ETV Bharat / state

২০২৩ বৰ্ষৰ ২৩ ডিচেম্বত হাঁহখাটী বনাঞ্চলত আৰক্ষীৰ দ্বাৰা হৈছিল নেকি ভুৱা এনকাউন্টাৰ ? - Fake Encounter allegation

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 11:04 AM IST

Fake encounter : ভুৱা এনকাউন্টাৰ ! আৰক্ষীৰ বিৰুদ্ধে উঠিছে ভুৱা এনকাউন্টাৰৰ অভিযোগ ৷ শেহতীয়াকৈ ভুৱা এনকাউন্টাৰৰ বলি হোৱা শদিয়াৰ তিনি যুৱকে আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । সম্প্ৰতি হুইল চেয়াৰত জীৱন অতিবাহিত কৰিছে ভুক্তভোগী যুৱকে ।

encounter survivors lodge FIR
ভুৱা এনকাউন্টাৰ ! (ETV Bharat)

তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : বিভিন্ন সময়ত বিভিন্ন অভিযোগৰ ভিত্তিত অভিযোগকাৰীয়ে অভিযুক্তৰ বিৰুদ্ধে থানাত দাখিল কৰে এজাহাৰ ৷ ন্যায়ৰ আশাত আৰক্ষীৰ কাষ চাপে অভিযোগকাৰী ৷ কিন্তু এইবাৰ অভিযোগকাৰীৰ স্থানত আছে সাধাৰণ লোক আৰু অভিযুক্তৰ স্থানত আছে খোদ আৰক্ষীৰ লোক ৷ হয় আপুনি ঠিকেই শুনিছে ৷ অসম মলুকতে সংঘটিত হৈছে এই ঘটনাটো ৷

ভুৱা এনকাউন্টাৰ ! (ETV Bharat)

তথ্য অনুসৰি, তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাত বৃহস্পতিবাৰে আৰক্ষী বিষয়াৰ বিৰুদ্ধে দাখিল কৰা হয় এক এজাহাৰ ৷ শদিয়াৰ তিনিগৰাকী যুৱকে চাৰিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুৱা এনকাউন্টাৰৰ অভিযোগ উত্থাপন কৰি থানাত লিখিত অভিযোগ দাখিল কৰে ৷

চাৰিগৰাকী আৰক্ষী বিষয়া ক্ৰমে শদিয়াৰ পূৰ্বৰ আৰক্ষী অধীক্ষক মৃণাল ডেকা, ধলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱাশিস ডেকাৰী, শদিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছি-ইম চিং টিমুং, তিনিচুকীয়াৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাস ৷ এজাহাৰত এওঁলোকৰ নাম উল্লেখ কৰাৰ লগতে আৰু ১০/১২ গৰাকী অচিনাকি আৰক্ষী জোৱানৰ বিষয়ে অভিযোগকাৰীয়ে এজাহাৰত উল্লেখ কৰে ৷

encounter survivors lodge FIR
এজাহাৰ (ETV Bharat)

লগতে পঢ়ক : ঘাতকে শাস্তি নোপোৱাত আমাৰ আক্ষেপ থাকি গ'ল: পঞ্চ শ্বহীদৰ পৰিয়ালৰ সদস্য - Dangri fake encounter

  • ঘটনাটো কি আছিল ?

২০২৩ বৰ্ষৰ ২৩ ডিচেম্বত শদিয়াৰ তদানীন্তন আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত সংঘটিত হৈছিল এক একাউণ্টাৰ ৷ আলফা স্বাধীনত যোগ দিবলৈ যোৱা বুলি সন্দেহ কৰি আৰক্ষীয়ে শদিয়াৰ তিনিগৰাকী যুৱককে ভৰিত গুলী কৰাৰ অভিযোগ উঠিছিল ৷

পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিও যুৱকক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় । এই ঘটনাত দুয়োটা ভৰিতে আৰক্ষীৰ গুলীয়ে আঘাত কৰাত বৰ্তমান হুইল চেয়াৰকেই জীৱনৰ সাৰথি কৰি ল’ব লগা হৈছে এজন যুৱকে ।

encounter survivors lodge FIR
এজাহাৰ (ETV Bharat)
  • এজাহাৰ দাখিল কৰা অভিযোগকাৰীৰ ভাষ্য :

এইসন্দৰ্ভত যুৱককেইজনে বৃহস্পতিবাৰে সন্ধিয়া ধলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ তেওঁলোকে কয় যে ২৩ ডিচেম্বৰৰ দিনা বনভোজ খাই ঘৰলৈ উভতি অহাৰ পথত সংঘটিত হৈছিল সেই এনকাউণ্টাৰৰ ঘটনাটো ৷ মাৰুটি ৮০০ বাহনেৰে ঘৰৰ অভিমুখে উভতি আহিছিল তিনিও বন্ধু । তেনে সময়তে গাড়ীৰ তেল শেষ হোৱাত তিনিও বন্ধু গাড়ীতে শুই পৰিছিল ।

লগতে পঢ়ক : আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত - Police firing in Barpeta

শুই থকাৰ সময়তে সেনাৰ এটা দলে তেওঁলোকক শিবিৰলৈ লৈ যায় আৰু সেনাৰ পৰা আৰক্ষীৰ এটা দলে তেওঁলোকক চমজি লয় ৷ আৰক্ষীয়ে তেওঁলোকক আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা বুলি সন্দেহ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ এটা দলে পুৱতি নিশা ধলাৰ হাঁহখাটী বনাঞ্চলত আৰক্ষীৰ গাড়ীৰ পৰা নমাই তিনিওকে তললৈ শুৱাই ভৰিত গুলী কৰে বুলি যুৱক কেইজনে ভাষ্য প্ৰদান কৰিছে ।

Fake encounter
এজাহাৰ (ETV Bharat)

উক্ত তিনি যুৱকৰ শপতনামাৰ পাচত শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে ৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকৰ সৈতে ধলা আৰক্ষী থানাত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হৈ ভুক্তভোগী যুৱক ক্ৰমে মনোজ বুঢ়াগোঁহাই, বিশ্বনাথ বৰগোঁহাই আৰু দীপজ্যোতি নেওগে আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ঘটনাৰ সবিশেষ লিখিতভাৱে তিনিও অভিযোগকাৰীয়ে এজাহাৰত বৰ্ণনা কৰিছে ৷

লগতে পঢ়ক : ৩০ বছৰীয়া ন্যায়িক যুঁজৰ সমাপ্তি : ডাঙৰিৰ ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ - Dangri fake encounter

অনাগত দিনত যাতে কোনো এনে নিৰ্দোষী যুৱকৰ সৈতে আৰক্ষীয়ে এনে কাণ্ড কৰিব নোৱাৰে তাৰ বাবে এজাহাৰ দাখিল কৰি আৰক্ষীকো ভুক্তভোগী তিনি যুৱকৰ পৰিয়ালেও আহ্বান জনায় । লগতে ন্যায়ালৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলিও সদৰী কৰে তেওঁলোকৰ পৰিয়ালবৰ্গই । আনহাতে, উল্লেখ কৰা অভিযোগৰ চাৰি আৰক্ষী বিষয়াৰ ভিতৰত বৰ্তমানেও ধলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে দেৱাশিস ডেকাৰীয়ে ৷

লগতে পঢ়ক : তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী - Encounter in Tezpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.