গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : ‘চিকিৎসা প্ৰদান কৰাৰ কথা ভবাতকৈ মানুহ কেনেকৈ নিৰোগী হৈ থাকিব পাৰে তাৰ কথাহে চিন্তা কৰিব লাগে’ - এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনস্থ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।
![health minister attend seventh Anniversary programme of state cancer institute](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-02-2024/as-ghy-02-health-minister-attend-seventh-anniversary-programme-of-state-cancer-institute-7209925_17022024195149_1702f_1708179709_1041.jpg)
উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সপ্তম বৰ্ষপূৰ্তিৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বন্তি প্ৰজ্বলন কৰে । ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংযুক্ত কৰি ২০১৭ চনত ৰাজ্যৰ স্বাস্থ্যখণ্ডত সংযোজিত হোৱা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্ৱাঞ্চলতে কৰ্কট ৰোগৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে ।
![health minister attend seventh Anniversary programme of state cancer institute](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-02-2024/as-ghy-02-health-minister-attend-seventh-anniversary-programme-of-state-cancer-institute-7209925_17022024195149_1702f_1708179709_716.jpg)
অত্যাধুনিক সুবিধাযুক্ত এই প্ৰতিষ্ঠানখনৰ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে । মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি দুটা দিশত আগবাঢ়িব লাগিব । প্ৰথম চিকিৎসা আৰু দ্বিতীয়তে শৈক্ষিক দিশ ।’ শৈক্ষিক দিশত কিছু গুৰুত্ব দিব লগা আছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগীয় মুৰব্বীৰে আলোচনা কৰাৰ কথা উল্লেখ কৰে । আনহাতে অনাগত সময়ত আৰু ছয়খন ছুপাৰস্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা মাৰ্চ মাহৰ পৰা ৯ খন কেন্সাৰ হাস্পতালত চিকিৎসা কাৰ্য সম্পন্ন কৰিব পৰা যাব । মন্ত্ৰীগৰাকীয়ে কৰ্কট প্ৰতিষ্ঠানৰ উত্তৰণ সন্দৰ্ভত টাটাৰ লগত যোগাযোগ কৰি থকাৰ কথা জানিবলৈ দিয়ে ।
![health minister attend seventh Anniversary programme of state cancer institute](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-02-2024/as-ghy-02-health-minister-attend-seventh-anniversary-programme-of-state-cancer-institute-7209925_17022024195149_1702f_1708179709_607.jpg)
ইফালে শিলচৰত নিৰ্মাণ কৰিব লগা কৰ্কট প্ৰতিষ্ঠান সন্দৰ্ভতো তেওঁ উপস্থিত ৰাইজক অৱগত কৰে । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসা প্ৰদান কৰাৰ কথা ভবাতকৈ মানুহ কেনেকৈ নিৰোগী হৈ থাকিব পাৰে তাৰহে চিন্তা কৰিব লাগে । পেলিয়েটিভ কেয়াৰ আৰু প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যন্ত্ৰণাকাতৰ তথা অসহায় অৱস্থালৈ ৰোগীয়ে যেতিয়া গতি কৰে, তেতিয়া এই সময়ছোৱাত ৰোগীয়ে মৃত্যুৰ ক্ষণ গণি এটা দুৰ্বিসহ জীৱন-যাপন কৰিব লগাত পৰে । সেয়েহে পেলিয়েটিভ কেয়াৰ আৰু ৰোগৰ আগতীয়া চিনাক্তকৰণৰ ক্ষেত্ৰত পৰিকল্পনা আৰু প্ৰয়োজনীয়তা আছে ।
- " class="align-text-top noRightClick twitterSection" data="">
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এইটো এটা বিশেষ ব্যৱস্থা হিচাপে স্বাস্থ্য বিভাগে গুৰুত্ব দিছে । সেয়েহে পেলিয়েটিভ কেয়াৰ সম্পৰ্কে চিকিৎসা শাস্ত্ৰত পাঠ্যক্ৰম যুগুত কৰা হৈছে । ইতিমধ্যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পেলিয়েটিভ সম্পৰ্কে পাঠদান কৰাৰ উপৰি প্ৰশিক্ষণ দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয় যে ব্লাড, স্তন, হাঁওফাঁওকে ধৰি পাঁচ প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰায় সংখ্যকৰ দেহত ধৰা পৰে । ইয়াৰ মূল কাৰণ হৈছে ধঁপাত সেৱন । ধঁপাতে বহুতৰে জীৱনলৈ অমানিশা নমাই আনিছে । এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ হাস্পতালৰ আশে-পাশে থকা দোকানসমূহত যাতে ধঁপাত বিক্ৰী নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ অনুৰোধ জনায় ৷
অনুষ্ঠানত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনে কয় যে ভাৰতৰ বহু ৰাজ্যতকৈ অসম কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শীতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে । মানুহৰ সুবিধাৰ্থে ভিতৰুৱা অঞ্চলসমূহতো কৰ্কট প্ৰতিষ্ঠানৰ চিন্তা-চৰ্চা কৰি থকা হৈছে । ভাৰতৰ বহু কৰ্কট প্ৰতিষ্ঠানতকৈ অসমৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বহু উন্নতমানৰ সা সুবিধা আছে বুলি ডাঃ বৰ্মনে মন্তব্য কৰে ।
আনহাতে অনুষ্ঠানত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ পৰা বিভিন্ন বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ চিকিৎসা সেৱা বিভাগৰ সঞ্চালক প্ৰধান ডাঃ আৰতি সাৰিন, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালিকা ডাঃ স্মৃতি গোস্বামী, অধীক্ষক ডাঃ দেৱজিত চৌধুৰী, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিভূতি ভূষণ বৰঠাকুৰ আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক ডাঃ বি চি গোস্বামীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
লগতে পঢ়ক : অসমত প্ৰতিবছৰে নতুনকৈ ৫০ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হয় : কেশৱ মহন্ত