উক্ত সময়ছোৱাত অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহ চাৰিটা বিভাগৰ অন্তৰ্গত । বিভাগকেইটা হৈছে জলসিঞ্চন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগ । এই বিভাগ কেইটাৰ অসম্পূৰ্ণ প্ৰকল্পৰ সংখ্যা হ'ল ৬২৭টা ।

প্ৰকল্পসমূহৰ বিপৰীতে বিনিয়োগ :

অসম্পূৰ্ণ বৃহৎ সংখ্যক প্ৰকল্পৰ বিপৰীতে বিনিয়োগ হৈ থকা ধনৰ পৰিমাণ হৈছে ৫,৯৫৮.০৭ কোটি টকা । ইয়াৰ বিপৰীতে কাম সম্পূৰ্ণ হৈছে ২,৯৬৪.৭০ কোটি টকাৰ । অৰ্থাৎ প্রায় ২,৯৯৩.৩৭ কোটি টকাৰ কাম অসম্পূৰ্ণ হৈ পৰি ৰৈছে ।

লোক নিৰ্মাণ বিভাগ :

সৰ্বাধিক অসম্পূর্ণ প্রকল্প থকা বিভাগটো হৈছে লোক নিৰ্মাণ বিভাগ । বিভাগটোৰ ৩৫৯ টা প্ৰকল্প অসম্পূৰ্ণ হৈ আছে । এই বৃহৎ সংখ্যক অসম্পূর্ণ প্ৰকল্পৰ বিপৰীতে বিনিয়োগ হৈ থকা পুঁজিৰ পৰিমাণ হৈছে ৪,৯০৯.১৮ কোটি টকা ।

বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে ৬২৭ টা প্ৰকল্প (ETV Bharat)

জনস্বাস্থ্য কাৰিকৰী বিভাগ :

অসম্পূৰ্ণ প্ৰকল্পৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ । বিভাগটোৰ ২৪৩ টা প্ৰকল্প অসম্পূৰ্ণ হৈ আছে আৰু ইয়াৰ বিপৰীতে বিনিয়োগ হৈ থকা পুঁজিৰ পৰিমাণ হৈছে ৭৭২.১৮ কোটি টকা ।

জলসম্পদ আৰু জলসিঞ্চন বিভাগ :

জলসম্পদ বিভাগৰ ১৪ টা আৰু জলসিঞ্চন বিভাগৰ ১১টা প্ৰকল্প অসম্পূৰ্ণ হৈ আছে । জলসম্পদ বিভাগৰ অসম্পূৰ্ণ প্ৰকল্পকেইটাৰ বিপৰীতে ১৮৮.৬৫ কোটি টকা আৰু জলসিঞ্চন বিভাগৰ অসম্পূৰ্ণ প্ৰকল্প কেইটাৰ বিপৰীতে ৮৯.০৬ কোটি টকা বিনিয়োগ হৈ আছে ।

ৰাজহুৱা ধনৰ অপচয় :

এক কথাত ক'বলৈ গ'লে এনেদৰেই ৰাজহুৱা ধনৰ অপচয় হৈছে । অথচ চৰকাৰে উন্নয়নমূলক কামৰ নামত ঋণৰ ওপৰত ঋণ লৈয়েই আছে । তাৰ বিপৰীতে দশক দশক ধৰি অসম্পূৰ্ণ হৈ ৰৈছে এটাৰ পাচত আনটো প্ৰকল্প । লক্ষণীয় বিষয়টো হৈছে যে উন্নয়নৰ নামত গ্রহণ কৰা ঋণৰ এটা বৃহৎ অংশ চৰকাৰে ব্যয় কৰি আহিছে পূৰ্বৰ ঋণৰ ধন ঘূৰাই দিয়া অথবা সুত পৰিশোধ কৰাৰ নামত ।

অসম্পূৰ্ণ প্ৰকল্পবোৰৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে সোনকালে এই প্রকল্পবোৰৰ কাম শেষ কৰাটো জৰুৰী । অত্যধিক সময়ৰ প্ৰয়োজন হোৱাত ব্যয়ৰ পৰিমাণো বৃদ্ধি হৈ গৈ আছে ।

লক্ষণীয় বিষয় যে, এইবোৰ প্ৰকল্প হ'ল ৰাজ্য চৰকাৰৰ নিজা আৰু কেন্দ্ৰৰ সহযোগত ৰাজ্যই ৰূপায়ণ কৰি থকা প্রকল্প । কেন্দ্ৰীয় চৰকাৰৰ নিজা প্ৰকল্পবোৰৰো বেছিভাগৰে একে দশা হৈছে । যাৰ বাবে কামবোৰ দিল্লীৰ চৰকাৰে সঘনে অসম চৰকাৰক সকীয়াই দি আহিছে ।

লগতে পঢ়ক: চোৰাং চিকাৰী নহয়, অসমৰ গঁড়ৰ সমুখত আহিছে আন এক ভয়ংকৰ বিপদ - Assam famed one horned rhinos

লগতে পঢ়ক: শিক্ষাবৰ্ষৰ ছমাহ পাছতো যোগান ধৰা নাই মূল্যায়ন-অভ্যসন বহী - Education Department of Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.