ETV Bharat / state

অসমত তৃতীয়বাৰৰ বাবে পদুম ফুলিব: নায়েব সিং ছেইনী

পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিজেপি কাৰ্যালয়ত নেতা-কৰ্মীৰে মত-বিনিময় ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 3:21 PM IST

CM Nayab Singh Saini
অসমত তৃতীয়বাৰৰ বাবে পদুম ফুলিব: নায়েব সিং ছেইনী (ETV Bharat)

গুৱাহাটী,১৪ অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং ছেইনী ৷ দেওবাৰে সন্ধিয়া সপৰিয়ালে অসমত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । সোমবাৰে পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে গুৱাহাটীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰ সৈতে এক মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কামাখ্যা দৰ্শন

কামাখ্যা দৰ্শনৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়,"নিৰ্বাচনৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ আহিছিলো । নিৰ্বাচন জয়ী হোৱাৰ পিছতো আজি মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ আহিছো । মা কামাখ্যাৰ ওচৰত হাৰিয়ানা ৰাইজৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে সকলোৰে সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো । হাৰিয়ানাৰ ৰাইজে যি বহুমত দিলে তাৰ বাবে ৰাইজক ধন্যবাদ জনাইছো ।"

বিজেপি কাৰ্যালয়ত মত-বিনিময়

কামাখ্যা মন্দিৰ দৰ্শনৰ পাছত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় । অসমৰ বিজেপি নেতা-কৰ্মীৰ অভিনন্দন গ্ৰহণ কৰি ছেইনীয়ে কয়,"অসম বিজেপিৰ কাৰ্যকৰ্তাই দিয়া আদৰ, স্নেহক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ৷ হাৰিয়ানাৰ জয়লাভ, প্ৰধানমন্ত্ৰীৰ কৰ্ম নীতিৰ এক ফলাফল ৷ দৰিদ্ৰ, কৃষক, মহিলা, যুৱ সমাজৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হাৰিয়ানাত বিজেপিয়ে যি আঁচনি নীতিৰ কাৰ্যকৰীকৰণ কৰিলে তাৰ ফলত তৃতীয়বাৰ জয়লাভ কৰিবলৈ সক্ষম হ'লো ৷ অসমৰ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ তেঁও কয়,"কংগ্ৰেছে সদায় মিছাৰ আশ্ৰয় লৈ চলি আহিছে ৷ কংগ্ৰেছে হিমাচল, কৰ্ণাটক, তেলেংগনাত মিছা কথাৰে জয়লাভ কৰিছে ৷ মিছা কৈয়ে শাসনলৈ আহে কংগ্ৰেছ দল ৷ এতিয়া কংগ্ৰেছৰ মুখা খোল খাইছে ৷ ৰাজস্থান, মধ্যপ্ৰদেশত নচলিল কংগ্ৰেছৰ মিথ্যাচাৰ ৷ জনতাই বিজেপিৰ কৰ্মপন্থাক আদৰি ল'লে ৷"

আনহাতে অসমত বিজেপিৰ প্ৰসাৰ আৰু কৰ্ম নীতিৰ প্ৰসংগতো মন্তব্য কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, "অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ভেটি শক্তিশালী কৰি লৈ গৈছে ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনতো অসমতো নট আউট হৈ পদুমৰ খেতি কৰিব বিজেপিয়ে ৷"

ফণীন্দ্ৰ নাথ শৰ্মাক প্ৰশংসা :

ইয়াৰ উপৰিও, হাৰিয়ানাৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা অসমৰ বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাই ৰাজ্যখনত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথাও স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত ছেইনীয়ে কয়, "নিৰ্বাচনৰ কিছুদিন পূৰ্বে হাৰিয়ানাৰ সাংগঠনিক সম্পাদকৰ গুৰু দায়িত্ব লাভ কৰা অসমৰ ফণীন্দ্ৰ নাথ শৰ্মা এগৰাকী তপস্যী কাৰ্যকৰ্তা ৷ হাৰিয়ানাৰ বাবে বহুত কষ্ট কৰিছে ফণী শৰ্মাই ৷ হাৰিয়ানাৰ এইবাৰৰ বিজয়ৰ ক্ষেত্ৰত দিনে-নিশাই কৰা পৰিশ্ৰমৰ বাবে আমি তেওঁক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷"

লগতে পঢ়ক :অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস; যোগদান কৰিব নেকি অনুপ চেতিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.