ETV Bharat / state

শিক্ষাসেতু এপ-অলনাইন বদলি প্ৰক্ৰিয়াক প্ৰশংসা হিমাচলৰ শিক্ষামন্ত্ৰীৰ - Himanchal education department

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:06 PM IST

Rohit Thakur in Guwahati : হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰীৰ নেতৃত্বত শিক্ষা বিভাগৰ ১৩ জনীয়া দলৰ অসম ভ্ৰমণ । অসমৰ শিক্ষামন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত বৈঠক । দুয়োখন ৰাজ্যৰ শৈক্ষিক উন্নতিৰ দিশত অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহৰ সন্দৰ্ভত আলোচনা ।

Rohit Thakur in Guwahati
গুৱাহাটীত হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰীসহ শিক্ষা বিভাগৰ বিষয়া (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুলাই : অসম চৰকাৰৰ শিক্ষা বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন অভিলাষী আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বিষয়ে ধাৰণা লোৱাৰ উদ্দেশ্যে অসমলৈ আহিছে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসহ ১৩ জনীয়া দল । দেওবাৰে গুৱাহাটীত উপস্থিত হৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জনতা ভৱনৰ কাৰ্যালয়ৰ সভাকক্ষত হিমাচল প্ৰদেশৰ দলটোৱে এখন বৈঠকত মিলিত হয় ।

বৈঠকত প্ৰথমে হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসকলে তেওঁলোকৰ বিভাগ সম্পৰ্কে এক বিস্তৃত বৰ্ণনা দাঙি ধৰে । সেই অনুসৰি বৰ্তমান সময়ত হিমাচল প্ৰদেশত ১৫,১৫৬ খন বিদ্যালয়ত মুঠ ৭৫,৭,৭৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰাৰ বিপৰীতে ৬৪,৭৫৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত হৈ আছে । ইয়াৰ পিচতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিষয়াসকলে অসমৰ শিক্ষা বিভাগত ৰূপায়ণ হৈ থকা শিক্ষাসেতু এপ, শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলিকৰণ, আৰোহণ, গুণোৎসৱ, সমৰ্থ পোৰ্টেল, টেলি ক্লাছৰূমকে ধৰি চাহ বাগিচা এলেকাত শিক্ষাৰ মান উন্নীতকৰণৰ অৰ্থে নতুন বিদ্যালয় স্থাপন আদি চৰকাৰৰ দ্বাৰা শৈক্ষিক দিশত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে অৱগত কৰোৱায় ৷

অসমৰ শিক্ষা বিভাগক প্ৰশংসা :

বৈঠকত হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰয়োগ কৰা শিক্ষাসেতু এপ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়াক ভূয়সী প্ৰশংসা কৰে । এই এপৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বৰ তুলনাত অদৃশ্য ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ বাবদ ২০০ কোটি টকা বছৰি ৰাহি কৰা বুলি জানিব পাৰি বিভাগটোক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে । মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক তেওঁৰ বিভাগটোত লোৱা পদক্ষেপসমূহৰ বাবে প্ৰশংসা কৰি আগন্তুক দিনত হিমাচল প্ৰদেশ ভ্ৰমণৰ বাবে অনুৰোধ জনায় ।

অসমৰ ঐতিহ্যক প্ৰশংসা :

শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰে কয়, ‘‘ অসম আৰু হিমাচল প্ৰদেশৰ বহুক্ষেত্ৰত সামঞ্জস্য আছে । অসমৰ চহকী ঐতিহ্যই আমাক সদায়ে আকৰ্ষিত কৰি আহিছে । নতুন শিক্ষানীতিৰ সুপ্ৰয়োগেৰে শিক্ষাক্ষেত্ৰৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা প্ৰশংসনীয় ৷’’ হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে আহিছে ৰাজ্যখনৰ শিক্ষা বিভাগৰ মুখ্য সংসদীয় সচিব আশিস বুটেইল, শিক্ষা বিভাগৰ সচিব ৰাকেশ কানোৱাৰৰ লগতে ৰাজ্যখনৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া । বৈঠকত দুয়োখন ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।

অভিজ্ঞতা-পদ্ধতিৰ ভাগ-বাটোৱাৰা :

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় - ‘‘ হিমাচল প্ৰদেশৰ শিক্ষাৰ মানদণ্ড উন্নত সন্দৰ্ভত তেওঁলোকৰ শিক্ষাখণ্ডৰ ব্যৱস্থা সন্দৰ্ভত আমাক জনায় । শিক্ষকৰ দক্ষতা বিকাশৰ বাবে হিমাচল প্ৰদেশৰ শিক্ষা ব্যৱস্থাত থকা বিষয় আমি জানিব পাৰিলোঁ । হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ আৰু মুখ্য সংসদীয় সচিব আশিস বুটাইলৰ নেতৃত্বত অসম ভ্ৰমণলৈ অহা ৰাজ্যখনৰ শিক্ষা বিভাগৰ ১৩ জনীয়া প্ৰতিনিধি দলটোক আদৰণি জনাবলৈ পাই সুখী হৈছোঁ । আমি দুয়োখন ৰাজ্যৰ শৈক্ষিক উন্নতিৰ দিশত আমাৰ অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহ সন্দৰ্ভত আলোচনা কৰোঁ ।’’

লগতে পঢ়ক : প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হ’ব প্ৰধান শিক্ষকৰ পদ : কিন্তু কি চৰ্ত সাপেক্ষে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.