ETV Bharat / state

জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ব্যৱস্থা গ্ৰহণ - Japanese Encephalitis

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 4:01 PM IST

বান, বাঘৰ আতংকৰ মাজতে কলিয়াবৰ জাপানীজ এনকেফেলাইটিছৰ আতংক । কলিয়াবৰত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে, স্বাস্থ্য বিভাগৰ সজাগতা অভিযান । ঔষধযুক্ত আঠুৱা, ধোঁৱাৰ ব্যৱস্থা, তেজ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য বিভাগৰ ।

Health Department to take measures to prevent Japanese Encephalitis in Kaliabar
জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ব্যৱস্থা গ্ৰহণ (ETV Bharat Assam)

কলিয়াবৰ,১৪ জুলাই: কলিয়াবৰ মহকুমা স্বাস্থ্য বিভাগে কলিয়াবৰৰ ৰাইজক জাপানীজ এনকেফেলাইটিছৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ স্বাস্থ্য সচেতন আৰু সজাগতাৰ বাবে আৰম্ভ কৰিছে অভিযান । দেওবাৰে সোণাৰী গাঁৱত গাঁওবাসীক ঔষধযুক্ত আঠুৱা প্ৰদানৰ বাবে স্বাস্থ্যকৰ্মীক নিয়োগ কৰে স্বাস্থ্য বিভাগে । সন্ধিয়া মহ খেদিবৰ বাবে ঔষধযুক্ত ধোঁৱাৰো ব্যৱস্থা কৰে । বিশেষকৈ বান শিবিৰত থকা লোকসকলক লৈ চিন্তিত স্বাস্থ্য বিষয়াগৰাকী ।

কিয়নো, বান শিবিৰত থকা লোকসকল এই সময়ত সাবধানতা ল'ব পৰা অৱস্থাত নাই । বহু বান শিবিৰৰ আশেপাশে গাহৰি পালকসকলে গাহৰিৰ সৈতেই একেলগে থাকিবলগীয়া হৈছে । তাতে বানৰ পানীৰ ফলত মহৰ বংশবৃদ্ধি হোৱাৰ এক পৰিৱেশ গঢ়ি উঠিছে । যত দূৰ সম্ভৱ বান শিবিৰত থকা বানাক্ৰান্ত লোকসকলক আঠুৱা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ বিষয়া ডাঃ বীৰেন দেউৰীয়ে ।

ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিসকল লোকৰ দীঘলীয়া সময়ৰ পৰা জ্বৰ হৈ আছে তেওঁলোক চিকিৎসালয়ত তেজ পৰীক্ষা কৰি নিশ্চিত হ'বলৈও জনায় । অৱশ্যে, জাপানীজ এনকেফেলাইটিছৰ জ্বৰৰ পৰীক্ষা ব্যৱস্থা কলিয়াবৰত নাই । উল্লেখযোগ্য যে, বান আৰু বাঘৰ আতংকৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক । ইতিমধ্যে এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ ।

আক্ৰান্ত লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ এখন চিকিৎসালয়ত । আক্ৰান্ত ব্যক্তিজন কলিয়াবৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল ব্যক্তিগৰাকীয়ে । স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যক্তিগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বান বিধ্বস্ত কলিয়াবৰত এতিয়া বাঘ আৰু জাপানীজ এনেকেফেলাইটিছৰ আতংক - Assam Flood 2024

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু - Japanese encephalitis

চৰাইদেউৰ লাকুৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, শিশুসহ আক্ৰান্ত দুই - Japanese encephalitis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.