ETV Bharat / state

চিকিৎসা মাচুল বৃদ্ধি সন্দৰ্ভত কি ক'লে জি এম চি এইচৰ অধ্যক্ষই - Gauhati Medical College Hospital

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 6:07 PM IST

Medical charges hike : মূল্যবৃদ্ধিয়ে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মাধমাৰ শোধাবলৈ সাজু হৈছে চৰকাৰ। এইবাৰ ব্যয়বহুল হ'ব ৰাজ্যৰ চৰকাৰী চিকিৎসা সেৱাও । চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে স্বাস্থ্য বিভাগ । অহা পহিলা আগষ্টৰ পৰা চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ সম্ভাৱনা ।

Gauhati Medical College Hospital
ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য (GMCH website)

গুৱাহাটী, ৩০ জুলাই : চিকিৎসা মাচুলৰ নতুন তালিকা স্বাস্থ্য বিভাগে প্ৰস্তুত কৰাৰ পিচতেই লাগিছে হাহাকাৰ । চৰকাৰী চিকিৎসাত ইমান দিনে ন্য়ূনতম মাচুলতেই ৰোগীয়ে সেৱা লাভ কৰি আহিছিল যদিও যোৱা ২৮ জুলাইত স্বাস্থ্য বিভাগে প্ৰকাশ কৰে চিকিৎসা মাচুলৰ নতুন তালিকা । এই তালিকা অনুসৰি ৰোগীৰ পঞ্জীয়ন মাচুলৰ লগতে এক্স-ৰে, এম আৰু আই, চি টি স্কেন,তেজ পৰীক্ষাৰ মাচুল ২০% বৃদ্ধি কৰা হৈছে । এই মাচুল বৃদ্ধিৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ।

ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য (GMCH website)

আমি সিদ্ধান্ত লোৱা নাই :

এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ,"দিছপুৰ পৰা এখন জাননী আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ । কিন্তু এতিয়াও আমি সিদ্ধান্ত লোৱা নাই দাম বৃদ্ধি সম্পৰ্কত । আমাক ঠিক কৰিবলৈ দিছে সকলো নিৰিখ,কিন্তু আমি এতিয়াও ঠিক কৰা নাই । সোনকালে সিদ্ধান্ত লম আৰু সকলো আমি ৰাইজক অৱগত কৰিম সংবাদ মাধ‍্যমৰ যোগেদি ।"

২০০২ চনৰ সেৱা মাচুলেই অব্য়াহত :

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেনে ধৰণৰ মাচুল সংগ্ৰহ কৰি থকা হৈছে এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয়," গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যিটো নিৰিখ সেয়া ২০০২ চনৰ চৰকাৰী নিয়মমতে সেৱা মাচুল লোৱা হয় । সময়ে সময়ে ইয়াৰ সালসলনি হৈ থাকে। কোনটোৰ কিমান দাম হ'ব সেয়া নিৰ্ধাৰণ কৰিব দিছে । প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আহিছে এই নিৰ্দেশনা । এতিয়াও কাৰ্যকৰী কৰা নাই ।"

উল্লেখ্য যে স্বাস্থ্য বিভাগে প্ৰস্তুত কৰা মাচুলৰ নতুন তালিকা অনুসৰি ৰোগীৰ পঞ্জীয়ন মাচুল ২০% বৃদ্ধি কৰিব বিচৰা হৈছে । একেদৰে ২০% বাঢ়িব এক্স-ৰে, এম আৰু আই , চি টি স্কেন ,তেজ পৰীক্ষাৰ মাচুল ।

লগতে পঢ়ক:আজিৰ বজাৰত পাচলি: কৃষকে বেচিছে পানীৰ দৰত, গ্ৰাহকে কিনিছে জুই-ছাই দামত - VEGETABLE PRICE HIKE

নিয়ন্ত্ৰণহীন ৰাজ্যৰ পাচলিৰ বজাৰ : হোৰাহোৰে বাঢ়িছে দাম - price hike in assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.