গুৱাহাটী, 14 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ভাৰত চৰকাৰৰ আৰক্ষীৰ পদকসমূহ ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভাৰত চৰকাৰে আৰক্ষীৰ বিষয়া-জোৱানলৈ সেৱা পদক আগবঢ়াইছে ৷ সেই অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকী বিষয়া-জোৱানে লাভ কৰিছে ভাৰত চৰকাৰৰ পদক ৷ অসম আৰক্ষীৰ কেইবাগৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে আৰক্ষীৰ উৎকৃষ্ট সেৱা পদক ৷
Compliments to all @assampolice , @FnESAssam and Home Guard officers and personnel who have received medals from Government of India on the occasion of Independence Day 2024. @CMOfficeAssam pic.twitter.com/OlnGMHa3Zz
— GP Singh (@gpsinghips) August 14, 2024
অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ মহা-পৰিদৰ্শক ৰত্না সিঙলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পদক ৷ প্ৰতিবছৰৰ দৰে এইবছৰো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ 13 গৰাকী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে বিশেষ পাৰদৰ্শিতাৰ বঁটা ৷ তেওঁলোক হৈছে উপ মহা-পৰিদৰ্শক বিজয় গিৰি কুলিগাম, আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, আৰক্ষী অধীক্ষক সিংহৰাম মিলি, উপ-পৰিদৰ্শক ত্ৰৈলোক্য শৰ্মা, নায়ক বিজু লহকৰ, উপ-পৰিদৰ্শক বিপুল শইকীয়া, নায়ক প্ৰফুল্ল ডেকা, সহকাৰী উপ-পৰিদৰ্শক কামিনী ডেকা, নায়ক শৈলেন কাকতি, পৰিদৰ্শক মনোজ কুমাৰ সিং, নায়ক কান্তা সিংহ আৰু ইনামুল হক ৷
লগতে পঢ়ক : 78 সংখ্যক স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে কোন জিলাত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা - 78th Independence Day
আনহাতে হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰো বহুকেইগৰাকী বিষয়া আৰু জোৱানলৈ সেৱা পদক আগবঢ়োৱা হৈছে ৷ হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ ছিনিয়ৰ ষ্টাফ অফিচাৰ জ্যোতি বৰালৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পদক ৷ সেইদৰে হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ সেৱা পদক লাভ কৰা বিষয়া-জোৱানসকল হৈছে ক্ৰমে লিডিং ফায়াৰমেন তাৰিণী বৰ্মন, গাড়ীচালক দীপক শৰ্মা, গাড়ীচালক মহাদেৱ বড়ো, ছাব অফিচাৰ পুলক ঠাকুৰীয়া, চুবেদাৰ জয়নাল আবেদিন, নায়ক চানচুমা বসুমতাৰী আৰু প্লাটুন কামাণ্ডাৰ ডিম্বেশ্বৰ লাহন ৷ উল্লেখ্য যে পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া-জোৱানসকলক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰস্তুতি: খানাপাৰাত আৰক্ষী-সেনাৰ ১৯ টা প্লাটুনৰ কুচকাৱাজ - INDEPENDENCE DAY 2024