ETV Bharat / state

গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা 'নিয়া'ক হস্তান্তৰ কৰা হ'ব : জি পি সিং - ULFA I BOMB PLANS

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 6:27 PM IST

DGP GP Singh : ৰাজ্য়ত বোমা উদ্ধাৰৰ ঘটনাক লৈ ৰাজ্যত মুঠ ১০ টকা গোচৰ ৰুজু কৰা বুলি মন্তব্য় কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । শিৱসাগৰৰ বোমা উদ্ধাৰ ঘটনাৰো অগ্ৰগতি লাভ কৰিছে আৰক্ষীয়ে ।

DGP GP Singh
গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা 'নিয়া'ক হস্তান্তৰ কৰা হ'ব : জি পি সিং (ETV Bharat)

গুৱাহাটী,২০ আগষ্ট: " অসমৰ আইন শৃংখলা কোনোপধ্যে বিঘ্নিত হ'ব নিদিও । কোনোবাই বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।" এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । মঙলবাৰে সঞ্চালক প্ৰধান জি পি সিঙে ১৫ আগষ্টত আলফা স্বাধীনে বোমা সংস্থাপন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়,"১৫ আগষ্টৰ বোমা উদ্ধাৰক লৈ এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৪ জনক আটক কৰা হৈছে । তাৰ মাজত এজনে বোমা স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছে । শিৱসাগৰৰ বোমা উদ্ধাৰ ঘটনাৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰক্ষীয়ে । গুৱাহাটী আৰু লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা এন আই এৰ হাতত হস্তান্তৰ কৰা হ'ব । বোমা উদ্ধাৰৰ ঘটনাক লৈ ৰাজ্যত মুঠ ১০ টকা গোচৰ ৰুজু কৰা হৈছে ।"

উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনাই আলফা স্বাধীনে এক বিবৃতিযোগে সমগ্র ৰাজ্যকে ধৰি গুৱাহাটীত ২৫টা বোমা সংস্থাপনৰ কথা উল্লেখ কৰাৰ পিছতেই অসম আৰক্ষীত হাহাকাৰৰ সৃষ্টি কৰিছিল । নিষিদ্ধ ঘোষিত সংগঠনটোৱে দাবী কৰা মতে,ৰাজ্যৰ প্ৰায় ২৫টা স্থানত বোমা সংস্থাপন কৰা হৈছিল । তাৰ পিছতে আৰক্ষীয়ে বোমা সংস্থাপিত স্থানত অভিযান আৰম্ভ কৰে । গুৱাহাটীৰ ৮টা স্থানত বোমা সংস্থাপন কৰাৰ কথাও দাবী কৰিছিল আলফা স্বাধীনে।

আলফা স্বাধীনৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ :

বোমাৰ আতংকৰ মাজতে গুৱাহাটীত আলফা স্বাধীনৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান চলায় । এই অভিযানত আলফা স্বাধীনৰ লগত জড়িত থকাৰ সন্দেহত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জালুকবাৰী আৰক্ষীৰ জালত পৰা ধৃত যুৱকজন হৈছে পৱন দৰ্জী । জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই বশিষ্ঠৰ পৰা গ্ৰেপ্তাৰ কৰে পৱন দৰ্জীক । পৱন দৰ্জীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:অসমত সুৰক্ষা বিঘ্নিত কৰিবলৈ দিয়া কাকোৱেই নহ’ব: এছ ডিজিপি হৰমীত সিং - Assam Special DGP review meeting

আলফা স্বাধীনৰ বোমা সংস্থাপনৰ তদন্ত: সত্ৰাধিকাৰক থানালৈ কিয় নিলে আৰক্ষীয়ে ? - ULFA I BOMB PLANS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.