ETV Bharat / state

ঐতিহাসিক অসম চুক্তিয়ে ভৰি দিলে ৪০ বছৰত : কি পালে অসমে ? - Assam Accord

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 11:40 AM IST

Updated : Aug 15, 2024, 5:54 PM IST

Assam Accord : অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা ৬ বছৰীয়া আন্দোলনৰ প্ৰেক্ষাপটত অসম চুক্তি স্বাক্ষৰ হৈছিল । কাৰ্যতঃ আজিও ৰূপায়ণ নহ'ল এই ঐতিহাসিক চুক্তি । ইতিমধ্যে ৩৯ বছৰ সম্পূৰ্ণ কৰা এই চুক্তিৰ ফলত অসম কেনেদৰে উপকৃত হ'ল ?

Assam Accord
ঐতিহাসিক অসম চুক্তিয়ে ভৰি দিলে ৪০ বছৰত (ETV Bharat)

গুৱাহাটী,১৫ আগষ্ট : আজি স্বাধীনতা দিৱস । ১৯৮৫ চনৰ আজিৰ দিনটোৰ এদিন পূৰ্বে অৰ্থাৎ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি । অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা ৬ বছৰীয়া আন্দোলনৰ প্ৰেক্ষাপটত হোৱা ঐতিহাসিক অসম চুক্তিয়ে ৩৯ বছৰ সম্পূৰ্ণ কৰি আজি ৪০ বছৰত ভৰি দিলে । বিগত ৩৯ বছৰে কাৰ্যতঃ ৰূপায়ণ নহ'ল অসম চুক্তি ।

আজিও অসমে অনুপ্ৰৱেশৰ সমস্যাৰ পৰা মুক্ত হোৱা নাই । অবৈধ বিদেশী সমস্যাৰে আজিও যুঁজ দি অসমে পুনৰ বিদেশীৰ বোজা গ্ৰহণ কৰিবলগীয়া হৈছে । এইবাৰ আইনৰ যোগেদি বোজা বহন কৰিছে অসমে । নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ জৰিয়তে এজনে হ'লেও অসমৰ পৰা নাগৰিকত্ব লাভ কৰিলে ।

৬ বছৰীয়া আন্দোলনৰ পাছত অসম চুক্তিৰ জৰিয়তে অসমে বিদেশীৰ এক বোজা বহন কৰি এটা ভিত্তি বৰ্ষ লাভ কৰিছিল যদিও আজিৰ তাৰিখত সেই ভিত্তিবৰ্ষৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰিল । কাৰণ ১৯৭১ চনৰ সেই ভিত্তিবৰ্ষৰ পাছত অহা বিদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব । কাছাৰৰ দুলন দাস নামৰ লোকজনে 'কা'ৰ জৰিয়তে লাভ কৰিলে নাগৰিকত্ব । এক কথাত অসম চুক্তিখনকে নসাৎ কৰা হ'ল ।

অসম চুক্তি ৰূপায়ণত গুৰুত্ব নিদিলে কোনো এখন চৰকাৰে :

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত স্বাক্ষৰিত হৈছিল 'অসম চুক্তি'। ঐতিহাসিক অসম চুক্তিয়ে ৪০ বছৰত ভৰি দিলে । ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ৰে পৰা বিগত ৩৯ বছৰত দিল্লী আৰু দিছপুৰত বহুকেইটা দলে শাসন চলালে যদিও কোনো এটা দলৰ চৰকাৰেই 'অসম চুক্তি'ক প্ৰাধান্যতা নিদিলে । অসমীয়া জাতিৰ বাবে চৰম পৰিতাপৰ বিষয় যে বিগত ৩৯ টা বছৰত চুক্তিখনৰ অন্যতম উল্লেখযোগ্য দফাকেইটা ৰূপায়ণৰ ক্ষেত্ৰত যথোচিত গুৰুত্বই লাভ নকৰিলে ।

আনহাতে চুক্তিখন ৰূপায়ণৰ বাবে অসমত বিগত সময়ত শাসনভাৰ গ্ৰহণ কৰা কোনো এটা ৰাজনৈতিক দলৰ চৰকাৰেই দিল্লীৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি ন্যায্যপ্রাপ্য আদায় কৰাত সফল হ'ব নোৱাৰিলে । অৱশ্যে অসম চুক্তি ৰূপায়ণৰ বাবে সুকীয়া এটা বিভাগ গঠন কৰি ৰাজ্য চৰকাৰে একোজন মন্ত্ৰীক এই বিভাগৰ দায়িত্ব দি আহিছে ।

লগতে পঢ়ক :৩৯ বছৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱৰাটো লাজৰ বিষয় : লুৰীণজ্যোতি গগৈ - 39 years of Assam Accord

কেৱল মাথো বিশেষজ্ঞ কমিটী গঠনতে সীমাবদ্ধ :

অবৈধ বিদেশী বহিষ্কাৰৰ নামত ৮৫৫ গৰাকী শ্বহীদ হোৱাৰ লগতে আন্দোলন দমনৰ নামত নিৰাপত্তাৰক্ষীৰ নির্যাতনত হাজাৰজন চিৰদিনৰ বাবে ঘূণীয়া হ'ল । হাজাৰ হাজাৰ শিক্ষার্থীৰ শিক্ষাবর্ষ লোকচান হ'ল । ইমানৰ পাছতো অসম চুক্তি আজিও গেঁঠেলা মাৰিয়েই থাকিল ।

লক্ষণীয় বিষয় যে অসমত চৰকাৰ সলনিৰ লগে লগেই প্রতিখন ৰাজ্য চৰকাৰেই অসম চুক্তি ৰূপায়ণৰ বাবে ইখনৰ পাছত সিখন বিশেষজ্ঞ কমিটী গঠন কৰে । তেনে বিশেষজ্ঞ কমিটীয়ে নির্ধাৰিত সময়ত প্রতিবেদন দাখিল কৰে যদিও উক্ত প্রতিবেদন ৰূপায়ণ কৰাত চৰকাৰসমূহ ৰহস্যজনকভাৱে মৌন হৈ থাকে ।

তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম চুক্তি ৰূপায়ণক বিশেষ গুৰুত্ব দিয়াৰ বাবে ২০১৯ চনৰ ১৫ জুলাইত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অবসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত চুক্তিৰ অতিশয় গুৰুত্বপূর্ণ ৬ নং দফা সন্দৰ্ভত এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছিল । এই কমিটীয়ে ২০২০ চনৰ ফেব্ৰুৱাৰীত প্রতিবেদন সম্পূর্ণ কৰি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত দাখিল কৰিব বিচাৰিছিল যদিও কেন্দ্রীয় গৃহ মন্ত্ৰীয়ে কমিটীখনক তেতিয়াৰে পৰা সময় দিব নোৱাৰিলে আৰু অসমৰ জাতীয় স্বার্থ জড়িত হৈ থকা উক্ত প্ৰতিবেদনৰ বাবে বিগত ৪ বছৰেও কেন্দ্রীয় গৃহ মন্ত্ৰীৰ সময়েই নোলাল ।

পৰৱর্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ২০২১ চনৰ ৪ অক্টোবৰত গঠন হ'ল এখন নতুন কমিটী । আছুৰ প্ৰাক্তন সভাপতি তথা অগপৰ সভাপতি তথা অসম চুক্তি ৰূপায়ণৰ দায়িত্বত থকা মন্ত্রী অতুল বৰাৰ নেতৃত্বত গঠন হোৱা এই কমিটীখন পূর্বৰ সোণোৱাল চৰকাৰৰ দিনত গঠন হোৱা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বৰ কমিটীখনে প্রস্তুত কৰা প্রতিবেদনখন চালি-জাৰি চাবৰ বাবে ঠিক কৰা হ'ল ।

মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন হোৱা এই কমিটীয়ে বিস্তৃতভাবে অধ্যয়ন কৰি ৩ মাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰাৰ বাবেও সময় নিৰ্ধাৰণ কৰা হ'ল । কিন্তু অসম চুক্তিয়ে ৪০ বছৰত ভৰি দিয়াৰ সময়তো মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাৰ নেতৃত্বত গঠন হোৱা উক্ত কমিটীখনৰ তিনিমাহ সময় বিগত ২০২১ চনৰ অক্টোবৰৰ পৰা চলিত ২০২৪ চনৰ আগষ্টলৈকে আহিয়েই নাপালেহি । এনেদৰে 'অসম চুক্তি' ৰূপায়ণৰ বিষয়ক কেন্দ্ৰ কৰি দিল্লী-দিছপুৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ অৰ্থে হোঁহকা-পিছলা কৰি সুদীৰ্ঘ ৩৯ বছৰে অসম আৰু অসমীয়াক সাংবিধানিক সুৰক্ষা প্ৰদানৰ পৰা বিৰত ৰাখি আহিছে ।

এসময়ত অসমৰ ছাত্র সমাজে ভৱিষ্যতৰ জাতীয় সংকটৰ প্ৰতি উদ্বিগ্ন হৈ আৰম্ভ কৰিছিল অবৈধ বিদেশী বহিষ্কাৰৰ আন্দোলন । পৰৱৰ্তী সময়ত ছাত্র আন্দোলন গণ আন্দোলনলৈ ৰূপান্তৰ হোৱাৰ পৰিণতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পাদিত অসম চুক্তি যে সময় বাগৰি ৪০ বছৰত ভৰি দিয়াৰ সময়তো চুক্তিখন দিল্লী-দিছপুৰ দৃষ্টিত অৱহেলিত হৈ ৰোৱাত এতিয়া ইতিহাসৰ পাতত অসম চুক্তি অন্য এক প্ৰতাৰণাৰ দলিল হৈয়ে ৰৈছে ।

লগতে পঢ়ক :শৰীৰত তেজ থকালৈকে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম : মুখ্যমন্ত্রী - CM ON USTM ISSUE

এন আৰ চিৰ নামত প্ৰতাৰণা :

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ চমুকৈ এন আৰ চিক লৈ অসমবাসী যথেষ্ঠ আশাবাদী আছিল যদিও কাৰ্যতঃ কি হ'ল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । বিশাল পৰিমাণৰ পুঁজি আৰু বহু লোকৰ শ্ৰমৰ অন্তত এন আৰ চি প্ৰস্তুত হ'ল যদিও অসমবাসীয়ে এখন শুদ্ধ আৰু নিখুঁত এন আৰ চি লাভৰ পৰা আজিও বঞ্চিত হৈ থাকিল । এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পালে যদিও বিভিন্ন পক্ষৰ অসন্তুষ্টিৰ বাবে বৰ্তমান বিষয়টো ন্যায়ালয়ৰ মজিয়াত আছে ।

নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' :

অসম চুক্তি অনুসৰি অসমে ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে বিদেশীৰ বোজা বহন কৰিলে । এই ভিত্তিবৰ্ষৰ পাছত অহা বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাটো আছিল চুক্তিৰ অংশ । কিন্তু সময় বাগৰি ৩৯ টা বছৰ পাৰ হৈ গ'ল যদিও অবৈধ বিদেশী সমস্যাৰ পৰা মুক্ত নহ'ল অসম । এন আৰ চি কৰা হ'ল যদিও কামত নাহিল ।

মুঠতে অবৈধ বিদেশীৰ বিৰুদ্ধে চলা এক দীঘলীয়া আন্দোলনৰ ফলত হোৱা অসম চুক্তিৰ মূল আধাৰটোকে আজিলৈকে কাৰ্যকৰী কৰা নহ'ল । বিদেশী সমস্যা সমাধান কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে জাপি দিলে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'। ইয়াৰ ফলত ২০১৪ চনৰ আগলৈকে অহা অমুছলমান লোকে নাগৰিকত্ব লাভৰ পথ প্ৰশস্ত কৰা হ'ল ।

কাৰ্যতঃ নসাৎ কৰা হ'ল অসম চুক্তি । ১৯৮৮ চনত অসমত প্ৰৱেশ কৰি বৰাকত আশ্ৰয় লোৱা এজন লোকে 'কা'ৰ জৰিয়তে লাভ কৰিলে নাগৰিকত্ব । অৰ্থাৎ বৰ্তমান সময়ত অসম চুক্তিৰ মূল আধাৰটোকে নাইকিয়া কৰা হ'ল । তেনেস্থলত অসম চুক্তিৰ জৰিয়তে অসমবাসীয়ে কি পালে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক :কেন্দ্ৰই সাহায্য দিলে নে ঠগিলে: বানবিধ্বস্ত অসমলৈ এন ডি আৰ এফ শিতানত পাঁচ বছৰত দিলে মাত্র ২০৫ কোটি টকা - ASSAM FLOOD 2024

Last Updated : Aug 15, 2024, 5:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.