বাইহাটা চাৰিআলি, ১৩ মাৰ্চ : অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে বিয়লি কমলপুৰ সমষ্টিৰ বিহদিয়া জাজিকোনা ৰাসখলাত কামৰূপ জিলাৰ বাবে ৬৩৫ কোটি টকাৰ প্ৰকল্পৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । জিলাখনৰ কমলপুৰ, ৰঙিয়া, বকো, পলাশবাৰী, হাজো আৰু জালুকবাৰী সমষ্টিৰ কেইবাটাও বিভিন্ন উন্নয়নমূলক আচঁনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমাগত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজাই দিলীপ শইকীয়াক ভোট দিবলৈ আহ্বান জনায় ।
যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে বুলি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয় যে ইয়াৰ জৰিয়তে ২৩,০০০ হেজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম হাতত লয় অসম চৰকাৰে । প্ৰথম পৰ্যায়ত ২৬,০০০ আৰু দ্বিতীয় পৰ্যায়ত ২৩,০০০ হাজাৰ মুঠ ৪৯,০০০ কোটি টকাৰ প্ৰকল্পৰ ভূমি পূজন, আধাৰশিলা, শিলান্যাস আদি সম্পন্ন কৰি ৰাজ্যখনক দেশৰ ভিতৰতে পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ প্ৰয়াস চলোৱা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আদৰণি ভাষণ প্ৰদান কৰা ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ২ বছৰ ৮ মাহ সম্পূৰ্ণ হৈছে । ক'ভিড কালৰ ৮ মাহ বাদ দিলে দুটা বছৰত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি পূৰণ কৰিবলৈ চেষ্টা কৰিছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসম চৰকাৰৰ যোগেদি ৰাজ্য খনত মুঠ ১ লাখ ১০ হেজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে । যিটো আমাৰ বাবে সপোনৰ অগোচৰ আছিল ।’
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে মহিলা সকলক স্বাৱলম্বী কৰি তুলিবলৈ অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত, উজ্বলা গেছ, লাখপতি বাইদেউ আচঁনি হাতত লোৱা হৈছে । বৰ্তমান ৪২ লাখ লোকক ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে । এতিয়াৰ পৰা ৰেচন কাৰ্ড থকা সকলো লোকেই অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব । ৰেচন কাৰ্ড থকা মহিলা হিতাধিকাৰীসকলৰ মুৰব্বীজনৰ কিবা কাৰণত মৃত্যু হ'লে চৰকাৰী বীমা আঁচনিৰ সহায়ত লাভ কৰিব নগদ ধন । ৪০ লাখ আত্মসহায়ক গোটৰ মহিলা সকলক সামৰি লোৱা হ'ব লাখপতি বাইদেউ আচঁনিৰ দ্বাৰা । দুটা বছৰত ৯৭ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিছে চৰকাৰী চাকৰি । প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ চৰকাৰী চাকৰিৰ শেষ হোৱাৰ দিনা আৰু ৩৫ হেজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব ।
অহা জুলাইত আৰক্ষীৰ সাক্ষাৎকাৰ দিবৰ বাবে এতিয়াৰ পৰা যুৱক-যুৱতী সকলক সাজু হ'বলৈ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "এতিয়াৰ পৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্ব মামাৰ আৰু ল'ৰাৰ পঢ়ুৱাৰ দায়িত্ব পিতৃ-মাতৃৰ । সকলো কন্যা সন্তানৰ মহাবিদ্যালয়ৰ নামভৰ্তি বিনামূলীয়া কৰিবলৈ তেওঁলোকৰ বেংক একাউণ্টত ১০ হেজাৰ টকা চৰকাৰীভাৱে দিয়াৰ কথা বিবেচনা চলি আছে । এতিয়াৰ পৰা কন্যা সন্তানৰ পঢ়ুৱাৰ দায়িত্ব চৰকাৰখনে ল’ব খুজিছে । অহা কাইলৈ জালুকবাৰীৰ পৰা খানাপাৰালৈ আৰম্ভ হোৱা ছয়লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি উৎসৰ্গিত কৰা হ’ব ৰাইজৰ বাবে ।"
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি পুৱা নগাঁও জিলাৰ জাগীৰোডত থকা কাগজ কলত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ হেজাৰ কোটি টকাৰ উদ্যোগ স্থাপনৰ আধাৰশিলা স্থাপন কৰে । বিহদিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয় হিচাপে উন্নীত কৰাৰ কথা দোহাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজিৰ জনসভাত সাংসদ দিলীপ শইকীয়াৰ উপৰিও বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে ।
লগতে পঢ়ক : এজন সফল সাংসদৰ কাম প্ৰধানমন্ত্রীক গালি পৰা নহয় : গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্রীৰ