ETV Bharat / state

এটা চিকিৎসা কেন্দ্ৰ আৰু ২৪ হাজাৰৰো অধিক শিশুৰ মুখৰ হাঁহি - Mission smile

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:45 PM IST

Mission smile: গুৱাহাটীৰ এটা চিকিৎসা কেন্দ্ৰৰ বাবে হাজাৰ হাজাৰ শিশুৱে হাঁহিবলৈ সক্ষম হৈছে । কাৰণ চিকিৎসা কেন্দ্ৰটোৱে এতিয়ালৈ ২৪ হাজাৰৰো অধিক ওঁঠ ফটা শিশুৰ চিকিৎসা কৰিছে ।

Mission smile
এটা চিকিৎসা কেন্দ্ৰ আৰু ২৪ হাজাৰৰো অধিক শিশুৰ মুখৰ হাঁহি (Guwahati Comprehensive Cleft Care Centre)

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : শিশুৰ সৰুৰে পৰা ওঁঠ ফটা সহজে এক নিৰ্মূল নোহাৱা ৰোগ বুলি বহুতৰে ধাৰণা আছিল । কিন্তু এতিয়া এই ভুল ধাৰণা আঁতৰ হৈছে । মিচন স্মাইলে মানুহৰ মাজৰ পৰা এই ভ্ৰান্ত ধাৰণা নোহোৱা কৰিছে । গুৱাহাটীৰ মহেন্দ্ৰ মোহন চোধুৰী হাস্পতালত থকা মিচন স্মাইলৰ গুৱাহাটী কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰত উত্তৰ পূৰ্বাঞ্চলৰ বহুত এনে ওঁঠ ফটা শিশুৰ চিকিৎসা কৰা হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই একমাত্ৰ চিকিৎসা কেন্দ্ৰ য'ত এইধৰণৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয় ।

এটা চিকিৎসা কেন্দ্ৰ আৰু ২৪ হাজাৰৰো অধিক শিশুৰ মুখৰ হাঁহি (ETV Bharat)

১৪ বছৰত ২৪,৭০০ টা ওঁঠ ফটা শিশুৰ চিকিৎসা :

২০০৯ চনতে অসম চৰকাৰ আৰু 'স্মাইল ইণ্ডিয়া'ৰ সৈতে সম্পাদিত হোৱা এক চুক্তিৰ ভিত্তিত ওঁঠ ফটা চিকিৎসাৰ বাবে এক পূৰ্ণ পৰ্যায়ৰ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চোধুৰী হাস্পতালত স্থাপন কৰা হৈছিল । পৰৱৰ্তী সময়ত গুৱাহাটীৰ মহেন্দ্ৰ মোহন চোধুৰী হাস্পতালত নতুনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পিছত এইখন ওচৰতে স্থানান্তৰ কৰা হৈছে । এই চিকিৎসা কেন্দ্ৰটোত এতিয়ালৈ অৰ্থাৎ ২০০৯ চনৰ পৰা এতিয়ালৈকে ২৪,৭০০ টা ওঁঠ ফটা শিশুৰ চিকিৎসা সম্পন্ন কৰা হৈছে ।

চিকিৎসা সেৱাৰ আওঁতাৰ বাহিৰত আছে অসমৰ ২,৫০০ টা ওঁঠ আৰু তালু ফটা লোক :

গুৱাহাটী কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰৰ অধ্যয়ন অনুসৰি অসমত এতিয়াও ২,৫০০ টা ওঁঠ আৰু তালু ফটা লোক চিকিৎসা সেৱাৰ আওঁতাৰ বাহিৰত আছে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মেঘালয়ত ১,০০০ টা, ত্ৰিপুৰাত ১০০০ টা, নাগালেণ্ডত ১০০০ টা, অৰুণাচল প্ৰদেশত ১০০০ টা আৰু ছিকিমত ৫০০ টা ওঁঠ আৰু তালু ফটা শিশু চিকিৎসা সোৱাৰ আওঁতাৰ বাহিৰত আছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বত প্ৰতি ৭০০ টা শিশুৰ ভিতৰত এটা ওঁঠ ফটা শিশুৰ জন্ম হয় ।

ভাৰতত প্ৰতি ঘণ্টাত ৩ টাকৈ ওঁঠ ফটা শিশুৰ জন্ম :

ইণ্ডিয়ান ছ'চায়িটি অৱ পেড'ডনটিকচ্ এণ্ড প্ৰিভেনটিভ ডেনটিষ্ট্ৰি-ৰ তথ্য অনুসৰি আমাৰ দেশত প্ৰতি ঘণ্টাত ৩ টাকৈ ওঁঠ ফটা শিশুৱে জন্ম লাভ কৰে । এই শাৰীৰিক বিসংগতি দেখা দিয়া শিশুটোৰ মনত খং আৰু দুখবোধৰ জন্ম হয় । সমাজৰ পৰা অৱহেলিত হয় । স্বাভাবিক জীৱন ধাৰণত বাধাৰ সৃ্ষ্টি কৰে । বিশেষজ্ঞসকলৰ মতে ওঁঠ ফটাটো সংক্ৰামক ৰোগ নহয়, কিন্তু এই শাৰীৰিক বিসংগতিয়ে শৰীৰৰ মুখমণ্ডলত, বিশেষকৈ চকু, কাণ, নাক, কপালৰ ক্ষতিসাধন কৰে । স্পষ্টভাৱে কথা ক'ব নোৱাৰে । খাদ্য গ্ৰহণত অসুবিধা হয় ।

কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰৰ চিকিৎসা সঞ্চালক ডাঃ হিতেশ্বৰ শৰ্মাৰ মতে, জন্মতে দেখা দিয়া এইধৰণৰ শাৰীৰিক বিসংগতিৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । এই সৰ্ম্পকে এতিয়াও গৱেষণা অব্যাহত আছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বত ১৯৯০ চনত ৭,৬০০ গৰাকী ওঁঠ ফটা লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৩ চনত ৩,৩৩০ গৰাকী ওঁঠ ফটালোকে শাৰীৰিক বিসংগতিৰ বাবে মৃত্যুবৰণ কৰিছে ।

ওঁঠ ফটা লোকৰ চিকিৎসা :

৮০ৰ দশকৰ পৰা প্ৰণালীবদ্ধভাৱে ওঁঠ ফটা লোকৰ চিকিৎসা আৰম্ভ কৰা হয় । প্ৰথম পৰ্যায়ত এই চিকিৎসা আমেৰিকাতে সীমাবদ্ধ হৈ আছিল যদিও পিচত অন্যান্য দেশলৈ সম্প্ৰসাৰিত হয় । আমাৰ দেশত কৰ্ণাটকত ২০০২ চনত 'অপাৰেচন স্মাইল' নামৰ এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাই পোন প্ৰথমবাৰৰ বাবে এই চিকিৎসা আৰম্ভ কৰে । পৰ্যায় ক্ৰমে ২০০৩ চনত দিল্লীত আৰু ২০০৯ চনত অসমত স্মাইল ইণ্ডিয়াই ওঁঠ ফটালোকৰ চিকিৎসা আৰম্ভ কৰে । ২০০৮ চনলৈ দেশত ওঁঠ ফটা চিকিৎসা সেৱাই বৰ বেছি প্ৰচাৰ লাভ কৰা নাছিল ।

ওঁঠ ফটা চিকিৎসাৰ ওপৰত বিশিষ্ট চিত্ৰ পৰিচালক মেগান মিলানে পৰিচালনা কৰা 'স্মাইল পিংকী' নামৰ তথ্যচিত্ৰখনে ২০০৯ চনত অস্কাৰ সন্মান লাভ কৰাৰ পিচৰে পৰা আমাৰ দেশত ওঁঠ ফটা চিকিৎসাৰ এক চিকিৎসাৰ এক জাগৰণৰ সূচনা হয় । এই তথ্যচিত্ৰখনত ভাৰতৰ এখন ভিতৰুৱা গাঁৱৰ দুখীয়া পৰিয়াল এটি শিশুৰ ওঁঠ ফটাৰ চিকিৎসাৰ কাহিনী দাঙি ধৰা হৈছিল । এই তথ্য চিত্ৰখনে দেশত সজাগতা সৃষ্টি কৰাত সফল হৈছিল ।

ডাঃ হিতেশ্বৰ শৰ্মাই কয় যে কেন্দ্ৰত ওঁঠ আৰু তালু ফটা দুয়োধৰণৰ চিকিৎসা কৰা হয় । ফটা তালুৰ চিকিৎসাৰ বাবে ৰোগীজনৰ নূন্যতম বয়স এবছৰ হ'ব লাগিব । আনহাতে ফটা ওঁঠৰ চিকিৎসাৰ বাবে ৰোগীজনৰ নূন্যতম বয়স ৬ মাহ হ'ব লাগিব । ওঁঠ আৰু তালু ফটা দুয়োধৰণৰ চিকিৎসাৰ অস্ত্ৰোপচাৰ কৰাৰ বাবে ৰোগী অৰ্থাৎ শিশুজনৰ নূন্যতম ওজন ৬ কিলোগ্ৰাম হোৱা প্ৰয়োজন ।

চিকিৎসাৰ বাবে আইল ইণ্ডিয়া, দুলীয়াজানৰ আৰ্থিক সহায় :

গুৱাহাটীৰ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰৰ মুখ্য পৰিচালক দীপুল মালাকাৰে জনায় যে শেহতীয়াভাৱে আইল ইণ্ডিয়া, দুলীয়াজানৰ পৰা পোৱা আৰ্থিক সাহায্যৰে অসমৰ তথা উত্তৰ-পূবৰ ২০০ শিশুক এই চিকিৎসা আৰম্ভ কৰা হ'ব এই সন্দৰ্ভত এখন বুজাবুজি চুক্তি সম্পাদন কৰা হৈছে । তেওঁ জানিবলৈ দিয়ে যে, ইণ্ডিয়ান অইল কৰপোৰেছনৰ দৰে আন ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সঁহাৰি পালে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়াও চিকিৎসা সেৱাৰ আওঁতাৰ বাহিৰত থকা ওঁঠ আৰু তালু ফটা লোকৰ চিকিৎসা সম্পূৰ্ণ কৰাৰ চিন্তা কৰা হৈছে ।

গুৱাহাটীৰ কম্প্ৰিহেনছিভ ক্লেফ্ট কেয়াৰ চেণ্টাৰৰ মুখ্য পৰিচালক দীপুল মালাকাৰে কয় যে ওঁঠ ফটা লোকৰ বিনামূলীয়াকৈ চিকিৎসা সম্পন্ন কৰি অহা এই চেণ্টাৰটোৱে ৰোগীৰ যাতায়াত, থকা-খোৱা সকলো খৰচ বহন কৰে । এনেধৰণৰ ৰোগী বিচাৰি অনাৰ কামো চেণ্টাৰটোৱে কৰে । এজন ওঁঠ ফটা লোকৰ চিকিৎসা সম্পন্ন কৰাৰ বাবদ ৩৫,০০০ টকা খৰচ হয় । ইয়াৰে ৰাজ্য চৰকাৰে আধা খৰচ ব্যয় কৰে । বাকী ধন বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হয় ।

লগতে পঢ়ক :ব্ৰইলাৰ মাংস বুলি কুমজেলেকুৱাকে চেলেকিলে শিক্ষাৰ্থীয়ে - Mid day meal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.