ETV Bharat / state

অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ

Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতেই প্ৰতিবাদ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 12 minutes ago

Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয় (ETV Bharat Assam)

গুৱাহাট, ৭ অক্টোবৰ: অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ আৱাসীসকলৰ দাবী মানি ল’লে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্য়াহাৰ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । লিখিত নিৰ্দেশনাৰ জৰিয়তে বাতিল কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুয়োটা ছাত্ৰাবাস বন্ধৰ পূৰ্বৰ নিৰ্দেশ ।

উল্লেখ্য যে বিগত ৩০ ছেপ্টেম্বৰত এক নিৰ্দেশনাযোগে ছাত্ৰাবাস দুটা সাময়িকভাৱে বন্ধৰ নিৰ্দেশ দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসলৈ জাননী জাৰি কৰি বন্ধৰ নিৰ্দেশ দিছিল ।

২৪ ঘন্টাৰ ভিতৰত দুয়োটা ছাত্ৰাবাসৰ আৱাসীসকলক ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশ দিয়া হৈছিল জাননীখনত । আন ছাত্ৰাবাসত স্থানান্তৰিত হোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসৰ ছাত্ৰসকলক নিদেৰ্শ দিয়া হৈছিল । ইয়াৰ পিছতেই এই জাননীৰ বিৰুদ্ধে সৰৱ হৈ উঠে ছাত্ৰাবাসৰ আৱাসীসকল । ইয়াকে লৈ বিশ্ববিদ্যালয়ত বিৰাজ কৰি আছিল এক চেপা উত্তেজনা ।

উপাচাৰ্যৰ বাসগৃহ ঘেৰাও

দেওবাৰে নিশা সমগ্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ সহস্ৰাধিক আৱাসীয়ে একগোট হৈ সাব্যস্ত কৰে প্ৰতিবাদ । ঘেৰাও কৰে উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্ত,পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথৰ বাসভৱন । তাৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন পক্ষৰ লগত সোমবাৰে আলোচনা কৰি পূৰ্বৰ নিৰ্দেশনা বাতিল কৰি জাৰি কৰিছে নতুন নিৰ্দেশনা ।‌

কি আছে নতুন নিৰ্দেশনাত

নতুন নিৰ্দেশনা অনুসৰি আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসৰ বিদ্যুৎ আৰু পানী যোগান পুনৰ সংযোগৰ নিৰ্দেশ দিয়া হৈছে ।‌ ছাত্ৰাবাস দুটাত কৰ্মচাৰীসকলক পুনৰ নিয়োগ কৰা হৈছে ।‌ দুয়োটা ছাত্ৰাবাসৰ আৱাসীসকলে পূজাৰ বন্ধৰ পিছত সংশ্লিষ্ট ৱাৰ্ডেনসকলক ছাত্ৰাবাসত নামভৰ্তি আৰু পুনৰ নামভৰ্তিৰ পে-ইন-স্লিপ প্ৰদৰ্শন কৰি সংশ্লিষ্ট ছাত্ৰাবাসত থাকিব পাৰিব ।

ৱাৰ্ডেন আৰু বিভাগসমূহৰ মুৰব্বীৰ মাজত যিকোনো যোগাযোগক ভাবুকি বুলি গণ্য কৰা নহ'ব । ছাত্ৰাবাস দুটাৰ নাম সলনি কৰা হ'ব বুলি কোনো সিদ্ধান্ত লোৱা হোৱা নাই । ইতিমধ্যে ১ অক্টোবৰৰ অধিসূচনাযোগে উপাচাৰ্যৰ দ্বাৰা স্পষ্ট কৰা হৈছিল । শ্ৰেণীসমূহৰ সচিবৰে হোৱা আলোচনা মতে, আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসৰ আৱাসীসকলৰ বয়বস্তুসমূহ সুৰক্ষিতভাৱে ৰাখিবলৈ এই উদ্দেশ্যৰ বাবে নিৰ্ধাৰিত কৰিবলগা স্থানত ৰখাৰ ব্যৱস্থা কৰা হ'ব ।

দোষীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ

আৱাসীসকলে আলোচনা আৰু অনুৰোধ কৰা অনুসৰি নিৰ্বাচনৰ ফলাফলৰ মাজনিশা অপ্ৰীতিকৰ ঘটনাৰ বাবে দোষী সাব্যস্ত হোৱা লোকসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।‌ ছাত্ৰাবাসৰ প্ৰাসংগিক নিয়ম অনুসৰি প্ৰয়োজনীয় মেৰামতি আদিৰ বাবে হোষ্টেলৰ কোঠাবোৰ পৰীক্ষা কৰা হ'ব‌ বুলি জাননীখনত উল্লেখ কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘটনা সন্দৰ্ভত আজি গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়," বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক লৈ সংঘটিত ঘটনাবোৰ আমাৰ বাবে দুৰ্ভাগ্যজনক। শিক্ষাৰ্থীৰ পিতৃ-মাতৃৰ আমাৰ ওপৰত থকা বিশ্বাস ভংগ হ'ব দিব নালাগে । অনুষ্ঠান নাথাকিলে পৰাপক্ষত হোষ্টেলৰ প্ৰাক্তন আৱাসীসকল নোযোৱাই ভাল ।" তেওঁ কয়, "এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল কঠোৰ হ'ব ‌লাগিব । প্ৰাক্তন‌ আৱাসীক অবাধে বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰৱেশত বাধা দিয়াৰ ক্ষেত্ৰত উপাচাৰ্যসকল‌ কঠোৰ হ'ব লাগিব ।‌"

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশক লৈ উত্তেজনা - Gauhati University

উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়, ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত

Last Updated : 12 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.