ETV Bharat / state

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত হিন্দী ভাষা কেনেকৈ বাধ্যতামূলক হ'ল ? অসম সেনাৰ সকীয়নি - Assamese Language

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 6:16 PM IST

ICFRE Jorhat : বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়ুক্তি প্ৰক্ৰিয়াত বাধ্যতামূলক কৰিলে হিন্দী ভাষা ৷ এই বিষয়টো পোহৰলৈ অহাৰ পিচতেই এতিয়া জাঙুৰ খাই উঠিছে অসম সেনা ৷

RAINFOREST RESEARCH INSTITUTE
অসমতে অসমীয়া ভাষা হ'ল এলাগী (ETV Bharat Assam)

যোৰহাট, 1 আগষ্ট : যোৰহাট চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কৰ্তৃপক্ষই গ্ৰহণ কৰা এক হঠকাৰী সিদ্ধান্তই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ প্ৰতিষ্ঠানটোৰ নিম্নবৰ্গৰ সহায়ক পদৰ বাবে মুকলি কৰা পাঠ্যক্ৰমত অসমীয়াৰ পৰিৱৰ্তে হিন্দী বাধ্যতামূলক কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে বিভিন্ন দল-সংগঠনৰ লগতে প্ৰাৰ্থীসকলক ৷ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই অসমীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ কৰি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনে ৷

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ হঠকাৰী সিদ্ধান্ত (ETV Bharat Assam)

জানিব পৰা মতে যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে 2023 চনৰ 23 আগষ্টত 7 টাকৈ নিম্নবৰ্গৰ সহায়ক পদৰ নিযুক্তিৰ বাবে জাননী জাৰি কৰিছিল ৷ এই জাননীৰ লগে লগে নিযুক্তি পৰীক্ষাৰ পাঠ্যক্ৰমো প্ৰকাশ কৰিছিল প্ৰতিষ্ঠানটোৱে ৷ কিন্ত অতি আশ্চৰ্যজনকভাৱে এঘাৰ মাহ পূৰ্বেই দিয়া এই জাননীখন সলনি কৰি এতিয়া নতুনকৈ 2024 চনৰ 23 জুলাইত প্ৰতিষ্ঠানৰ সঞ্চালকে পুনৰ প্ৰকাশ কৰে ৷ এই নতুন জাননীত পূৰ্বৰ পাঠ্যক্ৰমত সালসলনি কৰি নতুনকৈ হিন্দী বিষয় বাধ্যতামূলক কৰা হৈছে ৷ এই বিষয়টো পোহৰলৈ অহাৰ পিচতেই এতিয়া জাঙুৰ খাই উঠিছে আছুৰ ভাতৃ সংগঠন অসম সেনা ৷

যি সময়ত এছ এছ চি, ইউ পি এছ চি, বেংকৰ পৰীক্ষাকে ধৰি বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাত হিন্দী বিষয় বাধ্যতামূলক নহয়, সেই একে সময়তে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে গ্ৰহণ কৰা এই পদক্ষেপ অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে অসম সেনাই ৷ প্ৰতিষ্ঠানটোৰ এনে সিদ্ধান্ত ভাষা, মাধ্যমৰ ওপৰত আক্ৰমণ, এনেধৰণৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত ৰাজ্যখনৰ থলুৱা নিৱনুৱা যুৱক-যুৱতী সকলৰ স্বাৰ্থৰ পৰিপন্থী বুলি কয় অসম সেনাৰ নেতৃত্বই ৷ তেওঁলোকে কয় যে, হঠাৎ এনেধৰণে হিন্দী ভাষাত প্ৰশ্ন সন্নিৱিষ্ট কৰিলে বহিঃৰাজ্য প্ৰাৰ্থীসকলৰহে সহায়ক হ'ব ৷

অসম সেনাই কয় যে, অসমত থকা কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় সমূহ প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত এশ শতাংশ থলুৱা নিযুক্তি হ'ব লাগিব ৷ লগতে অসমীয়া ভাষা আৰু মাধ্যম বিদ্বেষী সিদ্ধান্ত বাতিল কৰিবলৈ আজি অসম সেনাই প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ আনহাতে সঞ্চালকগৰাকীয়ে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰা হ'ব বুলি কয় যদিও স্পষ্ট কৈ উত্তৰ দিয়া পৰা বিৰত থাকে ৷

লগতে পঢ়ক : চৰকাৰী কাৰ্যালয়ৰ চৌহদতে শুকাল অমৃত বৃক্ষ আন্দোলনৰ গছপুলি - AMRIT BRIKSHYA ANDOLAN 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.