গুৱাহাটী, ৩ মে' : শনিবাৰে ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । এই কথা সংবাদ মাধ্যমক জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । উল্লেখ্য যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ দুষ্টচক্ৰই সামাজিক মাধ্যমত চলাইছিল অপপ্ৰচাৰ । শনিবাৰে অৰ্থাৎ ৪ মে'ত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি এক অধিসূচনা প্ৰকাশ কৰিছিল দুষ্টচক্ৰই । য'ত ৪ মে'ৰ পুৱা ১০ বজাত ফলাফল ঘোষণা হ'ব বুলি উল্লেখ আছিল ।
এই অধিসূচনাত পৰীক্ষাৰ্থীয়ে ফলাফল কোন কোন ৱেবছাইটত লাভ কৰিব ৷ সেই ১০ টা ৱেবছাইটৰ বিষয়েও প্ৰকাশ কৰিছিল । ইয়াকে লৈ পৰীক্ষাৰ্থীৰ অভিভাৱক, শিক্ষাৰ্থী, শিক্ষকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে সামাজিক মাধ্যমত চৰ্চা হৈছে । উল্লেখ্য যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফলক লৈ বাৰম্বাৰ প্ৰচাৰ হৈ থকা উৰা বাতৰিয়ে প্ৰায় বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে ।
কিন্তু ইয়াৰ মাজতে আকস্মিকভাৱে ঘোষণা কৰা হয় ফলাফল । আনহাতে, ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আগতীয়াকৈ পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ বা মাহ নিৰ্দিষ্ট কৰি থোৱা হ'লে এনে উৰা বাতৰি প্ৰচাৰ আৰু বিভ্ৰান্তিৰ সৃষ্টি নহ'লহেঁতেন বুলি সচেতন মহলে অভিমত প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, এইবাৰ অন্তিমবাৰৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । কিয়নো ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড গঠন কৰা হ'ব । আগন্তুক শিক্ষাবৰ্ষৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যিক শিক্ষা বোৰ্ডে পৰিচালনা কৰিব ।
লগতে পঢ়ক :আনক সুখী কৰি সুখী হ’ব খোজা এজন যুৱকৰ বিশেষ সফলতাৰ কাহিনী... - MBBS Final Result