ETV Bharat / state

আমছুক নিষিদ্ধ ঘোষণাৰ দাবী : আমছুক অসমীয়া জাতিৰ শত্ৰু আখ্যা হিন্দু যুৱ পৰিষদৰ - Hindu Yuva Parishad - HINDU YUVA PARISHAD

Hindu Yuva Parishad on AAMSU : আমছুক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছে হিন্দু যুৱ পৰিষদে ৷ আমছুৰ নেতাসকল অবৈধভাৱে গৰু সৰবৰাহকাৰী, বাংলাদেশীৰ ৰক্ষক বুলি মন্তব্য ৷ আমছুক অসমীয়া জাতিৰ শত্ৰু আখ্যা ৷

Hindu Yuva Parishad on AAMSU
আমছুক নিষিদ্ধ ঘোষণাৰ দাবী হিন্দু যুৱ পৰিষদৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 5:11 PM IST

গোলাঘাট, ২৬ আগষ্ট : ‘‘আমছুক অসমৰ পৰা নিষিদ্ধ ঘোষণা কৰিব লাগে ৷ আমছু অবৈধ বাংলাদেশীৰ ৰক্ষক ৷ তদুপৰি আমছু ড্ৰাগছ, অবৈধভাৱে গৰু সৰবৰাহৰ আদিৰ লগত জড়িত ৷’’ আমছুক অসমীয়া জাতিৰ শত্ৰু আখ্যা দি এইদৰে সোমবাৰে গোলাঘাট প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত হিন্দু যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পল্লৱ শইকীয়া সৰৱ হোৱা দেখা গ’ল ৷

আমছুক নিষিদ্ধ ঘোষণাৰ দাবী হিন্দু যুৱ পৰিষদৰ (ETV Bharat Assam)
  • আমছুক নিষিদ্ধ কৰাৰ দাবী :

হিন্দু যুৱ পৰিষদ অসম কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই কয়, ‘‘আমাৰ প্ৰথম দাবী হৈছে অসমত আমছুক নিষিদ্ধ ঘোষণা কৰিব লাগে ৷ আমছুৰ কোনো অধিকাৰ নাই ৷ আমছুৰ নেতাসকল অবৈধভাৱে গৰু সৰবৰাহকাৰী, আমছুৰ নেতাসকল অবৈধ বাংলাদেশীৰ ৰক্ষক ৷ আমছু অসমীয়া জাতিৰ শত্ৰু ৷’’

  • সংখ্যালঘুসকলে নিজকে অসমীয়া বুলি চিনাকি দিয়াৰ আহ্বান :

পল্লৱ শইকীয়াই লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকসকলক আমি আহ্বান জনাইছো তেওঁলোকে নিজকে অসমীয়া হিচাবে পৰিচয় দি অসমৰ খিলঞ্জীয়া লোকৰ সৈতে থিয় হওঁক ৷ অসমৰ সুৰক্ষাৰ বাবে তেওঁলোকে কাম কৰক ৷ বিহাৰী, মাৰোৱাৰী আদি অসমত যিমান হিন্দীভাষী লোক আছে, তেওঁলোকে অসমীয়া হৈ অসমত থাকিবলৈ আৰম্ভ কৰক ৷ অসমীয়া ভাষা, অসমীয়াৰ স্বাভিমানক তেওঁলোকে প্ৰশংসা কৰি অসমীয়া জাতিটোক বচাবলৈ ভাতৃত্ববোধেৰে আগবাঢ়ক ৷ অন্যথা প্ৰদীপ দত্ত ৰয়ক যিদৰে জে’ললৈ প্ৰেৰণ কৰিছোঁ, সেইদৰেই অসমীয়া জাতিটোৰ ওপৰত দুষ্কাৰ্য কৰাসকলৰ ক্ষেত্ৰত থমকি নৰ’ম ৷’’

  • ভোটবেংকৰ স্বাৰ্থত অবৈধ মিঞাপ্ৰীতি বন্ধ কৰাৰ আহ্বান :

আনহাতে ভোটবেংকৰ স্বাৰ্থত অবৈধ মিঞাপ্ৰীতি বন্ধ কৰি অসম মাতৃক সুৰক্ষা প্ৰদান কৰিবলৈ সংগঠনটোৱে ৰাজনৈতিক দলক আহ্বান জনায় ৷ ইয়াৰোপৰি অসম আৰক্ষীক অধিক ক্ষমতা প্ৰদান কৰাৰ লগতে সৰ্বাধিক সেনা বাহিনী মোতায়েনৰ বাবে দাবী জনায় হিন্দু যুৱ পৰিষদে ৷ তদুপৰি আমছুৰ উপদেষ্টা তথা কংগ্ৰেছ নেতা আইনুদ্দিন আহমেদক অসমীয়া হৈ থাকিবলৈ সকিয়নী প্ৰদান কৰে হিন্দু যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে ৷

লগতে পঢ়ক : অসমৰ আইন-শৃংখলা বিঘ্নিত হ'বলৈ নিদিব: আবু বক্কৰ ছিদ্দিক

বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি মিঞা পৰিষদৰ

ডিব্ৰুগড়ত আটাছুৰ মিঞা বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.