ETV Bharat / state

ধেমাজিত শ্বেত বিপ্লৱেৰে মহিলাসকলৰ বাবে আদৰ্শ দাঙি ধৰিছে গোপা বিশ্বকৰ্মাই

পুৱাই ২৫ কিঃমিঃ অতিক্ৰম কৰি ধেমাজিবাসীক গাখীৰ যোগান ধৰা এগৰাকী মহিলা ৷ গাখীৰ ব্যৱসায়ৰ বাবেই ত্যাগ কৰিছে বিয়া-সবাহ, আত্মীয়-কুটুম্ব ।

Dhemaji woman white revolution
ধেমাজিত শ্বেত বিপ্লৱেৰে মহিলাসকলৰ বাবে আদৰ্শ দাঙি ধৰিছে গোপা বিশ্বকৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 3:43 PM IST

ধেমাজি: আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ মানৱ দেহৰ বাবে গাখীৰৰ প্ৰয়োজনীয়তা সম্পৰ্কত ভাৰতবৰ্ষত সজাগতা সৃষ্টি কৰি শ্বেত বিপ্লৱৰ শুভাৰম্ভ কৰিছিল ড৹ ভাৰ্গিজ কুৰিয়েনে (Dr. Verghese Kurian) ৷ সেয়ে এইগৰাকী মহান ব্যক্তিৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় দুগ্ধ দিৱস হিচাপে পালন কৰা হয় ৷

আনহাতে, ভাৰতত শ্বেত বিপ্লৱ আৰম্ভ কৰা এইগৰাকী লোকক 'ভাৰতত শ্বেত বিপ্লৱৰ জনক' (Father of white Revolution of India) হিচাপেও অভিহিত কৰা হয় ।

ধেমাজিত শ্বেত বিপ্লৱেৰে মহিলাসকলৰ বাবে আদৰ্শ দাঙি ধৰিছে গোপা বিশ্বকৰ্মাই (ETV Bharat Assam)

আজি এই বিশেষ দিনটোত আমি এগৰাকী বিশেষ মহিলাৰ কৰ্মৰ চানেকি দাঙি ধৰিব খুজিছোঁ । এইগৰাকী মহিলায়ো নীৰৱে গঢ়ি তুলিছে শ্বেত বিপ্লৱ । ধেমাজিৰ এইগৰাকী কৰ্মোদ্যমী মহিলাই দুগ্ধ ব্যৱসায়ত নিজকে সম্পূৰ্ণ সমৰ্পণ কৰিছে ।

ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ দিনটোত ধেমাজিৰ মহিলা দুগ্ধ ব্যৱসায়ীগৰাকীৰ মনৰ অনুভৱ জানিবলৈ তেওঁৰ সৈতে কিছু অন্তৰংগ আলাপ কৰা হয় । গোপা বিশ্বকৰ্মা নামৰ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰ অঞ্চলৰ এইগৰাকী আদৰ্শৱান মহিলাই জনোৱা মতে, তেওঁৰ আছে 50 জনীকৈ গাই । নিজৰ ঘৰত উৎপাদিত গাখীৰ সুদূৰ ২৫ কিঃমিঃ বাট অতিক্ৰম কৰি প্ৰতিদিনে পুৱাই ধেমাজি সদৰৰ পাঁচটা খুচুৰা গাখীৰ বিক্ৰেতাক যোগান ধৰে ৷

এইক্ষেত্ৰত মহিলাগৰাকীয়ে কয়, “পুৱা 4/5 বজাৰ পৰা নিশা 7/8 বজালৈকে ব্যস্ত থাকিবলগীয়া হয় ৷ যাৰ বাবে এই ব্যস্ততাপূৰ্ণ সময়ৰ বাবে এৰিবলগীয়া হৈছে বিয়া-সকাম আদি মাংগলিক অনুষ্ঠানৰ লগতে আত্মীয়-কুটুম্বক ।"

উল্লেখ্য যে নিতৌ 25 কিঃমিঃ অতিক্ৰম কৰি গোপাই নিজৰ গাড়ীৰে কঢ়িয়াই আনে গাখীৰভৰ্তি পাত্ৰ ৷ তেনেদৰে তেওঁ প্ৰতিটো গাখীৰ বিক্ৰী কেন্দ্ৰত যোগান ধৰাৰ অন্তত ধেমাজি চাৰিআলিৰ জিলা পশুপালন বিভাগৰ চৌহদত স্থাপন কৰা নিজৰ কেন্দ্ৰত গাখীৰ বিক্ৰী কৰে ৷

ইপিনে গৰমকালি গাখীৰৰ ব্যাপক চাহিদা থকাৰ বিপৰীতে খৰালি সময়ত গাখীৰ বিক্ৰী হ্ৰাস হয় বুলি তেওঁ মন্তব্য কৰে । গাখীৰ ব্যৱসায়ৰ দৰে জটিল ব্যৱসায়টোৰ লগত জড়িত হৈ জিলাখনত শ্বেত বিপ্লৱ আৰম্ভ কৰা গোপা বিশ্বকৰ্মা আন মহিলাসকলৰ বাবে নিঃসন্দেহে এক আদৰ্শ । আজি বিশ্ব দুগ্ধ দিৱসৰ দিনটোত তেওঁলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা যাচিছোঁ অলেখ শুভকামনা ।

লগতে পঢ়ক :বাঁহ আৰু গছৰ গুটিৰে সপোন সাকাৰ: অনন্য কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন কেইগৰাকীমান মহিলাৰ
লগতে পঢ়ক :চৰাইদেউ মৈদামত আহোমৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.