ETV Bharat / state

মুছলিম বিশেষ বিবাহ-বিচ্ছেদ আইন নিষিদ্ধ : দুমাহৰ ভিতৰত ৰাজ্য চৰকাৰে দিব লাগিব শপতনামা - Gauhati HC orders to Assam Govt - GAUHATI HC ORDERS TO ASSAM GOVT

Muslim Special Marriage Act: মুছলিম বিশেষ বিবাহ আৰু বিচ্ছেদ আইন নিষিদ্ধ সন্দৰ্ভত উত্তৰ বিচাৰি অসম চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । সদৌ অসম কাজি সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক লেখ আৱেদনৰ ভিত্তিত এই নিৰ্দেশ আদালতৰ ।

Gauhati HC orders to Assam Govt
Muslim Special Marriage Act
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 7:14 PM IST

ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ২৪ এপ্ৰিল: মুছলিম বিশেষ বিবাহ আৰু বিচ্ছেদ আইন নিষিদ্ধকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী । ২৪ জুনৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা । বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী । মুছলিম বিশেষ বিবাহ বিচ্ছেদ আইন নিষিদ্ধ কৰিছিল ৰাজ্য চৰকাৰে ।

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰিছিল আইনখনৰ নিষিদ্ধকৰণৰ সিদ্ধান্ত । বাতিল কৰা হৈছিল কাজীসকলৰ অনুজ্ঞাপত্ৰ । ইয়াৰ বিৰুদ্ধে সদৌ অসম কাজি সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল এক লেখ আৱেদন । এই আৱেদনৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়লয়ে জাননী ৰাজ্য চৰকাৰলৈ । দুমাহৰ ভিতৰত এই সম্পৰ্কে ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা ।

উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটে আসাম মুছলিম মেৰিজ এণ্ড ডাইভোৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ খাৰিজ কৰা হৈছিল । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই এক্টৰ যোগেদি মুছলিম বিবাহৰ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ নহ'ব । আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ৰ নিয়ন্ত্ৰণ জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কে ল'ব ।

কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচতে মুছলমান সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মুছলিম বিবাহ আৰু বিচ্ছেদ আইন প্ৰত্যাহাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশই কেবিনেটৰ সিদ্ধান্তক একপক্ষীয় আখ্যা দিছিল ।

উল্লেখ্য যে অসম চৰকাৰে বিধানসভাত এই আইন নিষিদ্ধকৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰাৰ লগে লগে বিৰোধী বহু মুছলমান নেতাই ইয়াৰ বিৰোধিতা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত তীব্ৰ যুক্তি দি উল্লেখ কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈকে মুছলমান বিবাহ আইনৰ অধীনত এনে বিবাহ হ'বলৈ নিদিয়ে ।

লগতে পঢ়ক: প্ৰেম-প্ৰতাৰণা-প্ৰতিশোধ : চেষ্টা বিফল, প্ৰেমিক হ’লগৈ আনৰ স্বামী - Ballia Acid Attack

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.