ETV Bharat / state

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে ঐতিহাসিক চৰাইদেউ মৈদাম - Charaideo Maidam

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 8:41 PM IST

Charaideo Maidam : এইবাৰ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি সকলোৱে আশা কৰিছে ৷ অসমবাসীৰ বাবে আহিব লগা ভাল খবৰটো যাতে সম্ভৱ হৈ উঠে তাৰ বাবে আজি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে মৈদামস্থলীত চাকি-বন্তি জ্বলাই আশিস বিচাৰে ৷

CHARAIDEO MAIDAM
আশাবাদী অসমবাসী (ETV Bharat Assam)

মৰাণ, 25 জুলাই : আহোম ৰাজ শাসনৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰি আছে ঐতিহাসিক চৰাইদেউ মৈদামে ৷ এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদামে ৷ 2014 বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পাচতে এইবাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি সকলোৱে আশা কৰিছে ৷

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদামে (ETV Bharat Assam)

21 জুলাইৰ পৰা 31 জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক সন্মিলন ৷ এই সন্মিলনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে ৷ এই সন্মিলনত ভাৰতৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদামেও বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনা আছে বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷ বিশেষ খবৰ অনুসৰি 26 জুলাইত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান পোৱা সম্ভাৱনা আছে ৷

অসমবাসীৰ বাবে আহিব লগা ভাল খবৰটো যাতে সম্ভৱ হৈ উঠে তাৰ বাবে আজি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে মৈদামস্থলীত চাকি-বন্তি জ্বলাই আশিস বিচাৰে ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যথলীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত যাতে কোনো বাধা-বিঘিনি নাহে তাৰ বাবে উপৰি পুৰুষৰ ওচৰত বন্তি প্ৰজ্বলন কৰি অধিবেশনৰ সকলো কাম যাতে নিয়াৰিকৈ সম্পন্ন‌ হয় তাৰ বাবে প্ৰাৰ্থনা জনায় ৷ অনুষ্ঠানটোত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ উপস্থিত থাকি চৰাইদেউৰ আন্তঃগাথঁনিৰ উন্নয়নৰ লগতে দেশী-বিদেশী পৰ্যটকৰ বাবে সু-ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই চৰকাৰক ৷

লগতে পঢ়ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব নে চৰাইদেউ মৈদাম ? - Charaideo Maidam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.