দেৰগাঁও, 10 এপ্ৰিল: পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে গোলাঘাটৰ দেৰগাঁও অঞ্চল । বুধবাৰৰ পুৱাই দেৰগাঁৱৰ ৰঙামাটিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাটোত বহুকেইগৰাকী যাত্ৰী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন ৷ নৈশ বাছখনৰ পঞ্জীয়ন নম্বৰ AS 01 KC5227 ৷ দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপত পথৰ কাষৰ দ’ পথাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল নৈশ বাছখন । ফলত গুৰুতৰভাৱে আহত হয় বাছখনৰ বহুসংখ্যক যাত্ৰী ৷
- " class="align-text-top noRightClick twitterSection" data="">
ৰঙামাটি অঞ্চলৰ স্থানীয় ৰাইজৰ তৎপৰতাত দেৰগাঁও আৰক্ষীয়ে আহত সকলো যাত্ৰীকে প্ৰথমে দেৰগাঁও সামূহিক চিকিৎসালয় আৰু পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে প্ৰায় 50 জন যাত্ৰী কঢ়িয়াই গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা নৈশ বাছখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ ইয়াৰ ফলত বাছখনত থকা প্ৰতিগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ছয়জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ।
উল্লেখ কৰা প্ৰয়োজন যে, দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰমান্বয়ে মৃত্যুদূতলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে । প্ৰতিদিনেই এই ৰাষ্ট্ৰীয় পথটোত সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনা । ইয়াৰ পূৰ্বে 3 জানুৱাৰীত দেৰগাঁওৰ বালিজানত সংঘটিত হৈছিল সমগ্ৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, য’ত থিতাতে নিহত হৈছিল শিশুসহ 12 জনকৈ লোক আৰু আহত হৈছিল ভালেসংখ্যক লোক । গোলাঘাটৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এখন কয়লা ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হৈছিল উক্ত পথ দুৰ্ঘটনাটো ।
লগতে পঢ়ক: পথেৰে গৈ থাকোতেই তীব্ৰবেগী বাহনে মহতিয়ালে দুগৰাকী নাৰ্ছক