ETV Bharat / state

আমচৈত বন বিভাগৰ জ্ঞাতসাৰে চলিছে অবৈধ শিলৰ খনন : ক্ষুব্ধ স্থানীয় ৰাইজ - Illegal stone mining in Raha

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 9:59 AM IST

Illegal stone mining: অসমৰ ভিন্ন প্ৰান্তৰ লগতে ৰহাৰ আমচৈত দীৰ্ঘদিন ধৰি অব্যাহত শিলৰ অবৈধ খনন । বন বিভাগৰ লোকৰ ছত্ৰছায়াত খনন চলি থকাৰ অভিযোগ স্থানীয় লোকৰ ৷ শীঘ্ৰেই বন্ধৰ দাবী স্থানীয় ৰাইজৰ ৷

Illegal stone mining
আমচৈত বন বিভাগৰ জ্ঞাতসাৰে চলিছে অবৈধ শিল খনন: ক্ষুব্ধ স্থানীয় ৰাইজ (ETV Bharat Assam)

ৰহা, 25 জুন: ৰহাৰ আমচৈত বন বিভাগৰ জ্ঞাতসাৰে চলিছে অবৈধভাবে শিল খনন । অভিযোগ অনুসৰি আমচৈ শিৱকুণ্ড টঙীয়া ভিলেজত অবৈধভাবে পাহাৰৰ শিল কাটি ৰমৰমীয়া ব্যৱসায় চলাইছে একাংশ চোৰাং ব্যৱসায়ীয়ে ।

স্থানীয় লোকে তোলা অভিযোগ অনুসৰি বিগত বহু বছৰ ধৰি চৰকাৰ তথা বন বিভাগৰ অনুমতি অবিহনে এনেদৰে শিল খনন কৰাৰ লগতে ইয়াৰ চোৰাং বেহা চলাই থকা হৈছে । শিল খনন আৰু বিক্ৰীৰ বাবে বিভাগীয় কোনো অনুমোদন লাভ নকৰাকৈয়ে এনেদৰে চোৰাং কাৰবাৰ চলাই থকা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: জাঁজী নৈত কৰ ফাঁকিৰে বালি খনন চলাই যোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ - Illegal Sand Mining In Amguri

স্থানীয় ৰাইজে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এনেকৈ বছৰ বছৰ ধৰি প্ৰায় প্ৰতিদিনে একাংশ চোৰাং ব্যৱসায়ীয়ে পাহাৰৰ শিল খনন কৰি গৈছে যদিও কোনো কাণষাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ । স্থানীয় ব্যক্তি জড়িত হৈ আছে এই চোৰাং কাৰ্যৰ সৈতে । আনকি শিল খননৰ পাচত আমচৈ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমুখেৰেই নিৰাপদে কঢ়িয়াই লৈ যোৱা হয় এই গাড়ীবোৰ । বন বিভাগ আৰু চোৰাং শিল ব্যৱসায়ীৰ গোপন মিতিৰালিৰ বাবে সম্ভৱ হৈছে এই অবৈধ শিল খনন কাৰ্য ৷"

সমগ্ৰ ঘটনা সন্দৰ্ভত সংশ্লিষ্ট বন সংমণ্ডলৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে স্থানীয় ৰাইজে ৷ আনকি বিষয়টো সন্দৰ্ভত কেবাবাৰো বিভাগত অভিযোগ দাখিল কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি চাঞ্চল্যকৰ ভাষ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে স্থানীয় লোকে ।

উল্লেখ্য যে, বনাঞ্চলৰ পৰিমাণ হ্ৰাস হৈ অহাৰ ফলত অঞ্চলটোত বন্যহস্তীৰ মুক্ত বিচৰণ বৃদ্ধি পাইছে বুলি স্থানীয় লোকে জনায় ৷ যিয়ে শংকিত কৰি তুলিছে স্থানীয় লোকসকলক ৷

লগতে পঢ়ক: ৩১ অক্টোবৰলৈ গুৱাহাটীৰ পাহাৰ খননত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ - Ban on Illegal Hill Mining

এক্সেভেটৰ লৈ ভোগদৈৰ বুকু কুৰুকিছে কোনে ? - Illegal mining in Bhogdoi river

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.