ETV Bharat / state

নিচামুক্তি কেন্দ্ৰ ভৰি পৰিছে এইচ আই ভি-হেপাটাইটিছ 'চি'ত আক্ৰান্তৰে - HIV case in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 8:02 PM IST

De addiction Centre in Jonai: জোনাইত উদ্বেগজনকভাৱে এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা ।

De addiction Centre in Jonai
জোনাই মহকুমা স্বাস্থ্য বিষয়া (ETV Bharat Assam)

জোনাই, ২৩ জুলাই: ধেমাজি জিলাৰ জোনাইত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্তৰ সংখ্য়া । জিলাখনৰ জোনাইৰ ছটা নিচামুক্তি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি থকা প্ৰায় ৯৫ শতাংশ লোকই এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্ত বুলি সদৰী কৰিছে জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে । এই ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পিচতে জোনাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে মঙলবাৰে এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰি কয় যে জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত দিনক দিনে মাৰাত্মক ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্তৰ সংখ্য়া বাঢ়িছে । বিশেষকৈ জোনাইৰ নিচামুক্তি কেন্দ্ৰসমূহত থকা ৰোগীসকলৰ শৰীৰত ইয়াৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ সদৰী কৰে । তেওঁৰ এই সংবাদমেলৰ পিচতে এটা সাংবাদিকৰ দলে জোনাই সদৰত থকা ছটা নিচামুক্তি কেন্দ্ৰত চৰজমিন তদন্ত চলাই এই ভয়ংকৰ তথ্য পোহৰলৈ আনে ।

জোনাইৰ মহমৰাস্থিত 'দ্য় হিলিং হোম ট্ৰাষ্ট' নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৩০ জন নিচাসক্তৰ ভিতৰত দুজন এইচ আই ভিত আক্ৰান্ত হোৱাৰ সন্দেহ কৰাৰ লগতে ২৬ জনৰ হেপাটাইটিছ 'চি' ধৰা পৰিছে । আনহাতে, জোনাই উদয়পুৰস্থিত 'হিলিং ৰিক'ভাৰী ফাউণ্ডেচন' নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ১৫ গৰাকী নিচাসক্তৰ ভিতৰত কেন্দ্ৰটোৰ এজন কৰ্মচাৰীৰ এইচ আই ভি আৰু এজনৰ হেপাটাইটিছ 'চি' ধৰা পৰিছে । তদুপৰি অসম-অৰুণাচল সীমান্ত 'লেকুস্থিত ইণ্ডিপেণ্ডেন্ট ৰিহেবিলিটেচন' নামৰ নিচামুক্তি কেন্দ্ৰত মুঠ ২২ জন নিচাসক্তৰ ভিতৰত ছজন এইচ আই ভি পজিটিভ আৰু ১৬ জনৰ হেপাটাইটিছ 'চি' পোৱা বুলি উল্লেখ কৰিছে কেন্দ্ৰটোৰ বিষয়াই ।

লগতে পঢ়ক:ৰাজ্যত ২০২৩ লৈ চিনাক্ত হৈছে ১৩,৭২৯ গৰ‍াকী HIV ৰোগী

ইপিনে, নেপালীবস্তিস্থিত এ ইউনিট অৱ ইণ্ডিপেণ্ডেন্ট ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৭ জন নিচাসক্তৰ ভিতৰত দুজন এইচ আই ভি পজিটিভ আৰু এজনৰ হেপাটাইটিছ 'চি' থকাৰ কথা সদৰী কৰে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই I তদুপৰি নেপালী বস্তিস্থিত বেটাৰ লাইফ ৱেলনেছ নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ২৩ জন নিচাসক্তৰ ভিতৰত ছজন এইচ আই ভি পজিটিভ আৰু ১৯ জন হেপাটাইটিছ 'চি ' আৰু ৰতকে গাঁৱত থকা ব'ৰিছ ৱেলনেছ ট্ৰাষ্ট নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৮ জন নিচাসক্তৰ ভিতৰত দুজনৰ শৰীৰত এইচ আই ভি ধৰা পৰিছে । অৱশ্যে ইয়াৰে ইতিমধ্যে এজনক মুকলি কৰি দিয়া বুলি কয় এই কেন্দ্ৰটোৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক:এইডছ আক্ৰান্ত ব্যক্তিৰ মৃত্যু; কি ব্যৱস্থা ল’ব জিলা প্ৰশাসনে ? - HIV Positive Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.