ETV Bharat / state

মৰিগাঁৱত অব্যাহত নিষিদ্ধ থাইলেণ্ড মাগুৰৰ বেপাৰ - Thai Magur in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:55 PM IST

Thiland Magur trading in Assam: মৰিগাঁৱত এতিয়াও অব্যাহত আছে মাৰাত্মক থাইলেণ্ড মাগুৰৰ ব্যৱসায় ৷ নিষিদ্ধ মাছবিধৰ ব্যৱসায় অব্যাহত ৰখা হৈছে জাগীৰোডত ৷ ইয়াৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত হৈছে ৷

THAI MAGUR IN ASSAM
মৰিগাঁৱত অব্যাহত নিষিদ্ধ থাইলেণ্ড মাগুৰৰ বেপাৰ (ETV Bharat Assam)

মৰিগাঁও, ১৩ জুন: ২০০০ চনতে ভাৰতীয় সেউজ প্ৰাধিকৰণে ভাৰতত থাইলেণ্ড মাগুৰ মাছ নিষিদ্ধ ঘোষণা কৰাৰ পিচতো মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ একাংশ মৎস্য পালকে উৎপাদন কৰি আহিছে লাখ লাখ থাইলেণ্ড মাগুৰ মাছৰ পোনা ৷ মৰিগাঁও জিলাৰ জাগীৰোডতো পালন কৰি থকা হৈছে লাখ লাখ থাইলেণ্ড মাগুৰ মাছৰ পোনা ৷

মন কৰিবলগীয়া যে এই মাগুৰ মাছে মানুহৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে বিপদ ৷ যাৰ বাবে ২০০০ চনতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা কৰিছিল থাইলেণ্ড মাগুৰ মাছ ৷ সমান্তৰালকৈ দেশত এইবিধ মাছ পালন, বিক্ৰী আৰু সৰবৰাহতো নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ পিছে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই থাইলেণ্ড মাগুৰ মাছৰ অবৈধ ব্যৱসায় অব্যাহত আছে মৰিগাঁও-জাগীৰোডত ৷

তথ্য মতে মাৰাত্মক কেন্সাৰ ৰোগৰ বাহক এই থাইলেণ্ড মাগুৰ ৷ একেদৰে জৈৱ বৈচিত্ৰৰ বাবেও ই ভাবুকিস্বৰূপ ৷ বিশেষকৈ এই থাইলেণ্ড মাগুৰে ভক্ষণ কৰি নিঃশেষ কৰে থলুৱা প্ৰজাতিৰ সকলো মাছ ৷ পৰিতাপৰ বিষয় এয়ে যে ইমানৰ পিচতো সুদূৰ পশ্চিমবংগৰ পৰা আমদানি কৰা এই মাৰাত্মক মাছ অনায়াসে জাগীৰোডত উপলব্ধ হয় ৷ উদ্বেগজনক বিষয় এয়ে যে মৰিগাঁও জিলাৰ প্ৰশাসন, মৰিগাঁও জিলা মীন বিভাগৰ চকুৰ সন্মুখতে জাগীৰোডৰ পালিগুৰিত প্ৰতিখন পাইকাৰী পোনা বিক্ৰেতাৰ দোকানে দোকানে উপলব্ধ এই নিষিদ্ধ মাছৰ পোনা ৷

লগতে পঢ়ক: প্ৰশাসনে নষ্ট কৰিলে ৰাজ্যলৈ অবৈধভাৱে অনা থাইলেণ্ড মাগুৰ

জিলা প্ৰশাসনক বৃদ্ধাঙুলি দেখুৱাই একাংশ অসাধু ব্যৱসায়ীয়ে জাগীৰোডত চলাই গৈছে বৰবিহস্বৰূপ নিষিদ্ধ মাছৰ ৰমৰমীয়া বেহা ৷ এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷ পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষী আৰু মৰিগাঁও জিলা মীন বিভাগে জব্দ কৰাৰ লগতে বিনষ্ট কৰে এই বৃহৎ পৰিমানৰ মাছৰ পোনাসমূহ ৷

অৱশ্যে একাংশ ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি স্থানান্তৰ কৰিবলৈ সক্ষম হয় বহু পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰৰ পোনা ৷ এইক্ষেত্ৰত জিলা আয়ুক্তক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে ৷ এতিয়া প্ৰশ্ন হয়, কাৰ বলত বলীয়ান হৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিষেধাজ্ঞাকো কেৰেপ নকৰি জাগীৰোডৰ এইসকল ব্যৱসায়ীয়ে চলাই গৈছে থাইলেণ্ড মাগুৰৰ অবৈধ বেহা ? মৰিগাঁও জিলাৰ আয়ুক্ত তথা কেন্সাৰ কেয়াৰ অব্ ইণ্ডিয়াৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব জিলাখনত চলি থকা কেন্সাৰৰ বাহক থাইলেণ্ড মাগুৰৰ অবাধ বেহাৰ বিৰুদ্ধে ? সেয়েহে জাগীৰোডবাসী ৰাইজে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মালৈ এইবিধ মাছ নিষিদ্ধ ঘোষণা কৰাৰ বাবে দাবী জনায় । কাৰ্যতঃ জিলাখনৰ মৎস্য পালকসকলক লৈ এখন সভা পতাৰ আহ্বান জাগীৰোডবাসী ৰাইজৰ ।

লগতে পঢ়ক: প্ৰশাসনে পুতিলে মৰিয়নিত জব্দকৃত নিষিদ্ধ থাইলেণ্ড মাগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.