ETV Bharat / state

উত্তাল ধেমাজি; আঁচনি ৰূপায়নৰ নামত কোনে গো-গ্ৰাসে গিলিলে চৰকাৰী ধন ? - DHEMAJI BIG SCAM

চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ ৷ তথ্য জনা অধিকাৰ আইনৰ সহায়ত এই ভয়াৱহ অনিয়মৰ কথা পোহৰলৈ আনিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷

Dhemaji Big Scam
ধেমাজিত প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 7:37 AM IST

ধেমাজি: স্বচ্ছ-নিকা আৰু দুনীৰ্তিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ধেমাজিত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ জিলাখনৰ পঞ্চায়তে পঞ্চায়তে চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এটা সংগঠনে ৷ তথ্য জনা অধিকাৰ আইনৰ সহায়ত এই ভয়াৱহ অনিয়মৰ কথা পোহৰলৈ আনিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷

অভিযোগ মতে ধেমাজি উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত চতুৰ্দশ আৰু পঞ্চদৰ্শ বিত্তীয় বৰ্ষত চৰকাৰী পুঁজিৰ আৱন্টনৰ নামত ব্যাপক অনিয়ম আৰু লুণ্ঠন কৰা হৈছে । চৰকাৰী সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু কৰ্মচাৰীয়ে আঁচনি ৰূপায়ণৰ নামত দুৰঅভিসন্ধি ৰচনা কৰি চৰকাৰী ধন গো-গ্ৰাসে গিলাৰ অভিযোগ তুলিছে ধেমাজিৰ একাংশ দল-সংগঠন আৰু ৰাইজে ৷

ধেমাজিত প্ৰতিবাদ (ETV Bharat)

ইয়াৰ বিৰুদ্ধে বুধবাৰে ধেমাজি সদৰৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় আৰু ধেমাজি আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষৰ নেতৃত্বত এদল প্ৰতিবাদকাৰীয়ে ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই দাঙি ধৰা তথ্য মতে ধেমাজি উন্নয়নখণ্ডৰ অধীনৰ উত্তৰ ধেমাজি পঞ্চায়তে পঞ্চদৰ্শ বিত্তীয় আয়োগৰ পুঁজিৰ পৰা উত্তৰ ধেমাজি পঞ্চায়ত কাৰ্যালয়ৰ বিদ্যুতৰ বিলৰ বাবদ 2,15,985 টকা সূদসহ 25 ডিচেম্বৰ 2023 ত পৰিশোধ কৰা দেখুৱাইছে যদিও পৰিশোধ কৰা ৰছিদসমূহ যোগান ধৰিব নোৱাৰিলে ৷

উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইপুলীয়া এম ই স্কুলৰ পৰা হাতীপৰালৈ যোৱা পথটো নিৰ্মাণ নকৰাকৈয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা দেখুৱাই 1,30,000,000 টকা ধন ছেপ্টেম্বৰ মাহত উলিয়াই নিয়াৰ তথ্য প্ৰকাশ পাইছে ৷ চতুদৰ্শ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত খোৱা পানীৰ আঁচনিৰ নামত কাম নকৰাকৈয়ে ধন আত্মসাৎ কৰাৰ ঘটনাও পোহৰলৈ আহিছে ৷

একেদৰে গোঁহাই গাঁও, উত্তৰ ধেমাজি, লক্ষীপথাৰ আৰু বিষ্ণুপুৰ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ নামত সংশ্লিষ্ট পক্ষই ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে ৷ তথ্য দাঙি ধৰি তেওঁলোকে কয় যে গোহাঁই গাঁও পঞ্চায়তৰ ভদেশ্বৰ কোঁৱৰ, মনোজ কোঁৱৰ, বিতু বৰগোহাঁই, মহেশ্বৰ বৰুৱাই ধেমাজি জিলা আয়ুক্তক যোৱা ১০/১/২০২৪ ত লিখিতভাৱে গোহাঁই গাঁও এম ভি স্কুলৰ ফিল্ড উন্নয়নৰ নামত এনৰেগাৰ অধীনত কোনো কাম কৰা নাই আৰু ধনো লোৱা নাই বুলি জনায় ৷

সেইদৰে উত্তৰ ধেমাজি পঞ্চায়তৰ অন্তৰ্গত আদিকলীয়া বালিপথাৰ পুখুৰী আৰু আদিকলীয়া বালিদেউৰী পথাৰ পুখুৰী দুটা ব্যক্তিগতভাৱে খন্দা দেখুৱাই ক্ৰমে 3,14,204 আৰু 2,69,488 টকাৰ ভুৱা বিল প্ৰস্তুত কৰি ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে । কিয়নো উল্লিখিত পুখুৰী দুটাৰ উক্ত গাঁও দুখনত বৰ্তমানহ অস্তিত্বই নাই বুলি অভিযোগ কৰে তেওঁলোকে ৷

উল্লেখ্য যে এই সমস্ত দুনীৰ্তিৰ বিষয়ে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা বুলি জানিবলৈ দিয়ে সংগঠনটোৰ নেতৃত্বই ৷ সেয়ে চৰকাৰী ৰাজকোষৰ ধন অবাধে দুনীৰ্তিৰে উদৰস্থ কৰা সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক শীঘ্ৰেই তদন্ত কৰি শাস্তি দিবলৈ দাবী জনাই ধেমাজি জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে প্ৰশাসনক ১৫ দিনৰ সময় সীমা বান্ধি দি ঘটনাৰ লগত জড়িত যিকোনো লোককে শাস্তি বিহিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: এফালে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; আনফালে ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি দি ৰাইজৰ প্ৰতিবাদ

খোদ দিছপুৰতে ১০০ শতাংশ কাম-কাজ ইংৰাজীত চলে: পলাশ চাংমাইৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.