ETV Bharat / state

বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ নতুন চিন্তা-চৰ্চা - MINISTER RANOJ PEGU

উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুলৰ ধনৰাশি বুধবাৰে মুকলি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । য'ত মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।

Minister Ranoj Pegu
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ নতুন চিন্তা-চৰ্চা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 6:35 PM IST

গুৱাহাটী : বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নতুন চিন্তা-চৰ্চা আৰম্ভ কৰিছে । অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদিয়ে । অৱশ্যে এইক্ষেত্ৰত শিক্ষা বিভাগে নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰি কৰে ।‌

চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত নতুন চিন্তা-চৰ্চা

গুৱাহাটীত বুধবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়,"ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়বোৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি দিয়াৰ দায়িত্ব বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক দিয়া হ'ব । তেওঁলোকে 'Outsourcing' কৰি ল'ব । আমি তেওঁলোকক ধন আগবঢ়াম ।" তেওঁ লগতে কয়, "অসমত প্ৰায় ৫০ হাজাৰ বিদ্যালয় আছে । যিবিলাক বিদ্যালয় আৰু মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰয়োজন তেওঁলোকে নিজে আউটচৰ্ছিং কৰিব নে চৰকাৰৰ পৰা ল'ব সেয়া মতামত দিয়াৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে ।"

বিনামূলীয়া নামভৰ্তিৰ মাচুলৰ ধনৰাশি মুকলি

উল্লেখ্য যে দিছপুৰৰ জনতা ভৱনত বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুলৰ ধনৰাশি মুকলি কৰে । বিনামূলীয়া নামভৰ্তিৰ বাবদ ১৮ কোটি টকা মুকলি কৰে ৰাজ্য চৰকাৰে । বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ ডিবিটিযোগে হস্তান্তৰ কৰা হয় এই ধনৰাশি । এই কথা সদৰি কৰি ডাঃ ৰণোজ পেগুৱে কয়, "১১৪৫ খন উচ্চতৰ মাধ্যমিকৰ ২ লাখ ৫০ হাজাৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুলৰ বাবদ চৰকাৰে ১৮ কোটি টকা মোকলাই দিছে ।"

ডিজিটেল ক্লাছ ৰূমৰ কাম সম্পূৰ্ণ

তেওঁ জনাই যে অসমত অহা বছৰ বিদ্যালয়বোৰত চলি থকা ডিজিটেল ক্লাছ ৰূমৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ'ব । যিবোৰ বিদ্যালয়ত ডিজিটেল ক্লাছ ৰূম নাই তাত ক্লাছবোৰত ডিজিটেল সঁজুলিবোৰ যোগান ধৰা হ'ব । তেওঁ ‌লগতে জনাই যে উচ্চতৰ মাধ্যমিকৰ ঐচ্ছিক বিষয়ত সকলো বিদ্যালয়তে শিক্ষক নিযুক্তি দিয়া সম্ভৱ নহয় । যিবোৰ বিদ্যালয়ত একোটা ঐচ্ছিক বিষয়ত ১০ জনতকৈ বেছি ছাত্ৰ-ছাত্ৰী থাকিলে তাত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক :মাজুলীলৈ দলং নিৰ্মাণৰ কাম আকৌ আৰম্ভ হ’ব; সেউজ সংকেত গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.