ETV Bharat / state

পি জি আৰ-ভি জি আৰৰ ভূমি বেদখল : ১৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন - PGR VGR LAND ENCROACHMENT

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:28 PM IST

Land Encroachment Issue : পি জি আৰ-ভি জি আৰৰ ভূমি বেদখলৰ প্ৰসংগক লৈ পুনৰ আলোচনা । বিষয়টো পৰ্যবেক্ষণৰ বাবে এক বিশেষ কোষ গঠন ।

Land Encroachment Issue
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (ETV BHARAT ASSAM)

ডিফু, ৫ জুলাই : কাৰ্বি আংলং জিলাত শেহতীয়াকৈ বিশেষভাৱে চৰ্চিত বিষয় হিচাপে পৰিগণিত হোৱা জিলা দুখনৰ পি জি আৰ-ভি জি আৰ ভূমিৰ বেদখল সন্দৰ্ভত শুক্ৰবাৰে ডিফুত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । এই সন্দৰ্ভত ইতিমধ্যে গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ গুৰুত্বপূৰ্ণ সভাখন আজি অনুষ্ঠিত হয় । বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত পি জি আৰ-ভি জি আৰৰ ভূমি বেদখল সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে আজি এই সন্দৰ্ভত ব্য়াখ্য়া কৰে ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে বৈঠকৰ সবিশেষ অৱগত কৰে । মুখ্য কাৰ্যবাহীগৰাকীয়ে ব্যক্ত কৰা অনুসৰি পি জি আৰ-ভি জি আৰৰ ভূমি বেদখল সন্দৰ্ভত বিষয়টো পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে এক বিশেষ কোষ গঠন কৰা হৈছে । এই বিশেষ কোষক পৰৱৰ্তী ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উক্ত প্ৰতিবেদন লাভ কৰাৰ পিচতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় ।

আজিৰ এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগতে প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপি, হৰেণছিং বেʼ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎচন বেʼ, বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, দৰছিং ৰংহাং, প্ৰাক্তন বিধায়ক ডাঃ মানছিং ৰংপি, হলিৰাম তেৰাং, ড৹ ধৰমছিং টেৰণ, দুয়োখন জিলাৰ বিধায়ক সকল, পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্য, কাৰ্বি ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

লগতে পঢ়ক:পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলৰ প্ৰসংগক লৈ তৎপৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ - PGR VGR LAND ENCROACHMENT

পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.