ETV Bharat / state

বেজৰ নাকতে খৰ : প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নামত ভুৱা ফেচবুক একাউণ্ট - FAKE FB OF BHASKARJYOTI MAHANTA

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 5:38 PM IST

Updated : Jun 24, 2024, 7:28 PM IST

Former DGP Bhaskarjyoti Mahanta : খোদ আৰক্ষীৰ শীৰ্ষ বিষয়াও সাৰি নগ’ল চাইবাৰ অপৰাধীৰ কবলৰ পৰা ৷ এইবাৰ ভুৱা ফেচবুক একাউণ্ট সৃষ্টি অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নামত ৷ মহন্তই সদৰী কৰিলে এই কথা ৷

BHASKARJYOTI MAHANTA FB HACK
ভাস্কৰজ্যোতি মহন্তৰ ফেচবুক একাউণ্ট হেক (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুন: চাইবাৰ অপৰাধীৰ কবলৰ পৰা সাৰি নগ’ল প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ এইবাৰ চাইবাৰ অপৰাধীয়ে লক্ষ্য কৰি লৈছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক ৷ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানৰ ফেচবুক প্ৰফাইল নকল কৰি প্ৰৱঞ্চকে বিভিন্নজনলৈ পঠাইছে ফ্ৰেইণ্ড ৰিকুৱেষ্ট ৷ এই কথা ফেচবুকৰ জৰিয়তে সদৰী কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ৷

তেওঁ এই কথা উল্লেখ কৰি লিখিছে, "মোৰ প্ৰফাইলটো নকল কৰি প্ৰবঞ্চকে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে ৷ মোৰ বন্ধু তালিকাত থকা লোকক এনেকুৱা ঠগ প্ৰবঞ্চকে বস্তু বিক্ৰী কৰিব বুলি আগতীয়াকৈ ধন বিচাৰে ৷ তাৰপাচত সেই নাম্বাৰত ফোন নালাগে ৷ সদাশয়সকলক ফেচবুকত ফেক প্ৰফাইল বুলি ৰিপ’ৰ্ট কৰি দিবলৈ অনুৰোধ জনালো ৷"

লগতে পঢ়ক: আপোনাৰ ফোনটো হেক হোৱাৰ পৰা কেনেকৈ বচাই ৰাখিব ? - how to protect mobile phone

উল্লেখ্য যে, পূৰ্বতেও অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ফেচবুক একাউণ্ট হেক কৰিছিল চাইবাৰ অপৰাধীয়ে ৷ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ ফেচবুক একাউণ্ট হেক কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এছ পি ৰ’জী কলিতাৰ নামত ভুৱা একাউণ্ট খোলাৰ উপৰিও হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নামতো ভুৱা একাউণ্ট খুলিছিল দুষ্টচক্ৰই ৷

উচ্চপদস্থ বিষয়াক এতিয়া যেন লক্ষ্য হিচাপে লৈছে চাইবাৰ অপৰাধীয়ে ৷ উচ্চপদস্থ বিষয়া বা সমাজত প্ৰতিষ্ঠিত ব্যক্তিৰ ফটো, নাম ব্যৱহাৰ কৰি ফেচবুকত একাউণ্ট খুলি চাইবাৰ অপৰাধীয়ে বিভিন্ন লোকলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ায় ৷

লগতে পঢ়ক: হেকাৰৰ কবলত বিদুৰভাইৰ ইউ টিউব চেনেল - Bidurbhai YouTube channel hacked

কোনোৱে আকৌ বিভিন্ন ঘৰুৱা সামগ্ৰী বিক্ৰী কৰিম বুলিও জনাই বা কেতিয়াবা টকাৰ অসুবিধা হোৱা বুলিও বিচাৰে নগদ ধন ৷ কিন্তু এনে চাইবাৰ অপৰাধীক কৰায়ত্ত কৰাতহে অসম আৰক্ষী ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: এইবাৰ হেকাৰৰ চকু বিধায়ক দিগন্ত বৰ্মনৰ ওপৰত: অশালীন ভিডিঅ’ আপলোডৰ অভিযোগ - Diganta Barman FB page hack

Last Updated : Jun 24, 2024, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.