গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰা এগৰাকী নাবালিকাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে । দলবদ্ধ ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰা তিনিচুকীয়া জিলাৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাক গুৱাহাটী উচ্চ ন্যায়ালয়ে গৰ্ভপাতৰ অনুমতি প্ৰদান কৰিছে ।
উল্লেখ্য যে ৭ জন লোকৰ দ্বাৰা দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল এই নাবালিকাগৰাকী । এই ৭ জন ধৰ্ষণকাৰীৰ ভিতৰত তিনিজনেই আছিল নাবালক । শেহতীয়াকৈ এই ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ লগতে ১৪ বছৰীয়া নাবালিকাগৰাকী ২৩ সপ্তাহৰ গৰ্ভৱতী বুলি চিকিৎসকে নিশ্চিত কৰিছিল । ভুক্তভোগী ১৪ বছৰীয়া নাবালিকাগৰাকীয়ে গৰ্ভধাৰণ কৰাত মাতৃ আৰু সন্তানৰ দুয়োৰে স্বাস্থ্যৰ প্ৰতি অনিশ্চয়তা নামি আহে ।
কিন্তু ভাৰতীয় আইন ব্যৱস্থাই গৰ্ভপাতৰ অনুমতি নিদিয়াত ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়াল চিন্তিত হৈ পৰে । এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাৱে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি শুনানি গ্ৰহণ কৰে ।
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত ভুক্তভোগী নাবালিকাগৰাকীৰ গৃহলৈ আইনী প্ৰতিনিধি প্ৰেৰণ কৰে । আইনী প্ৰতিনিধিয়ে নাবালিকাগৰাকীৰ লগতে অভিভাৱকৰ পৰা মতামত গ্রহণ কৰে । মতামতৰ পিছত ভুক্তভোগী নাবালিকাগৰাকীৰ লগতে অভিভাৱকে গৰ্ভপাতৰ ইচ্ছা ব্যক্ত কৰে ।
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচৰপীঠে যোৱা সোমবাৰে নাবালিকাগৰাকীক গৰ্ভপাতৰ অনুমতিৰ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে । মেডিকেল টার্মিনেচন অব প্রেগনেন্সী এক্ট-১৯৭১ৰ ধাৰা ৩ আৰু ৪ ৰ আধাৰত আৰু উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ ভিত্তিত এই ৰায় প্ৰদান কৰে ।
ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচৰপীঠে তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকাৰীক সকলো দিশ তদাৰকৰ দায়িত্ব দি জিলা শিশু কল্যাণ সমিতিক গৰ্ভপাতৰ বাবে তাৎক্ষণিকভাৱে চিকিৎসক-বিশেষজ্ঞ ব'ৰ্ড গঠনৰ নিৰ্দেশ দিয়ে । মেডিকেল ব’র্ডে তিনিচুকীয়াৰ এখন চৰকাৰী বা বেচৰকাৰী হাস্পতাল বিবেচনা কৰি গৰ্ভপাতৰ সকলো ব্যৱস্থা কৰিব লাগিব । যদি তিনিচুকীয়াত উপযুক্ত হাস্পতাল বিচাৰি নাপায়, তেনেহ'লে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰিব লাগিব ।
আনহাতে, নাবালিকাগৰাকীৰ গৰ্ভপাতৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব বুলিও উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে । এই নিৰ্দেশ কার্যকৰীকৰণৰ সন্দৰ্ভত ১৯ ডিচেম্বৰত ন্যায়ালয়ক প্ৰতিবেদন দাখিল কৰিবলৈকো নিৰ্দেশ দিয়ে । গোচৰটোৰ শুনানিত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ধৰ্ষণৰ ঘটনাটোৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে পক্সো আইনৰ ধাৰাত গোচৰ ৰুজু কৰা বুলি আদালতক অৱগত কৰায় ।