ETV Bharat / state

দ্ৰুত অৰ্থনৈতিক বিকশিত দেশৰ পাঁচখন ৰাজ্যৰ তালিকাত অসম : তথ্য সহকাৰে ক'লে মুখ্যমন্ত্রীয়ে - Economic growth of Assam - ECONOMIC GROWTH OF ASSAM

Himanta Biswa Sarma on economic growth : সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৰত চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাৰ প্ৰসংগ । অসমৰ জি এছ ডি পি বৃদ্ধিৰ হাৰ ১৩.৯ শতাংশ আৰু মূলধনী বিকাশ হৈছে ১২.৮৫ শতাংশ । বেংক ক্ৰেডিটৰ পৰিমাণ ১ লাখ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি । নিবনুৱাৰ হাৰ ৬.১ শতাংশলৈ হ্ৰাস । বাজেটত অসমে বাহিৰৰ পৰা অহা পানীৰ বাবে বানৰ বোজা বহন কৰিবলগীয়া হোৱাৰ কথা স্বীকাৰ কৰিছে । বাজেটত অসমৰ বাবে প্ৰতিটো শিতানতে বৃদ্ধি কৰা হৈছে পুঁজি ।

Himanta Biswa Sarma on economic growth
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 3:48 PM IST

গুৱাহাটী, ২৬ জুলাই : দেশৰ পাঁচখন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ তালিকাত স্থান লাভ কৰিছে অসমে । এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ শেহতীয়া অৰ্থনৈতিক সমীক্ষাৰ প্ৰসংগ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ভাৰত চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বছৰত অসমৰ জি এছ ডি পি বৃদ্ধিৰ হাৰ ১৩.৯ শতাংশলৈ বৃদ্ধি পাইছে । অৰ্থনৈতিক এই বৃদ্ধিৰ হাৰৰ উপৰি মূলধনী বিকাশ হৈছে ১২.৮৫ শতাংশ । ইয়াৰ দ্বাৰা আন ৰাজ্যৰ তুলনাত অসম দেশৰ পাঁচখন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত হৈছে ।

ৰাজ্যখনৰ বিকাশৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২১ চনত অসমত বেংকসমূহত জমা থকা টকাৰ পৰিমাণ আছিল ১ লাখ ৩৭ হাজাৰ কোটি টকা । ২০২৪ চনত ইয়াৰ পৰিমাণ ২ লাখ ২৪ হাজাৰ কোটি টকালৈ বৃদ্ধি পায় । বৃদ্ধিৰ হাৰ ৩০ শতাংশ । ৰাজ্যখনত ক’লা ধনৰ পৰিমাণ কৰিছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০২১ চনত বেংকে ক্ৰেডিট দিছিল ৮০৮৭১ কোটি টকা । ২০২৪ চনত ইয়াৰ পৰিমাণ ১ লাখ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে । চি ডি ৰেচিঅ' ৩২ শতাংশৰ পৰা ৫৮ শতাংশ বৃদ্ধি হৈছে ।

নিবনুৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ২০২২-২৩ চনত ৰাজ্যখনত নিবনুৱাৰ হাৰ আছিল ৮ শতাংশ । এতিয়া সেই হাৰ কমি ৬.১ শতাংশ হৈছে । আনহাতে ঔদ্যোগিক শ্ৰমিকৰ অংশীদাৰী ৩৬.৫ শতাংশৰ পৰা ৪০.৯ শতাংশলৈ বৃদ্ধি পাইছে । অৰ্থনৈতিক সমীক্ষাৰ পৰিসংখ্যাৰে মুখ্যমন্ত্ৰীয়ে কয় যে অসম এতিয়া দ্ৰুত উন্নয়নৰ পথত ।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :

বাহিৰৰ পৰা অহা পানীৰ বাবে অসমে বানৰ বোজা বহন কৰিব লাগে ৷ সেই কথা প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ এই সমস্যাৰ কথা পূৰ্বে কেতিয়াও স্বীকাৰ কৰা হোৱা নাছিল । নিৰ্মলা সীতাৰমণে বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছে যে অসমে বাহিৰৰ পৰা অহা পানীৰ বাবে বানৰ বোজা বহন কৰিবলগীয়া হৈছে । বহুতে অসমক একো নিদি বিহাৰক ১১ হাজাৰ কোটি দিয়াক লৈ সমালোচনা কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি দিলে বান সমস্যাৰ সমাধান নহ'ব । অসমক বহুত বেছি পুঁজিৰ প্ৰয়োজন আৰু কেন্দ্ৰই অসমক পুঁজিৰ যোগান ধৰি আহিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে বাজেটত অসমৰ বাবে বিভিন্ন শিতানত পুঁজি বৃদ্ধি কৰা হৈছে । জলজীৱন মিছন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাত পূৰ্বৰ তুলনাত পুঁজি বহু পৰিমাণে বৃদ্ধি কৰা হৈছে । বাজেটত ১ কোটি যুৱশক্তিক ৫০০ প্ৰতিষ্ঠানত ইণ্টাৰনশ্বিপৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে । এইক্ষেত্ৰত যাতে অসমৰ উল্লেখযোগ্য শ্বেয়াৰ থাকে তাৰ বাবে নিৰ্মলা সীতাৰমণক সাক্ষাৎকালত কোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । এইক্ষেত্ৰত অসম চৰকাৰেও পেকেজ দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয় যে বাজেটত চাহ শ্ৰমিকৰ বাবে তিনিটা বিশেষ আঁচনি লোৱা হৈছে । প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক শিক্ষা যোজনা, স্বাস্থ্য যোজনা আৰু আশ্ৰয় যোজনা । ইয়াৰ বাবে অসম আৰু পশ্চিমবংগৰ মাজত এহাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে । ইয়াৰে অসমে ৬৮৫.৭০ কোটি টকা লাভ কৰিব । এইবছৰ অসমে ৩৪৩ কোটি টকা আৰু অহা বছৰ ৩৪১ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

আনহাতে বাজেটত গুৱাহাটীৰ কাষতে চেটেলাইট টাউনশ্বিপৰ বাবে বিশেষ পুঁজি দিয়াৰ কথা উল্লেখ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে ।

লগতে পঢ়ক : ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডেৰে নাপাব সকলো ৰোগৰ চিকিৎসা: মুখ্যমন্ত্ৰী

লগতে পঢ়ক : অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত

লগতে পঢ়ক : অসমৰ বান সমস্যাক উপেক্ষা : পেকেজ বিচাৰি কেন্দ্ৰক দাবী জনাব অগপই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.