ETV Bharat / state

বাংলাদেশী পত্নীক ভুৱা নথিৰে সজালে ভাৰতীয়; পত্নীৰ মুখেৰেই ওলাল সত্য; গ্ৰেপ্তাৰ হ’ল স্বামী - bangladeshi immigrants - BANGLADESHI IMMIGRANTS

Fake Indian documents: বাংলাদেশী পত্নীৰ নামত ভুৱা ভাৰতীয় নথি-পত্ৰ বনাই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল আব্দুল বাতেন চৌধুৰী নামৰ এগৰাকী যুৱক ৷ পঢ়ক সবিশেষ....

Husband arrested for making Indian documents
বাংলাদেশী পত্নীক ভাৰতীয় কৰে কেনেকৈ ? তাৰ পিচতে স্বামীৰ আজৱকাণ্ড (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 9:33 PM IST

হোজাই, 12 জুন : স্বামী-স্ত্ৰীৰ সম্পৰ্ক সকলোতকৈ প্ৰিয় সম্পৰ্ক বুলি কোৱা হয় ৷ কিন্তু যেতিয়া স্বামী-স্ত্ৰী সম্পৰ্কই দুখন দেশ ভেদিবলগীয়া হয় তেতিয়া ই কিমান কঠিন হ’ব পাৰে ? এইবাৰ হোজাই জিলাৰ মোৰাঝাৰত সংঘটিত হৈছে এনে এক ঘটনা ৷ বাংলাদেশী পত্নীৰ নামত ভাৰতীয় নথি-পত্ৰ বনোৱাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় মোৰাঝাৰৰ শিৱপুৰ গাঁৱৰ আব্দুল বাতেন চৌধুৰী নামৰ এগৰাকী যুৱক ৷

বাংলাদেশী পত্নীক ভাৰতীয় কৰে কেনেকৈ ? তাৰ পিচতে স্বামীৰ আজৱকাণ্ড (ETV BHARAT ASSAM)

ঘটনাৰ বিৱৰণী অনুসৰি, আব্দুল বাতেনৰ পত্নীৰ ঘৰ বাংলাদেশত ৷ ফলত তেওঁ পত্নীক ভাৰতীয় কৰিবলৈ লগালে বুদ্ধি ৷ তেওঁ পত্নীৰ প্ৰকৃত নামৰ সলনি হাজিৰা বেগম ছদ্মনামেৰে ভোটাৰ তালিকাত ভৰতীয় হিচাপে নাম অন্তৰ্ভুক্ত কৰাৰ লগতে আধাৰ কাৰ্ড, পেনকাৰ্ড, বেংক একাউন্টো বনাই দিলে স্বামীয়ে ৷

তাৰ পিচতে চলিত বৰ্ষৰ জানুৱাৰী মাহত আব্দুল বাতেনৰ পৰিয়ালে বাংলাদেশী মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈছিল আৰু পাচত মুমূৰ্ষ অৱস্থাত মোৰাঝাৰ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাইছিল ৷

পৰৱৰ্তী সময়ত মহিলাগৰাকীক আৰক্ষীয়ে সোধা পোছা কৰাত আব্দুল বাতেন আৰু তেওঁৰ আন সহযোগীসকলে কিদৰে ভোটাৰ তালিকাত বাংলাদেশী মহিলাগৰাকীক ভোটাৰ তালিকাত নাম ভৰ্তি কৰাৰ লগতে অন্যান্য ভাৰতীয় নথি-পত্ৰ বনাই দিছিল এই সম্পৰ্কে সকলো কথা অৱগত কৰে ৷

পাচত মোৰাঝাৰ আৰক্ষীয়ে ১১/২৪ নম্বৰত এটি নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি বাংলাদেশী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে অন্য অভিযুক্তসকলক বিচাৰি অভিযান চলাই আছিল ।

ইয়াৰ পিচতে মঙলবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে আব্দুল বাতেনক শিৱপুৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি বুধবাৰে হোজাইৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায় ৷ আৰক্ষীয়ে অভিযুক্ত স্বামীক সোধা পোছাৰ বাবে দুদিনৰ বাবে নিজ জিম্মালৈ আনে ৷

লগতে পঢ়ক: পল্লা পথত ডকাইতি কাণ্ডৰে জড়িত দুজন ডকাইতক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ - robbery case in nalbari

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.