যোৰহাট পৌৰসভাৰ পৰিত্যক্ত লিফটৰ পৰা সৰি শ্ৰমিক আহত - Jorhat municipality labour injured
Jorhat Medical College Hospital: যোৰহাটৰ মাজমজিয়াত আজি সংঘটিত হয় এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ । বোকাত আৱদ্ধ শ্ৰমিক । শ্ৰমিকজনক যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত ভৰ্তি ।


Published : Mar 4, 2024, 7:22 PM IST
যোৰহাট, ৪ মাৰ্চ: যোৰহাট পৌৰসভাৰ এটা পৰিত্যক্ত লিফটৰ পৰা আজি তললৈ পৰি যোৱাত এজন শ্ৰমিক বোকাৰ মাজত কিছু সময় আৱদ্ধ হৈ পৰে । পৌৰসভাৰ শ্ৰমিকজনৰ আৰ্তনাদ শুনি পিচত বিশেষ কৌশল প্ৰয়োগ কৰি এছ ডি আৰ এফে তেওঁক উদ্ধাৰ কৰে । অমৰ বাস্ফ'ৰ নামৰ আৱদ্ধ শ্ৰমিকজনক এছ ডি আৰএফে উদ্ধাৰ কৰাৰ পিচতহে অন্ত পৰে শ্বাসৰুদ্ধকৰ পৰিৱেশৰ । পিচত আঘাতপ্ৰাপ্ত শ্ৰমিকজনক যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
ঘটনাৰ বিৱৰণি অনুসৰি যোৰহাটৰ হৰিজন ক'লনিৰ অমৰ বাস্ফ'ৰ নামৰ পৌৰসভাৰ শ্ৰমিকজনে যোৰহাট উন্নয়ন মাৰ্কেটৰ ভৱনত থকা যোৰহাট পৌৰসভাৰ চতুৰ্থ মহলাত থকা এটা পৰিত্যক্ত লিফটৰ ওপৰত থকা ভগ্নপ্ৰায় টিনৰ লেতেৰা সমূহ চাফা কৰিবৰ বাবে ওপৰত উঠে । উঠাৰ পিছত টিনৰ পৰা হঠাৎ লিফটৰ তললৈ সৰি পৰে । প্ৰায় ৫০০ মিটাৰ তলত থকা পেলনীয়া সামগ্ৰীৰে পৰিপূৰ্ণ পানী আৰু বোকা মাজত আৱদ্ধ হৈ পৰে শ্ৰমিকজন । ফলত যোৰহাট উন্নয়ন মাৰ্কেটৰ চৌহদৰ বাহিৰে- ভিতৰে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ পিচতেই শ্ৰমিকজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী আৰু এছ ডি আৰএফ ।
এডাল ৰচিৰ সহায়ত কল্পজিত খাখলাৰী নামৰ এছ ডি আৰ এফৰ জোৱানজনে সাহসিকতাৰে আৱদ্ধ হৈ থকা শ্ৰমিকজনক উদ্ধাৰৰ বাবে লিফটৰ তললৈ নামি উদ্ধাৰ কৰে । এঘন্টাৰো অধিক সময় অমৰ বাস্ফ'ৰ নামৰ শ্ৰমিকজন পৰিত্যক্ত লিফটৰ তলৰ বোকাৰ মাজত আৱদ্ধ হৈ থাকে । পৌৰসভাই শ্ৰমিকজনক উদ্ধাৰৰ বাবে আনকি ৰচি এডালো নাছিল । এই ঘটনাই পৌৰসভাৰ ফোপোলা স্বৰূপটো উদঙাই দিলে ।
লগতে পঢ়ক:কা বাতিলৰ দাবীত আমগুৰিত তীব্ৰ প্ৰতিবাদ, জি পি সিঙৰ ভূমিকাক সমালোচনা প্ৰতিবাদকাৰীৰ