ETV Bharat / state

মুছলপুৰত চৰকাৰী কামৰ খতিয়ান ল’লে ৰাজ্যপাল কাটাৰিয়াই - Governor Gulab Chand Kataria

Governor Gulab Chand Kataria: বাক্সাৰ মুছলপুৰত বিভিন্ন চৰকাৰী বিভাগৰ কামৰ খতিয়ান ল’লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৷ বুধবাৰে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন বিভাগৰ মুৰব্বী আৰু নিৰাপত্তা সংস্থাৰ মুৰব্বীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত ভাগ লয় ৰাজ্য়পালে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 9:07 PM IST

Governor Gulab Chand Kataria
বাক্সাত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই (ETV Bharat Assam)

বাক্সা, ২৪ জুলাই: বাক্সা জিলাৰ মুছলপুৰ জিলা আয়ুক্তৰ সভাকক্ষত বুধবাৰে জিলাখনৰ কেবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ লগত বৈঠকত মিলিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । জিলাখনৰ চৰকাৰী বিভাগৰ মুৰব্বীৰ পৰা উন্নয়ন, সুবিধা-অসুবিধা আৰু কেন্দ্ৰীয় আঁচনিৰ বুজ লয় ৰাজ্যপাল কাটাৰিয়াই । বৈঠকৰ পাচত ৰাজ্যপালে সাংবাদিকৰ আগত বৈঠকৰ আলোচনাৰ বিষয়ে মন্তব্য কৰে ।

ৰাজ্যপালে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন বিভাগৰ মুৰব্বী আৰু নিৰাপত্তা সংস্থাৰ মুৰব্বীসকলৰ লগত এই বৈঠকত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ ৰাজ্যখনৰ স্বাস্থ্য আৰু শিক্ষাখণ্ড পূৰ্বতকৈ উন্নতি হোৱাৰ কথা সদৰী কৰে । ইয়াৰ লগতে জল জীৱন মিচন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ কাম চলি থকাৰ কথা উল্লেখ কৰি আঁচনিসমূহ সফল ৰূপায়ন হোৱা বুলি মন্তব্য কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।

লগতে পঢ়ক: ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল কাটাৰীয়াৰ - Assam Flood 2024

এই পৰ্যালোচনা সভাত বাক্সা জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে জিলা আয়ুক্ত, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি টি আৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি বহুকেইগৰাকী বিষয়া উপস্থিত থাকে । পৰ্যালোচনা বৈঠকৰ পাচত ৰাজ্যপাল কাটাৰিয়াই মুছলপুৰত থকা ৰবি বড়ো অসামৰিক চিকিৎসালয়খন পৰ্যবেক্ষণ কৰাৰ লগতে চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ বুজ লয় ৷ চিকিৎসালয়ৰ ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয় ৰাজ্যপাল কাটাৰিয়াই ৷

ইয়াৰ পিচতেই ৰাজ্যপাল কাটাৰিয়াই অদালবাৰীত থকা নৱোদয় স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে ৷ তাৰ পাচত সন্ধিয়া পাঁচ বজাত তেওঁ বৰমাস্থিত শ্ৰীগণেশ ফুড ইণ্ডাষ্ট্ৰী পৰিদৰ্শন কৰে ৷ সন্ধিয়া বৰপেটালৈ ৰাওনা হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷

লগতে পঢ়ক: প্ৰতিগৰাকী বিধায়কক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আহ্বান ৰাজ্যপালৰ - Governor Gulab Chand Kataria

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.