ETV Bharat / state

সকলো ৰেচন কাৰ্ড হিতাধিকাৰীয়ে অৰুণোদয় নাপাবও পাৰে - Orunodoi scheme

author img

By ETV Bharat Assamese Team

Published : 1 hours ago

Assam Orunodoi scheme : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 12.60 লাখ হিতাধিকাৰীৰে অৰুণোদয় 3.O মুকলি কৰাৰ পিচতেই সকলো জিলাতে আৰম্ভ হয় এইখন আঁচনিখন । কোনখন জিলাৰ কোনটো সমষ্টিত কিমান সংখ্য়ক হিতাধিকাৰীয়ে লাভ কৰিব এই আঁচনিৰ ধন সেয়াও প্ৰকাশ কৰা হৈছে । ধেমাজি বিধানসভা সমষ্টিত কিমানে লাভ কৰিব অৰুণোদয় 3.O ৰ ধন ?

Assam Orunodoi scheme
অৰুণোদয় ৩.০ মুকলি শিক্ষামন্ত্ৰীৰ (ETV Bharat Assam)

ধেমাজি, 20 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অৰুণোদয় 3.O আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ সমান্তৰালভাৱে ধেমাজিতো মুকলি কৰা হয় এই আঁচনিখন ৷ প্ৰচণ্ড গৰমৰ মাজতে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ধেমাজি জিলাৰ গোগামুখত অৰুণোদয় 3.O আৰু ৰেচন কাৰ্ডৰ নতুন হিতাধিকাৰী সংযোজনৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় ৷

বৃহস্পতিবাৰে গোগামুখ কৃষ্টি ভৱনত অনুষ্ঠিত এই আঁচনিৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ লোকসেৱা ভৱনত অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰি ভাৰ্চুৱেলী ৰাজ্যবাসীক সম্বোধন কৰে ৷ ইয়াৰ পিচতে ধেমাজি বিধানসভা সমষ্টি ভিত্তিকভাৱে গোগামুখ কৃষ্টি ভৱনত শিক্ষামন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে অৰুণোদয় 3.O আৰু ৰেচন কাৰ্ডৰ নতুন হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়াৰ ৷

  • ধেমাজি বিধানসভা সমষ্টিত কিমান নতুন ৰেচন কাৰ্ড সংযোজন ?

শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুৱে আঁচনিখন মুকলি কৰি কয়, "ৰাজ্যত অৰুণোদয় 2.0 ত আছিল 24 লাখ 60 হাজাৰ হিতাধিকাৰী । এতিয়া অৰুণোদয় 3.O ত 37 লাখলৈ বৃদ্ধি পাব ৷ সেইদৰে নতুন ৰেচন কাৰ্ডত 19 লাখ 20 হাজাৰ সংযোজন হ’ব ৷ কেৱল ধেমাজি বিধানসভা সমষ্টিতে 13 হাজাৰ নতুন ৰেচন কাৰ্ড সংযোজন হ’ব ৷"

এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়,"এতিয়াৰে পৰা সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাবও পাৰে অৰুণোদয় ৷ কাৰণ অৰুণোদয় হিতাধিকাৰীৰ হ'বৰ বাবে পৰিয়ালটোৰ বছৰেকীয়া আয় সৰ্বোচ্চ দুই লাখ বা তলৰ হ’ব লাগিব ৷"

  • ADRE ৰ প্ৰশ্ন কাকত ফাদিলত কোন জড়িত নাজানে শিক্ষামন্ত্ৰীয়ে

উক্ত অনুষ্ঠানতে ADRE ৰ প্ৰশ্ন কাকত ফাদিল কৰা অভিযুক্তক কেনে শাস্তি দিয়া হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নত আইনে জানিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ঘটনাটোত আৰু ব্যক্তি জড়িত আছে নেকি বুলি সোধা প্ৰশ্নত "মই নাজানো" বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

লগতে পঢ়ক:সমষ্টিয়ে সমষ্টিয়ে অৰুণোদয় 3.O ৰ শুভাৰম্ভণি অনুষ্ঠান; উপস্থিত থাকিল মন্ত্ৰী-বিধায়ক - Orunodoi scheme

ৰাজ্যত মুকলি অৰুণোদয় 3: আবেদনৰ পৰা ধন লাভলৈকে সকলো খৰচি মাৰি জানি লওক - Assam Orunodoi scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.