ETV Bharat / state

কষ্ট কৰিলে ৰত্ন পায়: প্ৰমাণ কৰিলে দলগাঁৱৰ দিনহাজিৰা কৰা, পিতৃহীন এজন যুৱকে

দাৰিদ্ৰতা যে সফলতাৰ পথত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে দলগাঁৱৰ হাতেম আলীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 10:34 PM IST

Indian Army Recruitment
দলগাঁৱৰ দিনহাজিৰা কৰা, পিতৃহীন এজন যুৱকৰ সাফল্য (ETV Bharat Assam)

মঙলদৈ, ১৪ অক্টোবৰ : একাগ্ৰতা থাকিলে যে সকলো সম্ভৱ এই কথা প্ৰমাণ কৰিলে দিনহাজিৰা কৰা হাতেম আলীয়ে । ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰি উৎফুল্লিত পিতৃহাৰা হাতেম আলী । পিতৃবিহীন এটা জীৱন আৰু এটা সপোন । প্ৰতিদিনে ওলাই যায় হাজিৰা কৰিবলৈ- ক্ষুধাৰ তাড়নাত, পৰিয়ালটিক পোহপাল দিয়াৰ দায়িত্বত । কিন্তু তেনেদৰেই দিন অতিবাহিত কৰিলেও নিজৰ লক্ষ্য-উদ্দেশ্যৰ পৰা কণমানো আঁতৰি অহা নাছিল এইজন যুৱক ।

প্ৰায় তিনি বছৰ ধৰি একেৰাহে দৌৰাৰ লগতে সকলো ক্ষেত্ৰতে কষ্ট স্বীকাৰ কৰি আহিছিল হাতেম আলীয়ে । কিন্তু তথাপিও ভাগৰা নাছিল হাতেম । তেওঁ পুৱা ৪ বজাত শুই উঠি খেলপথাৰলৈ বুলি ওলাই যায় আৰু দৌৰাৰ লগতে নিজে নিজক প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈছিল হাতেম আলী ।

তাৰ পৰা উভতি আহি পুনৰ ৭ বজাত মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰিবলৈ ওলাই যায় । সন্ধিয়া কামৰ পৰা উভতি আহি পুনৰ পঢ়া টেবুলত নিমগ্ন হয় । তেনেদৰেই এটি সৰু পঁজাৰ পৰাই তেওঁ দেখি আহিছিল ভৱিষ্যতৰ সপোন । কিন্তু সেই সপোন বাস্তৱায়িত কৰাত আছিল তীব্ৰ প্ৰত্যাহ্বান, তথাপিও কৰি গৈছিল অশেষ কষ্ট ।

অৱশেষত সফলতা লাভ কৰিলে হাতেমে । ভাৰতীয়া সেনাবাহিনীত নিযুক্তিৰ বাবে বাছনি লাভ কৰে দলগাঁৱৰ হাতেম আলীয়ে । আনহাতে, তেওঁৰ এই সফলতাৰ পিছত গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে তেওঁৰ এই কষ্টৰ স্বীকৃতিক সন্মান জনাই সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্শীবাদো দিয়ে হাতেম আলীক ।

পিতৃবিহীন এটা জীৱন কেনে হ'ব পাৰে সেয়া হয়তো এজন ভুক্তভোগীৰ বাহিৰে আনে উপলব্ধি কৰিব নোৱাৰে । সেয়ে দলগাঁৱৰ অতিকে পিছপৰা অঞ্চল চকৰাগাঁৱৰ একমাত্ৰ দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা হাতেম আলীয়ে কষ্টৰ ফল লাভ কৰি ব্যক্ত কৰে মনৰ বহু ভাব ।

উল্লেখ্য যে ভাৰতীয় সেনাবাহিনীত ২০০ নম্বৰৰ ভিতৰত ১৮০ নম্বৰ লাভ কৰি নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ । যাৰবাবে সমগ্ৰ অঞ্চলবাসী আজি গৌৰৱান্বিত । নিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰা হাতেম আলীয়ে এতিয়া লাভ কৰিলে সেনাবাহিনীত নিযুক্তি । আনহাতে, একেৰাহে তিনিটা বছৰ কষ্ট কৰি এটি সপোনৰ বাস্তৱ ৰূপ দি তেওঁ যেন আন বহুতকে কৈ গ'ল বহু কথা ।

১৭ বছৰ বয়সৰ পৰাই কঠোৰ অনুশীলন কৰি আজি ২০ বছৰ বয়সত সফলতা পাবলৈ সক্ষম হৈছে তেওঁ । সেয়ে হাতেম আলী আজি বহুতৰে বাবে প্ৰেৰণা হৈ ৰ'ব । তেওঁৰ এটাই আহ্বান, "কষ্ট কৰিলে এদিন হ'লেও সফল হ'ব পাৰি । সেয়ে কেতিয়াও হাৰ মানিব নালাগে, ফলাফল নোপোৱালৈকে কষ্ট কৰি যাব লাগে ।"

তাৰেই উদাহৰণ হিচাপে মাত্ৰ ২০ বছৰ বয়সত চাকৰি লাভ কৰিলে দলগাঁৱৰ হাতেম আলীয়ে । ইফালে তেওঁ কষ্টৰ ফল লাভ কৰাক লৈ উৎফুল্লিত হৈছে গাঁওবাসী ।

লগতে পঢ়ক :২০ কিলোমিটাৰ ঠেলাত কঢ়িয়ালে মৃতদেহ
লগতে পঢ়ক :ঘাট মাউৰা তিনি ভাতৃ-ভগ্নীৰ কৰুণ জীৱন গাঁথা - Tragic incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.