গুৱাহাটী: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি । ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । নিৰ্বাচনৰ বাবে জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰিব নিৰ্বাচন আয়োগে ।
তাৰ পূৰ্বে বিভিন্ন আঁচনিৰে হিতাধিকাৰীক চমক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । এই চমকৰ যোগেদি ডিচেম্বৰ মাহতে ৰাজ্যৰ ১১ লাখতকৈও অধিক হিতাধিকাৰীক প্ৰদান কৰা হ’ব বিভিন্ন চৰকাৰী সা-সুবিধাৰ লগতে নগদ ধন । একপ্ৰকাৰ চলিত মাহত হিতাধিকাৰীৰ মাজত সুখৰ বন্যা বোৱাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰখন ।
জিলা আয়ুক্তসকললৈ বিশেষ নিৰ্দেশনা :
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলক বানপীড়িত লোকসকললৈ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদানৰ তাৰিখ চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আনন্দৰাম বৰুৱা বঁটা, চাইকেল আৰু স্কুটী বিতৰণ, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিৰ অধীনত সাহাৰ্য প্ৰদানৰ বাবে অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছিল ।
আনকি মুখ্যমন্ত্ৰীয়ে সকলো আঁচনিৰ অধীনত লাভ কৰা সাহাৰ্যসমূহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত হিতাধিকাৰীসকলে লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব বুলিও কঠোৰভাৱে সকীয়াই দিছিল । ইয়াৰ পাছতেই এতিয়া জিলা আয়ুক্তসকল ডিচেম্বৰ মাহৰ ভিতৰত সকলো হিতাধিকাৰীকে প্ৰাপ্য সাহাৰ্য তথা সামগ্ৰী প্ৰদানৰ বাবে তৎপৰ হৈ পৰিছে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলা উদ্যমীসকলে যাতে ১০ হাজাৰ টকাকৈ লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দি চলিত ডিচেম্বৰ মাহৰ ভিতৰত আঁচনিখনৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ জিলাৰ আয়ুক্ত সকলক নিৰ্দেশনা প্ৰদান কৰিছে ।
অসম চৰকাৰৰ বিকাশৰ ১২ দিন :
প্ৰায় ৪ লাখ শিক্ষাৰ্থীৰ মাজত নগদ ধন, স্কুটী, চাইকেল বিতৰণেৰে হিমন্ত বিশ্ব শর্মা-নেতৃত্বাধীন ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা আৰম্ভ কৰিলে বিকাশৰ দিন । সন্মূখত থকা বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি চাৰিজন নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ‘টীম' গঠন কৰি ইতিমধ্যে ভাগে ভাগে দায়িত্ব গতাই দিছে ।
চামগুৰিকে ধৰি মুঠ ৫টা সমষ্টিৰ উপ-নিৰ্বাচন অর্থাৎ ছেমি ফাইনেলত বিজেপি মিত্ৰজোঁটে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল । নতুন ৰূপত গঠন কৰা টীমটোক লগত লৈ ২০২৬ৰ ফাইনেলতো জয়লাভ কৰিবলৈ বুধবাৰৰ পৰা ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে বিকাশৰ দিন । বিধানসভা নিৰ্বাচনৰ পূৰ্বে আছে পঞ্চায়ত নিৰ্বাচন । যাৰ বাবে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে বিজেপি চৰকাৰে । বুধবাৰৰ দিনটোৰ পৰাই নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উপকৃত হ'ব পৰাকৈ সামৰি লোৱা হয় প্ৰায় ৪ লাখ শিক্ষার্থীক।
ইতিমধ্যে ১০ লাখ ছাত্ৰীক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ স্তৰত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা দি প্ৰতিমাহে ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ২৫০০ টকাকৈ নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিমাহে বেংক একাউণ্টত ডি বি টিৰজৰিয়তে প্ৰদান কৰি আছে। বুধবাৰৰ পৰা বিকাশৰ দিন আৰম্ভ কৰি পৰৱৰ্তী দিনবোৰত মুখ্যমন্ত্ৰীৰ ‘টীম অসমে’ জিলাই জিলাই এই অনুষ্ঠানৰ জৰিয়তে শিক্ষার্থী তথা অভিভাৱকৰ মাজলৈ যাব। উচ্চতৰমাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ দুঃখবৰ যে তেওঁলোকে আগতকৈ অধিক মেধা প্ৰদৰ্শন কৰিলেহে লাভ কৰিব স্কুটী । কাৰণ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা স্কুটী লাভ কৰিবলৈ ছাত্ৰই লাভ কৰিবলগীয়া নম্বৰ আছিল ৭৫ শতাংশ, ছাত্ৰীয়ে ৬৫ শতাংশ ।
অহা বছৰৰ পৰা ছাত্ৰ বা ছাত্ৰীয়ে ৮০ শতাংশ নম্বৰ পালেহে স্কুটীৰ গৰাকী হ'ব পাৰিব । উল্লেখ্য যে ৰাজ্যৰ ২৭ লাখ মহিলাক ৰাজ্য চৰকাৰে প্ৰতিমাহে ১২৫০ টকাকৈ ডি বি টিৰ দ্বাৰা প্ৰদান কৰি আছে । আনহাতে অহা এক ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ জন্ম দিনটোত ৩৯ লাখ মহিলাক ১০ হাজাৰকৈ টকা আগবঢ়াই ‘লাখপতি বাইদেউ’ আঁচনি মুকলি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে । ইফালে ঋণগ্ৰস্ত ১২.৭১ লাখ মহিলাক ‘ন’ ডিউজ চাৰ্টিফিকেট' বিতৰণ কৰাৰ ফলত ৰাজকোষৰ পৰা ২,৩০৪ কোটি টকা ৰেহাই দিয়া হৈছে । বিধানসভা নিৰ্বাচনলৈ এতিয়াও এবছৰৰো অধিক কাল আছে যদিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টীম অসমক লগত লৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিকাশৰ দিনেৰে চমক দিয়াৰ যাত্ৰা আৰম্ভ কৰিছে । শাসক-বিৰোধী উভয়ে পঞ্চায়ত নিৰ্বাচনক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ চেমিফাইনেল হিচাপে গ্ৰহণ কৰিছে ।
চৰকাৰৰ চমকৰ আগত নিস্তেজ বিৰোধী :
লক্ষণীয় বিষয় যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা এনে সিদ্ধান্তই বিৰোধী দলবোৰক যে শ'লঠেকত পেলাব সেয়া নিশ্চিত হৈ পৰিছে । ইফালে ডিচেম্বৰৰ ভিতৰত এই সকলো আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা ধনৰ বাবে ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰো সিদ্ধান্ত লৈছে । ইতিমধ্যে চলিত মাহৰ প্ৰথম সপ্তাহত ৯০০ কোটি ঋণ লোৱা চৰকাৰখনে এই মাহত আৰু দুই হাজাৰ কোটি ঋণ লোৱাৰ চিন্তা-চৰ্চা কৰিছে । মুঠৰ ওপৰত ভোটৰ অংকত ঋণ লৈ হ'লেও ১১ লাখতকৈও অধিক হিতাধিকাৰীক সন্তুষ্ট কৰাত নামি পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰখন ।
মন কৰিবলগীয়া কথা যে আজিৰ তাৰিখত ৰাজ্য চৰকাৰখনে প্ৰতি মাহে একমাত্ৰ অৰুণোদয় আৰু পেঞ্চনৰ ধনৰ বাবে প্ৰায় ৪০০ কোটি টকা ব্যয় কৰে । ইয়াৰ ফলত উপকৃত হয় মুঠ ৪৩,০৩৪৩২গৰাকী হিতাধিকাৰী । আনহাতে প্ৰতি মাহে ৰাজ্যত চৰকাৰী চাউল লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হৈছে ২,৪৭,৮৭,৪৭৩গৰাকী । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যৰ প্ৰায় ৭০ শতাংশ লোকেই ৰেচনৰ চাউল লাভ কৰা হিতাধিকাৰী । এনে পৰিস্থিতিত বিৰোধী ৰাজনৈতিক দলবোৰে গেৰুৱা দলৰ হিতাধিকাৰী ৰাজনীতি কিদৰে অতিক্ৰম কৰি ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ'ব সেয়া হ'ব লক্ষণীয় ।
লগতে পঢ়ক: স্কুটী-চাইকেল-ধন বিতৰণেৰে আৰম্ভ হ'ল "বিকাশৰ ১২ দিন"