ETV Bharat / state

নতুন‌ ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে গুৱাহাটী আই‌আইটিৰ অভিনৱ উদ্ভাৱন - 3D Printed Dummy Ballot Unit

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 9:19 AM IST

3D Printed Dummy Ballot Unit : দেশত এতিয়াও এনে লোক আছে যি ইভিএমৰ সৈতে পৰিচিত নহয় । ইভিএমৰ জৰিয়তে কেনেকৈ ভোটদান কৰিব লাগে নাজানে । সেইসকলৰ সুবিধাৰ্থে আইআইটি গুৱাহাটীয়ে নিৰ্মাণ কৰিছে এক বিশেষ পুতলা থ্ৰী ডি বেলট মেছিন ।

3D Printed Dummy Ballot Unit
নতুন‌ ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে গুৱাহাটী আই‌আইটিৰ অভিনৱ উদ্ভাৱন

গুৱাহাটী, ২২ এপ্ৰিল : দেশত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । যাক লৈ দেশজুৰি নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰাখিছে । ভোটৰক আকৰ্ষণ কৰাৰো বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে নিৰ্বাচন আয়োগ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ।

ইফালে কোনো দিনে ভোটদান‌ নকৰা বা প্ৰথমবাৰ ভোটদান কৰা ভোটাৰসকলৰ ভোটদান কৰাৰ‌ সময়ত যেনেদৰে এক উৎসুকতা থাকে ৷ ঠিক সেইদৰে মনত কিছু শংকাও থাকে । তেওঁলোকে কোনো ভোটৰ মেছিন দেখা নাই বা ভোটৰ মেছিনৰ বুটাম টিপি পোৱা নাই । তেনে ক্ষেত্ৰত ভোটদানৰ সময়ত নতুন ভোটাৰসকলে ভোটৰ মেছিনত বুটাম টিপি ভোটদান কৰাৰ সময়ত বিভিন্ন সমস্যাত পৰে ।

নতুন ভোটাৰসকলক এনেবোৰ অসুবিধা আৰু শংকামুক্ত কৰাৰ বাবে গুৱাহাটী আইআইটিয়ে নিৰ্মাণ কৰি কৰি উলিয়াইছে এক বিশেষ পুতলা থ্ৰী ডি বেলট মেছিন (Dummy ballot unit) । কামৰূপ জিলা‌ নিৰ্বাচন বিষয়াৰ‌ কাৰ্যালয়ৰ সহযোগত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ভোটাৰ‌ মেছিন প্ৰস্তুত কৰি উলিয়াইছে আইআইটি গুৱাহাটীয়ে ।

পৰিশোধন কৰিব পৰা প্লাষ্টিকেৰে নিৰ্মাণ কৰা পুতলা থ্ৰী ডি বেলট মেছিনটোৰ আকৃতি ম'বাইল ফোনৰ দৰে । সেইটো প্ৰকৃত ভোটিং মেছিনৰ দৰে তৈয়াৰ কৰা‌‌ হৈছে যদিও প্ৰতীকৰূপে প্ৰাৰ্থীৰ নাম, প্ৰতীক আদি অংকিত কৰিছে । ইয়াত নিৰ্দিষ্ট বুটাম আৰু লাইট আছে । প্ৰকৃত ভোটিং মেছিনৰ দৰে পুতলা থ্ৰী ডি বেলট মেছিনটোত বুটাম টিপিলে এক শব্দ কৰি ৰঙা‌ লাইটো জ্বলে ।

এই সন্দৰ্ভত কামৰূপ জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰসকলক শিক্ষিত কৰা আৰু সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই প্ৰচেষ্টা লোৱা‌ হৈছে । ভাৰতত প্ৰথমবাৰৰ বাবে কৰা এই উদ্ভাৱনীমূলক প্ৰকল্পটোৱে ভোটাৰসকলক, বিশেষকৈ প্ৰথমবাৰৰ ভোটদাতাসকলক ডামি বেলট ইউনিটটো শাৰীৰিকভাৱে পৰীক্ষা কৰি ভোটদান প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰাৰ চেষ্টা কৰিছে ।

তেওঁ কয় যে দূৰৱৰ্তী অঞ্চলসমূহত, য'ত ভোটাৰসকলে ভিত্তিহীন ভয়ৰ বিভিন্ন কাৰণত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰিবলৈ দ্বিধাবোধ কৰে ৷ এই ইউনিটসমূহৰ সৈতে এই পৰিচয়মূলক কাৰ্যকলাপে ভোটাৰৰ আস্থা আৰু অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ফলপ্ৰসূ শৈক্ষিক সঁজুলি হিচাপে কাম কৰিব ।

কামৰূপ জিলাৰ সৈতে আইআইটি গুৱাহাটীৰ সহযোগিতাৰ পদক্ষেপৰ প্ৰশংসা কৰি আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ৰাজীৱ আহুজাই কয় যে এই প্ৰকল্পটোৱে ৰাষ্ট্ৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে ব্যৱহাৰকাৰীসকলক পৰিচিত কৰিবলৈ এক শৈক্ষিক ইলেক্ট্ৰনিক ভোটিং মেচিন প্ৰস্তুত কৰাৰ বাবে উৎসাহিত কৰিছে ।

লগতে পঢ়ক :কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই : সাংসদ নৱ কুমাৰ শৰণীয়া - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.