ETV Bharat / state

ৰঙৰ উৎসৱত মতলীয়া হৈ গুৱাহাটীৰ সুৰাপায়ীয়ে দুদিনত গিলিলে ১১ কোটি টকাৰ সুৰা - Liquor Sale in Guwahati - LIQUOR SALE IN GUWAHATI

Liquor Sale During Holi : ফাকুৱাৰ দুটা দিনত গুৱাহাটী মহানগৰীত 11 কোটি 8 লাখ টকাৰ অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী ৷ পূৰ্বৰ অভিলেখ ভংগ কৰি এইবাৰ সুৰাপায়ীয়ে গঢ়িলে আন এক অভিলেখ ৷

Liquor Sale During Holi
ফাকুৱাৰ দুটা দিনত গুৱাহাটীত 11 কোটিৰ সুৰা বিক্ৰী
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 10:15 PM IST

গুৱাহাটী, 27 মাৰ্চ : বিগত দুটা দিন ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা অৰ্থাৎ হোলী ৷ ৰঙৰ উৎসৱ ফাকুৱাৰ ৰঙীন পৰিৱেশৰ মাজতে সোমবাৰ আৰু মঙলবাৰ এই দুটা দিন পাৰ কৰিলে ৰাজ্যবাসীয়ে ৷ ৰাজ্যবাসী ৰঙৰ উৎসৱত মতলীয়া হৈ পৰাৰ সময়তে ৰাজ্যত বিক্ৰী হ'ল অভিলেখ পৰিমাণৰ সুৰা ৷ একাংশই ৰঙীন পানীয়ৰ সৈতে ৰঙৰ উৎসৱ উদযাপন কৰে ৷ পূৰ্বৰ অভিলেখ ভংগ কৰি এইবাৰ সুৰাপায়ীয়ে গঢ়িলে আন এক অভিলেখ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ফাকুৱাৰ দুটা দিনত কেৱল গুৱাহাটী মহানগৰীতে 11 কোটি 8 লাখ টকাৰ অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হয় ৷ ইয়াৰে সোমবাৰে 6 কোটি টকাৰো অধিক আৰু মঙলবাৰে 4 কোটি টকাৰো অধিক সুৰা বিক্ৰী হয় বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ইফালে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে দুটা দিনত 11 কোটি 8 লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৰাজ্যজুৰি দুটা দিনত বিক্ৰী হয় 18.5 কোটি টকাৰ সুৰা ৷ বিগত বৰ্ষত ফাকুৱাৰ দুটা দিনত ৰাজ্যত বিক্ৰী হৈছিল 10.62 কোটি টকাৰ সুৰা ৷ কিন্তু এইবাৰ কেৱল গুৱাহাটীতে বিক্ৰী হয় 11 কোটি টকাৰ সুৰা ৷

বিগত ফাকুৱাত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দুটা দিনত বিক্ৰী হৈছিল 5.18 কোটি টকাৰ সুৰা ৷ অৰ্থাৎ এইবাৰ গুৱাহাটী মহানগৰীত দুগুণ পৰিমাণৰ সুৰা বিক্ৰী হ'ল ৰঙৰ উৎসৱত ৷ উল্লেখ্য যে উৎসৱ-পাৰ্বন আদিৰ সময়ত ৰাজ্যখনত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাটো নতুন কথা নহয় ৷ বৰং প্ৰত্যেক বছৰে অভিলেখ ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িছে সুৰাপায়ীসকলে ৷ বিশেষকৈ উৎসৱ-পাৰ্বনত গুৱাহাটী মহানগৰী একপ্ৰকাৰে সুৰাৰ বন্যাত উটি-ভাহি যায় ৷ দুৰ্গা পূজা, দীপাৱলী, বিশ্বকৰ্মা পূজা, নৱবৰ্ষ, বিহু, ফাকুৱা আদি বিভিন্ন উৎসৱ-পাৰ্বনত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে ৷

সুৰাৰ এই ব্যাপক চাহিদা বৃদ্ধি ভাল নে বেয়া সেয়া বিচাৰ্যৰ বিষয় ৷ সমাজ ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাটো স্বাভাৱিক যদিও চৰকাৰখনে সুৰাৰ প্ৰচলনত অধিক গুৰুত্ব প্ৰদান কৰাহে পৰিলক্ষিত হৈছে ৷ ইয়াৰ মূলতে হৈছে ৰাজহ সংগ্ৰহ ৷ চৰকাৰখনৰ বাবে ৰাজহ সংগ্ৰহৰ অন্যতম এটা প্ৰধান উৎস হৈছে আবকাৰী ৰাজহ ৷ ৰাজহ সংগ্ৰহৰ বাবেই ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নতুনকৈ আৰু অধিক ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে ৷ ইফালে পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য ৷ মুঠতে আবকাৰী ৰাজহ বৃদ্ধি কৰাৰ বাবে চৰকাৰখনে সুৰা অতি সহজলভ্য কৰাৰ লগতে মূল্যবৃদ্ধি কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যত পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য - Assam Liquor Price Hike

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.